ETV Bharat / state

নগাঁৱৰ কঠীয়াতলীত ১ লাখ ৮৫ হাজাৰ টকা জব্দ

author img

By

Published : Mar 12, 2021, 3:52 PM IST

গাঁৱৰ কঠীয়াতলীৰ ৰেংবেঙত নিৰ্বাচনী বিধি উলংঘা । কঠীয়াতলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত যোৱা এটা দলৰ সহযোগত নগাঁৱৰ পৰা অহা ফ্লাইং স্কোৱাডৰ এটা দলে চলোৱা অভিযানত জব্দ হয় ধনখিনি ।

নগাঁৱৰ কঠীয়াতলীত ১ লাখ ৮৫ হাজাৰ টকা জব্দ
নগাঁৱৰ কঠীয়াতলীত ১ লাখ ৮৫ হাজাৰ টকা জব্দ

বঢ়মপুৰ, ১২ মাৰ্চ: নিৰ্বাচনী আচৰণ বিধি বলৱৎ হোৱাৰ পিছতো ৰাজ্যত প্ৰতিদিনে জব্দ হৈছে লাখ লাখ টকা । আৰক্ষী-প্ৰশাসনে নিৰ্বাচনী আচৰণ বিধি উলংঘা নকৰিবলৈ বাৰম্বাৰ সকীয়াই দিয়াৰ পিছতো ভ্ৰূক্ষেপ নাই একাংশ লোকৰ । নগদ লাখ লাখ টকা সৰবৰাহ কৰি ষ্টেটিক ছাৰ্ভিলেন্স টীমৰ ৰোষত পৰিছে বহু লোক ।

শুকুৰবাৰে নগাঁৱৰ কঠীয়াতলীৰ ৰেংবেঙত জব্দ হয় ১ লাখ ৮৫ হাজাৰ টকা । নিয়মীয়া তালাচী অভিযানত জব্দ হয় ধনখিনি । কঠীয়াতলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত যোৱা এটা দলৰ সহযোগত নগাঁৱৰ পৰা অহা ফ্লাইং স্কোৱাডৰ এটা দলে ধনখিনি জব্দ কৰে । দলটোৱে দুখন গাড়ীৰ পৰা জব্দ কৰে ধনখিনি ।

জানিব পৰা অনুসৰি, ডিমাপুৰৰ পৰা গুৱাহাটীলৈ আহি থকা অৱস্থাত AS০১ BG-৮৮৮৮ নম্বৰৰ গাড়ীখনৰ পৰা ১ লাখ টকা আৰু লামডিঙৰ পৰা গুৱাহাটী অভিমুখী AS০১ BP-০২৪৯ নম্বৰৰ গাড়ীখনৰ পৰা ৮৫ হাজাৰ টকা সৰ্বমুঠ ১ লাখ ৮৫ হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে । উল্লেখ্য যে, নিৰ্বাচনৰ দিন ঘোষণা কৰা দিনৰ পৰা নিৰ্বাচনী আয়োগে নগদ ৫০ হাজাৰতকৈ অধিক ধন সৰবৰাহ কৰাত বাধা আৰোপ কৰিছে যদিও ৰাজ্যৰ একাংশ লোকে নিৰ্বাচনী আয়োগৰ নিৰ্দেশক অৱমাননা কৰি আহিছে ।

লগতে পঢ়ক: গৌৰীপুৰত ভয়ংকৰ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.