নগাঁও, 10 জুলাই : ক'ৰণা মহামাৰীৰ সময়ত জনতাৰ কাষত থিয় হোৱা বিধায়ক ৰূপক শৰ্মা এইবাৰ থিয় হৈছে খাটি খোৱা খেতিয়কৰ কাষত। বানৰ লগতে অন্যান্য সমস্যাৰ সন্মুখীন হোৱা কৃষকৰ বাবে পথাৰত সিঁচিছে কঠিয়া । কৃষকৰ মাজত বিতৰণ কৰিছে কৃষি বীমা পত্ৰ। জটিল সময়ত জনতাৰ সেৱা আগবঢ়াই প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে বিধায়ক ৰূপক শৰ্মা।
![mla roopak sharma busy with people of nagaon constituency](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ngn-02-10jly-mla-rupak-sarma-initiative-for-farmers-image-7203829_10072021194950_1007f_1625926790_273.jpg)
বিধায়ক হিচাপে প্ৰথম পাঁচ বছৰীয়া কাৰ্যকালত নগাঁৱৰ উন্নয়নক অধিক গুৰুত্ব প্ৰদান কৰাৰ বাবেই দ্বিতীয়বাৰৰ বাবেও বিধানসভালৈ নিৰ্বাচিত হোৱা নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ শেহতীয়া কাম কাজে সকলো স্তৰৰ লোকক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে ।
![mla roopak sharma busy with people of nagaon constituency](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ngn-02-10jly-mla-rupak-sarma-initiative-for-farmers-image-7203829_10072021194950_1007f_1625926790_44.jpg)
ক'ভিড ১৯ ৰ দ্বিতীয় ঢৌ আৰম্ভ হোৱাৰ পৰাই চিকিৎসালয়ত ক'ভিড আক্ৰান্তৰ চিকিৎসা ব্যৱস্থাৰ বুজ লোৱাৰ পৰা কন্টেইনমেণ্ট জ'নত থকা লোকসকলৰ সকলো অসুবিধাৰ বুজ লৈছে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই । মহামাৰী ক'ৰণাই জুৰুলা কৰা লোকৰ কাষত থিয় হোৱাৰ সমান্তৰালকৈ শেহতীয়াভাৱে কৃষিপ্ৰধান জিলাখনৰ কৃষকসকলৰ কাষত থিয় হৈছে নগাঁও সদৰ সমষ্টিৰ বিজেপি বিধায়ক ৰূপক শৰ্মা ।
![mla roopak sharma busy with people of nagaon constituency](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ngn-02-10jly-mla-rupak-sarma-initiative-for-farmers-image-7203829_10072021194950_1007f_1625926790_374.jpg)
সমষ্টিটোৰ বিভিন্ন প্ৰান্তত বিধায়কগৰাকীয়ে বান অথবা অন্যান্য সমস্যাৰ সন্মুখীন হোৱা কৃষকসকলক উপকৃত কৰাৰ উদ্দেশ্যে সিঁচিলে উন্নতমানৰ কঠিয়া । ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ অধীনত RKVY আঁচনিৰ জৰিয়তে কঠিয়া সিঁচা কাৰ্যসূচীত উপস্থিত থাকি কৃষকসকলক উৎসাহিত কৰে বিধায়গৰাকীয়ে ৷
![mla roopak sharma busy with people of nagaon constituency](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ngn-02-10jly-mla-rupak-sarma-initiative-for-farmers-image-7203829_10072021194950_1007f_1625926790_583.jpg)
সমষ্টিটোৰ অন্তৰ্গত বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰধানমন্ত্ৰী জন বিকাশ আচঁনিৰ অধীনত প্ৰায় ৫৭ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এটি সভাকক্ষৰ কামো শুভাৰম্ভ কৰে বিধায়ক ৰূপক শৰ্মাই ৷ নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত বৰক'লা মিকিৰপুখুৰী পাৰত কৃষকক প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ প্ৰ-পত্ৰ বিতৰণ কৰি সমষ্টিটোৰ বিধায়ক ৰূপক শৰ্মাই আঁচনিখনৰ শুভাৰম্ভ কৰে ।
লগতে পঢ়ক:175 টা পৰিয়াললৈ 1.50 কোটি টকা আৰ্থিক সাহাৰ্য আজমল ফাউণ্ডেচনৰ