ETV Bharat / state

NRC ক লৈ সাম্প্ৰদায়িক ৰাজনীতি বিজেপিৰঃ গৌৰৱ গগৈ - অমিত শ্বাহ

বিজেপিৰ গাফিলতিৰ বাবে বহু লোকে কাম এৰি, ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় এৰি এতিয়া ন্যায়ালয়লৈ যাব লগা হ'ব । বিজেপিয়ে সাম্প্ৰদায়িক ৰাজনীতি কৰে, NRC ক  লৈ সাম্প্ৰদায়িক ৰাজনীতি কৰিছে বিজেপি চৰকাৰে

NRC ক লৈ সাম্প্ৰদায়িক ৰাজনীতি বিজেপিৰঃ গৌৰৱ গগৈ
author img

By

Published : Sep 18, 2019, 4:28 PM IST

নগাঁও, 18 চেপ্তেম্বৰঃ 'NRC প্ৰক্ৰিয়া জন্ম দিলে কংগ্ৰেছে, কিন্তু পেলনীয়া কৰিলে বিজেপিয়ে' এই মন্তব্য সাংসদ গৌৰৱ গগৈৰ । বটদ্ৰৱা সমষ্টিৰ ঐতিহাসিক গৰখীয়া থানত উপস্থিত হৈ এই মন্তব্য কৰে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে । জাতিৰ দলিল স্বৰূপ NRC ক জন্ম দিছিল কংগ্ৰেছে । কিন্তু বিদেশী সমস্যাৰ সমাধান বিচৰা নাই বিজেপিয়ে । মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি গৌৰৱ গগৈৰ মন্তব্য, হিমন্ত বিশ্ব‌ই এইখন NRC ন'হলেও হ'ল, আমি নতুন NRC কৰিম আদি মন্তব্য কৰি বিসংগতিৰ সৃষ্টি কৰিছে । লগতে কয়, বিজেপিৰ গাফিলতিৰ বাবে বহু লোকে কাম এৰি, ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় এৰি এতিয়া ন্যায়ালয়লৈ যাব লগা হ'ব । বিজেপিয়ে সাম্প্ৰদায়িক ৰাজনীতি কৰে, NRC ক লৈ সাম্প্ৰদায়িক ৰাজনীতি কৰিছে বিজেপি চৰকাৰে ।

NRC ক লৈ সাম্প্ৰদায়িক ৰাজনীতি বিজেপিৰঃ গৌৰৱ গগৈ

আনহাতে, গৃহমন্ত্ৰী অমিত শ্বাহক সমালোচনা কৰি কয় সাংসদ গৰাকীয়ে কয়, আমি গম পালো তেওঁলোকে NRC নিবিচাৰে, NRC ক লৈ যাতে পুনৰ ৰাজনীতি কৰিব পাৰে সেয়া বিজেপিৰ উদ্দেশ্য । অসম চুক্তিত কংগ্ৰেছে চহী কৰিছে, NRC কংগ্ৰেছে কৰিছে, আমিওঁ বিদেশী মুক্ত অসম বিছাৰো । আজি বিজেপিৰ দিনত নিবনুৱা সংস্থাপনৰ কোনো সংকল্প নাই ৷ বুধবাৰে বটদ্ৰৱা সমষ্টিৰ বিভিন্ন ঠাই পৰিদৰ্শন কৰি বিজেপিক এনেদৰে কঠোৰ সমালোচনা কৰাৰ লগতে সাংসদ উন্নয়ন পুঁজি বিতৰণ আৰু চলি থকা কাম কাজৰ বুজ লয় সাংসদ গৌৰৱ গগৈয়ে ।

Intro:'এন আৰ চি পক্ৰিয়া জন্ম দিলে কংগ্ৰেছে, কিন্তু পেলনীয়া কৰিলে বিজেপিয়ে' এই মন্তব্য সাংসদ গৌৰৱ গগৈৰ । বটদ্ৰৱা সমষ্টিৰ ঐতিহাসিক গৰখীয়া থানত উপস্থিত হৈ এই মন্তব্য কৰে কলিয়াবৰ লোক সভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে। Body:জাতিৰ দলিল এন আৰ চি ক জন্ম দিছিল কংগ্ৰেছে। কিন্তু বিদেশী সমস্যাৰ সমাধান বিছৰা নাই বিজেপিয়ে।মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনাৰ কৰি গৌৰৱ গগৈৰ মন্তব্য হিমন্তবিশ্ব‌ই এই খন এন আৰ চি নহলেও হল আৰু আমি নতুন এন আৰ চি কৰিম আদি মন্তব্য কৰি বিসং গতিৰ সৃষ্টি কৰিছে । আজি বিজেপিৰ গাফিলতিৰ বাবে বহু লোকে কাম এৰি, ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয় এৰি ন্যায়ালয়লৈ যাব লাগিব। বিজেপিয়ে সাম্প্ৰদায়িক ৰাজনীতি কৰে, এন আৰ চি লৈ সাম্প্ৰদায়িক ৰাজনীতি কৰিছে বিজেপি চৰকাৰে ।তেওঁ লগতে কয় গৃহ মন্ত্ৰীৰ বক্তব্য পৰা আমি গম পালো তেওঁলোকে এন আৰ চি নিবিচাৰে, এন আৰ চিক লৈ পুনৰ ৰাজনীতি কৰিব পাৰে সেয়া বিজেপিৰ উদ্দেশ্য। অসম চুক্তিত কংগ্ৰেছে চহী কৰিছে, এন আৰ চি কংগ্ৰেছে কৰিছে, আমিওঁ বিদেশী মুক্ত অসম বিছাৰো। আজি বিজেপিৰ দিনত নিবনুৱা সংস্থাপনৰ কোনো সংকল্প নাই, খেতিয়কক লৈ কোনো সংকল্প নাই ,ৰাষ্টা দলং লৈ কোনো সংকল্প নাই। এনে ধৰণৰ কঠোৰ সমালোচনা কৰি বক্তব্য কৰে গৌৰৱ গগৈয়ে। বুধবাৰে দিনটোত বটদ্ৰৱা সমষ্টিৰ এনেদৰেই সংসদ গৌৰৱ গগৈয়ে জামুগুৰি গৰখীয়া থান, হাতীচোং কলেজ, টুকটুকী, শিলপুখুৰী, কুজিসত্ৰ আদি বিভিন্ন অঞ্চলত ভ্ৰমন কৰি সাংসদ উন্নয়ন পুজি বিতৰন আৰু চলি থকা কাম কাজৰ বুজ লয়।_______________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.