ETV Bharat / state

মুখ্যমন্ত্ৰীক সমালোচনা কৰাৰ যোগ্যতা নাই ৰকিবুল হুছেইনৰ

author img

By

Published : Aug 26, 2022, 9:10 PM IST

প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনক উভতি ধৰিলে বিজেপি বিধায়ক ৰূপক শৰ্মাই । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰাৰ যোগ্যতা কেতিয়াবাই হেৰুৱাইছে ৰকিবুল হুছেইনে (MLA Rupak sarma criticized Rakibul Hussain) ৷

MLA Rupak sarma criticized Rakibul Hussain
নগাঁও পৌৰসভা এলেকাৰ স্বচ্ছতাৰ বাবে চাৰিখনকৈ বাহনৰ শুভ উন্মোচন

নগাঁও, 26 আগষ্ট : শুক্ৰবাৰে এক সংবাদ মেলৰ আয়োজন কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰা প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ৰকিবুল হুছেইনক (Rakibul Hussain comments on Himanta Biswa Sarma) উভতি ধৰিছে নগাঁও সদৰ সমষ্টিৰ বিজেপি বিধায়ক ৰূপক শৰ্মাই । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰাৰ যোগ্যতা ৰকিবুল হুছেইনে কেতিয়াবাই হেৰুৱাইছে বুলি মন্তব্য কৰে বিধায়ক ৰূপক শৰ্মাই (MLA Rupak sarma criticized Rakibul Hussain)।

মুখ্যমন্ত্ৰীক সমালোচনা কৰাৰ যোগ্যতা নাই ৰকিবুলৰ মন্তব্য ৰূপক শৰ্মাৰ

লগতে কংগ্ৰেছ চৰকাৰৰ শাসনকালত একাংশ নেতাই ব্যক্তিগত সম্পত্তিৰ পাহাৰ গঢ়াত ব্যস্ত আছিল বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে । তেওঁ কয় যে মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ নেতৃত্বত ডেৰ বছৰীয়া কাৰ্যকালতে চৰকাৰখনে এক আমূল পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে । নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰায় প্ৰতিশ্ৰুতি পূৰণৰ বাবে ডেৰ বছৰতে কাৰ্য ব্যৱস্থা হাতত লৈছে ।

আনকি দেশৰ প্ৰথম পাঁচখন ৰাজ্যৰ ভিতৰতে অসমৰ স্থান দখল কৰিবলৈয়ো আঁচনি হাতত লৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । মুঠৰ ওপৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে বিধায়ক ৰূপক শৰ্মা । শুক্ৰবাৰে নগাঁও পৌৰসভা এলেকাৰ স্বচ্ছতাৰ বাবে চাৰিখনকৈ বাহনৰ শুভ উন্মোচন কৰি সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰে বিধায়ক ৰূপক শৰ্মাই ।

নগাঁও পৌৰসভাৰ জাৱৰৰ সমস্যা সমাধানৰ বাবে ইতিমধ্যে ডাম্পিং গ্ৰাউণ্ডৰ ব্যৱস্থা কৰাৰ কথাও তেওঁ উল্লেখ কৰে ৷ লগতে শুক্ৰবাৰে উন্মোচন কৰা চাৰিখনকৈ নতুন বাহনে নগাঁও চহৰৰ স্বচ্ছতাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ’ব বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে । স্বচ্ছ নগাঁও গঢ়াৰ ক্ষেত্ৰত ৰাইজৰো সহযোগ কামনা কৰে তেওঁ ।

জেহাদীৰ প্ৰসংগতো সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে বিধায়ক ৰূপক শৰ্মাই । কোনো কাৰণতে দেশ বিৰোধী অথবা উগ্ৰবাদৰ প্ৰশিক্ষণ সহ্য কৰা নহ’ব বুলিও মন্তব্য কৰে সদৰ সমষ্টিৰ বিজেপি বিধায়ক ৰূপক শৰ্মাই (MLA Rupak sarma Comment on Jihadi) ।

লগতে পঢ়ক : হিমন্ত বিশ্ব শৰ্মাক আকস্মিক মুখ্যমন্ত্ৰী বুলি ক’লে একালৰ সতীৰ্থ ৰকিবুলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.