ETV Bharat / state

Assam Flood: পিঠিত সাহায্য সামগ্ৰীৰ বস্তা লৈ বানাক্ৰান্তৰ কাষত ৰূপজ্যোতি কুৰ্মী - বিধায়ক ৰূপক শৰ্মা

পিঠিত আলু আৰু চাউলৰ বস্তা কঢ়িয়াই নগাঁও সদৰ সমষ্টিৰ বানপীড়িতক সহায় ৰূপজ্যোতি কুৰ্মীৰ । বিগত কেইবাদিনো ধৰি দিনে-নিশাই বানাক্ৰান্তক সহায় কৰি অহা বিধায়ক ৰূপক শৰ্মাৰ সৈতে বানাক্ৰান্ত এলেকাত উপস্থিত হৈ সাহায্য বিতৰণ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ।

MLA Rupjyoti Kurmi
পিঠিত সাহায্য সামগ্ৰীৰ বস্তা লৈ বানাক্ৰান্তৰ কাষত ৰূপজ্যোতি কুৰ্মী
author img

By

Published : Jul 3, 2022, 9:38 PM IST

নগাঁও, 3 জুলাই : অসমৰ এগৰাকী ব্যতিক্ৰমী বিধায়ক । যিজনে নিজৰ‌ অগতানুগতিক কৰ্মৰ জৰিয়তে প্ৰায়ে জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে । সেইগৰাকীয়েই হৈছে মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী (MLA Rupjyoti Kurmi)। দেওবাৰে নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত বানে ক্ষতিগ্ৰস্ত কৰা শুকতিপুতা, ৰাঙলুমুখ আৰু লো-মাটি অঞ্চলৰ বানপীড়িত ৰাইজক মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ নেতৃত্বত আৰু মৰিয়নীবাসী ৰাইজ, হিমন্ত বিশ্ব শৰ্মা ফেন ক্লাৱৰ সদস্যসকলৰ সহযোগত বান সাহাৰ্য প্ৰদান কৰা হয় ।

শুকতিপোতা অঞ্চলত বান সাহাৰ্য বিতৰণৰ উদ্দেশ্যে দেওবাৰে বানবিধ্বস্ত অঞ্চলসমূহত উপস্থিত হৈ বিধায়ক কুৰ্মীয়ে পিঠিত চাউল আৰু আলুৰ বস্তাৰ বস্তা লৈ বানাক্ৰান্তক বান সাহাৰ্য আগবঢ়ায় (Rupjyoti Kurmi in Nagoan)। বানপীড়িত ৰাইজক সাহায্য আগবঢ়াই বিধায়কগৰাকীয়ে কয় যে, আমাৰ বহু মানুহ আছে যাৰ বহু টকা-প‌ইচা কিন্তু তেওঁলোকে বান সাহায্যৰ নামত আপোন মানুহখিনিক সহায় কৰিবলৈ সময় নাই । চিনেমা চাবলৈ সময় আছে, কিন্তু বিপদত পৰা মানুহক সহায় কৰিবলৈহে সময়হে নাই ।

পিঠিত সাহায্য সামগ্ৰীৰ বস্তা লৈ বানাক্ৰান্তৰ কাষত ৰূপজ্যোতি কুৰ্মী

যি সময়ত বানাক্ৰান্তসকলক কাৰোৱাৰ এষাৰি মাত-সহানূভূতিৰ অত্যন্ত প্ৰয়োজন হৈছে সেই সময়তে নগাঁও সদৰ সমষ্টিৰ তুলসী দেউৰী পঞ্চায়তৰ শুকতিপোতকে ধৰি কেইবাটাও অঞ্চলৰ ৰাইজৰ প্ৰতি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে দেখুওৱা মহানুৱতাৰ বাবে ধন্যবাদ জনালে সমষ্টিটোৰ বিধায়ক ৰূপক শৰ্মাই (MLA Rupak Sarmah)।

উল্লেখযোগ্য যে, বিগত কিছুদিন ধৰি নগাঁও সদৰ সমষ্টিৰ বানাক্ৰান্ত অঞ্চল পৰিভ্ৰমণ কৰি দিনে নিশাই বানাক্ৰান্তৰ কাষত থিয় হৈ আহিছে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা ।

লগতে পঢ়ক: ৰাইজৰ দলে জন্ম দিলে ‘জাতীয় যুৱ বাহিনী’ নামৰ যুৱ সংগঠনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.