ETV Bharat / state

প্ৰতিশ্ৰুতি আৰু বঞ্চনা : অনিশ্চয়তাত 524 গৰাকী শিক্ষকৰ চাকৰিৰ ভৱিষ্যৎ - হাইস্কুল ফিক্সড পে’ শিক্ষক

বছৰ বছৰ ধৰি চৰকাৰৰ প্ৰতিশ্ৰুতি আৰু বঞ্চনাৰ বলি হৈ আহিছে ৰাজ্যৰ পাঁচ শতাধিক হাইস্কুল ফিক্সড পে’ শিক্ষক । চাকৰি নিয়মীয়াকৰণৰ আশাত বন্দী হৈ এতিয়া প্ৰচুৰ অৰ্থৰ অভাৱত পৰিছে এইসকল শিক্ষক ৷ চিকিৎসা অবিহনেই তিল তিলকৈ মৃত্যুবৰণ কৰিবলগীয়া হৈছে তেওঁলোকৰ একাংশই । অনিশ্চয়তাত তেওঁলোকৰ চাকৰিৰ ভৱিষ্যৎ ৷

হাইস্কুল ফিক্সড পে শিক্ষক
চাকৰি নিয়মীয়াকৰণৰ আশাত বন্দী পাঁচ শতাধিক হাইস্কুল ফিক্সড পে শিক্ষক
author img

By

Published : Aug 5, 2020, 12:25 PM IST

Updated : Aug 5, 2020, 6:55 PM IST

নগাঁও, 5 আগষ্ট : চাকৰি নিয়মীয়াকৰণৰ আশাত বন্দী ৰাজ্যৰ পাঁচ শতাধিক হাইস্কুল ফিক্সড পে' শিক্ষক । কেৱল প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ বঞ্চনাৰ বলি হৈ চিকিৎসাৰ অভাৱত তিল তিলকৈ মৃত্যুবৰণ কৰিবলগীয়া হৈছে এজনৰ পিচত এজন শিক্ষকে । শেহতীয়াকৈ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এক সংবাদ মেলৰ পাচতেই অধিক উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ পাঁচখন জিলাৰ পাঁচ শতাধিক শিক্ষক ।

বছৰ বছৰ ধৰি চৰকাৰৰ প্ৰতিশ্ৰুতি আৰু বঞ্চনাৰ বলি হৈ আহিছে ৰাজ্যৰ পাঁচ শতাধিক হাইস্কুল ফিক্সড পে’ শিক্ষক । চাকৰি নিয়মীয়াকৰণৰ আশাত বন্দী হৈ এতিয়া প্ৰচুৰ অৰ্থৰ অভাৱত পৰিছে এইসকল শিক্ষক ৷ চিকিৎসা অবিহনেই তিল তিলকৈ মৃত্যুবৰণ কৰিবলগীয়া হৈছে তেওঁলোকৰ একাংশই ।

শেহতীয়াকৈ নগাঁৱৰ আউনি আটি হাইস্কুলৰ ফিক্সড পে’ শিক্ষক দীপক তামুলীয়েও চিকিৎসাৰ অভাৱত মৃত্যুবৰণ কৰিবলগীয়া হৈছে । বিগত কিছুদিনৰ পৰা যকৃতৰ এক ৰোগত আক্ৰান্ত শিক্ষক দীপক তামুলীয়ে অৰ্থৰ অভাৱত চিকিৎসা সম্পূৰ্ণ কৰিব নোৱাৰি ২ আগষ্টত ত্যাগ কৰে শেষ নিশ্বাস । এতিয়া দীপক তামুলীৰ পৰিয়াল ভুগিছে তীব্ৰ অৰ্থ সংকটত । কেৱল এইজন দীপক তামুলীয়েই নহয় ইতিমধ্যেই ৰাজ্যৰ হাইস্কুল ফিক্সড পে’ শিক্ষকৰ মুঠ সাতজনকৈ শিক্ষকে তিল তিলকৈ মৃত্যুবৰণ কৰিবলগীয়া হৈছে । বহুতৰে পৰিয়ালৰ এতিয়া পানীত হাঁহ নচৰা এক অৱস্থা ।

অনিশ্চয়তাত 524 গৰাকী শিক্ষকৰ চাকৰিৰ ভৱিষ্যৎ

২০০১ চনতে মাত্ৰ 2500 টকা ফিক্সড পেত শিক্ষকতা আৰম্ভ কৰি বৰ্তমান 15,500 টকাত শিক্ষকতা কৰি আছে তেওঁলোকে ৷ নিজে মমৰ দৰে গলি বহুতৰে জীৱনত পোহৰ বিলাই অহা এইসকল শিক্ষকৰ জীৱনলৈ এতিয়া নামি আহিছে ঘোৰ অন্ধকাৰ । ৰাজ্যখনৰ নগাঁও, শোণিতপুৰ, শিৱসাগৰ, লক্ষীমপুৰ আৰু ধেমাজি জিলাৰ মুঠ ৫২৪ জন শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰিবলৈ চৰকাৰক দাবী জনাইছে সদৌ অসম হাইস্কুল ফিক্সড পে’ শিক্ষক সমিতিয়ে ।

শেহতীয়াকৈ অপ্ৰাদেশীকৃত বিদ্যালয়, মহাবিদ্যালয়, শিক্ষক নিযুক্তি আদি কেইবাটাও বিষয়ৰ ওপৰত শিক্ষা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদ মেল সম্বোধন কৰাৰ পাচত অধিক উদ্বিগ্ন হৈ পৰিছে এইসকল ফিক্সড পে’ শিক্ষকসকল । মন্ত্ৰী হিমন্তৰ সংবাদ মেলত কৰা ঘোষণাত কোনো স্থান নাপালে বহু আশাৰে বাট চাই থকা এইসকল ফিক্সড পে’ শিক্ষকসকলৰ চাকৰি নিয়মীয়কৰণৰ প্ৰসংগই । কি হ'ব এইসকল শিক্ষকৰ অৱস্থা, তেওঁলোকে লাভ কৰিব নে চৰকাৰৰ সহায়, নে এনেকৈয়ে হতাশা আৰু বঞ্চনাৰ মাজত পাৰ কৰিব লাগিব অনাগত দিন ৷ সেইয়া এতিয়া উত্তৰ বিহীন প্ৰশ্ন হৈ পৰিছে ৷

লগতে পঢ়ক : UPSC ৰ অসম কেডাৰত কাম কৰাৰ ইচ্ছা আৰণ্যক শইকীয়াৰ

Last Updated : Aug 5, 2020, 6:55 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.