ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মাক দুই নম্বৰী মুখ্যমন্ত্ৰী আখ্যা ৰকিবুলৰ

‘‘জনজাতীয় মানুহকহে মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছিল অসমৰ ৰাইজে । হিমন্ত বিশ্ব শৰ্মা কিদৰে মুখ্যমন্ত্ৰী হ’ল সেয়া সকলোৱে জানে ৷’’ এই মন্তব্য বিধায়ক ৰকিবুল হুছেইনৰ(MLA Rakibul Hussain) ৷

MLA Rakibul Hussain
হিমন্ত বিশ্ব শৰ্মাক দুই নম্বৰী মুখ্যমন্ত্ৰী আখ্যা ৰকিবুলৰ
author img

By

Published : Jun 11, 2022, 6:11 PM IST

Updated : Jun 11, 2022, 6:44 PM IST

নগাঁও, 11 জুন: ‘‘বিজেপিৰ পৰা এজন জনজাতীয় মানুহকহে মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছিল অসমৰ ৰাইজে । পিছে এইজন কেনেকৈ মুখ্যমন্ত্ৰী হ'ল সেয়া সকলোৱে জানে । এইজন দুই নম্বৰী মুখ্যমন্ত্ৰী ।’’- কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে EDয়ে চমন জাৰি কৰাৰ(ED summons Rahul Gandhi) বিৰুদ্ধে নগাঁৱত প্ৰতিবাদত অংশগ্ৰহণ কৰি আজি এই মন্তব্য কৰে চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনে(MLA Rakibul Hussain) ।

প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ বিৰোধী দলৰ উপ-দলপতিগৰাকীয়ে সংবাদ মাধ্যমকো সমালোচনা কৰি কয়, আপোনালোকক কথা কৈয়ো লাভ নাই কাৰণ আপোনালোকৰ দেখুৱাবলৈকো সাহস নাই । মই যি ক'ম সেয়া কাট-পেষ্ট কৰিহে দেখুৱাব । হিমন্ত বিশ্ব শৰ্মাৰ ৰঙা চকুলৈ আজিকালি সকলোৱে ভয় কৰে ।

হিমন্ত বিশ্ব শৰ্মাক দুই নম্বৰী মুখ্যমন্ত্ৰী আখ্যা ৰকিবুলৰ

আনহাতে প্ৰতিবাদত অংশগ্ৰহণ কৰি সাংসদ গৌৰৱ গগৈয়ে কয়- গোপীনাথ বৰদলৈৰ দিনৰ অসমৰ কোনো মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ নাম কেলেংকাৰীত সাঙোৰ খোৱা নাছিল । কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ নাম কেলেংকাৰীত সাঙোৰ খাইছে (Allegation against Himanta Biswa Sarma)। ক'ভিদৰ দুৰ্যোগৰ মাজতো পিপিই কিটৰ নামত কেলেংকাৰী মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ (Assam PPE Kit controversy)। ভূমিহীনৰ বাবে আবণ্টিত ভূমিও আত্মসাৎ কৰাৰ চেষ্টা মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ । ED কেৱল কংগ্ৰেছৰ বিৰুদ্ধেহে কিয় বুলি প্ৰশ্ন কৰে গৌৰৱ গগৈয়ে । সাহস আছে যদি মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ওপৰতো EDয়ে তদন্ত কৰাৰো প্ৰত্যাহ্বান জনায় সাংসদগৰাকীয়ে ।"

আনহাতে এআইইউডিএফকো কঠোৰ সমালোচনা কৰি সাংসদ গৌৰৱ গগৈয়ে(MP Gaurav Gogoi) কয়, এআইইউডিএফে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কথা ক'বলৈ সাহস নকৰে । তেঁওলোকে কেৱল কংগ্ৰেছকহে সমালোচনা কৰে ।" উল্লেখযোগ্য যে নগাঁও ৰাজীৱ ভৱনত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে ইডিয়ে চমন জাৰি কৰাৰ বিৰুদ্ধে আয়োজিত প্ৰতিবাদী সভাত আজি অংশগ্ৰহণ কৰে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ, বিধায়ক ৰকিবুল হুছেইন, নুৰুল হুদা আৰু শিৱামণি বৰাই ।

নগাঁও জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাই সভাপতিত্ব কৰা প্ৰতিবাদী সভাত শতাধিক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে । সভাৰ অন্তত কংগ্ৰেছ কৰ্মীসকলে বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদী সমদলো বাহিৰ কৰে ।

লগতে পঢ়ক: স্বজনপোষণ কেৱল কংগ্ৰেছতে নহয় বিজেপিৰ ক্ষেত্ৰতো দেখা যায় : পি চিদাম্বৰম

Last Updated : Jun 11, 2022, 6:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.