নগাঁও,17 আগষ্ট: আজি পৱিত্ৰ শাওন মাহৰ শেষৰটো সোমবাৰ ৷ হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ বাবে অতি পৱিত্ৰ মাহ হৈছে শাওন ৷ কিয়নো এই মাহতে আগবঢ়োৱা হয় দেৱাদিদেৱ মহাদেৱৰ পূজা-অৰ্চনা ৷ সেয়ে সোমবাৰে পুৱা ভক্তসকলৰ ভিৰ পৰিলক্ষিত হৈছে নগাঁও জিলাৰ গৌৰিনাথ মন্দিৰত ৷
আন আন ভক্তৰ দৰে ভগৱান শিৱৰ আশীষ গ্ৰহণৰ উদ্দেশ্যে সোমবাৰে পুৱা গৌৰিনাথ মন্দিৰত উপস্থিত হৈছে বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকা ৷ বিধায়িকা গৰাকীৰ উপৰিও কৰ’ণা মহামাৰীৰ ত্ৰাসৰ মাজতে চৰকাৰী নীতি-নিৰ্দেশনা পালন কৰি ভক্তসকলে নীলকণ্ঠৰ আশীষ গ্ৰহণ কৰে চকলাঘাটৰ ঐতিহ্যমণ্ডিত গৌৰিনাথ মন্দিৰত ৷ ভক্তৰ সমাৱেশৰ বাবে আধ্যাত্মিক পৰিৱেশৰ সূচনা হয় গৌৰিনাথ শিৱ মন্দিৰ চৌহদত । সামাজিক ব্যৱধান অক্ষুণ্ণ ৰাখি সকলোৱে ভগৱানৰ আশীষ গ্ৰহণ কৰে ৷
লগতে চাওকঃ কলিয়াবৰত 17 ফুট দৈৰ্ঘ্যৰ অজগৰ উদ্ধাৰ