নগাঁও,১৬ জানুৱাৰী: মঞ্চত ড্ৰামবাদকৰ ৰূপত এগৰাকী বিধায়ক । সুদীৰ্ঘ ২৭ বছৰ পিছত মঞ্চত ড্ৰাম বজালে বিধায়কগৰাকীয়ে । এসময়ত অসমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্র'ব জুবিন গাৰ্গৰ সৈতে ড্ৰাম বজাইছিল বিধায়কগৰাকীয়ে । কিন্তু সুদীৰ্ঘ সময় সমাজ সেৱাৰ লগতে ৰাজনীতিত জড়িত হৈ পৰাৰ পৰিপ্ৰেক্ষিতত মঞ্চত অনুষ্ঠান পৰিৱেশনৰ পৰা বিৰত থাকিবলগীয়া হৈছিল । কিন্তু এইবাৰ পত্নীক লগত লৈ মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিলে বিধায়কগৰাকীয়ে ।
বিধায়কগৰাকী আন কোনো নহয়, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা । এগৰাকী সুদক্ষ ড্ৰামবাদক তথা শিল্পী হিচাপে পৰিচিত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা । সুদীৰ্ঘ সময় মঞ্চ অনুষ্ঠানৰ পৰা বিৰত থকা বিধায়ক ৰূপক শৰ্মাই সোমবাৰে নগাঁৱৰ এক মঞ্চত ড্ৰাম বজোৱা অনুষ্ঠানত নগাঁৱৰ অন্যান্য স্থানীয় শিল্পীৰ লগতে গীত পৰিৱেশন কৰিলে বিধায়ক ৰূপক শৰ্মাৰ পত্নী নৱনীতা শৰ্মাই ।
কলঙৰ বাকৰি নগাঁৱৰ নেহৰুবালিত অনুষ্ঠিত ভোগালী উৎসৱৰ সোমবাৰে নিশা অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰে বিধায়ক ৰূপক শৰ্মাৰ পত্নী নৱনীতা শৰ্মাই । বিধায়ক স্বামী ৰূপক শৰ্মাই ড্ৰাম বজোৱা অনুষ্ঠানত পত্নী নৱনীতা শৰ্মাই গীত পৰিবেশন কৰি আপ্লুত কৰিলে উপস্থিত দৰ্শকক । বিধায়ক স্বামী ৰূপক শৰ্মাই ড্ৰাম বজোৱা অনুষ্ঠানত পত্নী নৱনীতা শৰ্মাই গীত পৰিৱেশন কৰা অনুষ্ঠানৰ ভিডিঅ' সম্প্ৰতি একপ্ৰকাৰ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত ।
উল্লেখ্য যে, সোমবাৰে নগাঁৱৰ নেহৰুবালিত অনুষ্ঠিত ভোগালী উৎসৱত সমাগম হয় অগণন লোকৰ । বহু জনপ্ৰিয় শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰে ভোগালী উৎসৱৰ সাংস্কৃতিক মঞ্চত । ইয়াৰ মাজতে বিধায়ক ৰূপক শৰ্মাক এই ৰূপত দেখি মুগ্ধ হয় উপস্থিত দৰ্শক ।
লগতে পঢ়ক: নগাঁও ভোগালী উৎসৱৰ সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ যতীন-প্ৰীতি কংগনা-কৃষ্ণমণিৰ