বটদ্ৰৱা, 5 অক্টোবৰঃ এক গোপন তথ্যৰ ভিত্তিত অভিযান চলাই নগাঁৱৰ জাজৰি আৰক্ষীৰ বৃহৎ সফলতা ৷ অভিযানত আটক হ’ল এজন দুৰ্ধৰ্ষ ম'বাইল চোৰ ৷ ধৃত চোৰটো হৈছে জাজৰি আজাদপতিৰ মহিবুৰ ৰহমান । বহিঃৰাজ্যৰ কেৰালাৰ পৰা বহুকেইটা ম'বাইল চুৰি কৰি বিক্ৰী কৰা অপৰাধজনিত ঘটনাৰ লগত জড়িত থকা মহিবুৰ ৰহমানক গোপন সূত্ৰৰ পম খেদিয়ে জাজৰি বাছ আস্থানৰ পৰা আটক কৰিবলৈ সক্ষম হয় নগাঁৱৰ জাজৰি আৰক্ষীয়ে ৷
আটক কৰাৰ পাচতেই কুখ্যাত ম'বাইল চোৰটোৰ পৰা 7 টা দামী দামী ম'বাইল ফোনৰ লগতে 17 টাকৈ মোবাইল ক'ভাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে । পূৰ্বৰে পৰাই বিভিন্ন অপৰাধজনিত কাৰ্যত লিপ্ত হৈ থকা মহিবুৰৰ বিৰুদ্ধে বহিঃৰাজ্যতো ৰুজু হৈ আছে কেইবাটাও অপৰাধজনিত গোচৰ । ইতিমধ্যে কুখ্যাত ম'বাইল চোৰটোৰ বিৰুদ্ধে জাজৰি আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ আইনৰ অধীনত গোচৰ পঞ্জীয়ন কৰি জাজৰি জেললৈ প্ৰেৰণ কৰিছে ধৃত মহিবুৰ ৰহমানক ৷