ETV Bharat / state

খেতিৰ বতৰ চাপিল,পথাৰত বীজ সিঁচিলে বিধায়িকা আঙুৰলতাই

author img

By

Published : Jun 15, 2020, 10:38 PM IST

যোৱা বৰ্ষত কেৱল পাৰৰ পৰা নহয়,পথাৰৰ বোকা খচি আন ৰোৱনী লগত একেলগে চাহ-ভাতৰ জুতি লৈ কঠীয়া ৰোৱা আঙুৰলতা ডেকাৰ ছবিখন ৰাইজে আজিও মনত ৰাখিছে ৷ এইবাৰো সেই একে ধৰণেই কঠীয়াতলিত শালি ধানৰ বীজ সিঁচিলে বিধায়িকা আঙুৰলতাই ৷

MLA Angurlata Deka inaugurate Government agriculture Scheme
খেতিৰ বতৰ চাপিল,পথাৰত বীজ সিঁচিলে বিধায়িকা আঙুৰলতাই

বটদ্ৰৱা,15জুনঃ পুনৰ পথাৰত বিধায়িকা আঙুৰলতা ৷ যোৱাটো বাৰিষাৰ দৰেই এইবাৰো সমষ্টিবাসী কৃষকৰ সৈতে কৃষি কৰ্মত একাত্ম হ'ল বিধায়িকাগৰাকী ৷ যোৱা বৰ্ষত কেৱল পাৰৰ পৰা নহয়,পথাৰৰ বোকা খচি আন ৰোৱনী লগত একেলগে চাহ-ভাতৰ জুতি লৈ কঠীয়া ৰোৱা আঙুৰলতা ডেকাৰ ছবিখন ৰাইজে আজিও মনত ৰাখিছে ৷

এইবাৰো সেই একে ধৰণেই কঠীয়াতলিত শালি ধানৰ বীজ সিঁচিলে বিধায়িকা আঙুৰলতাই ৷ বাৰিষা আহিছে, এইয়া কৃষিৰ ভৰপক সময় ৷ বীজ সিঁচিছেই যেতিয়া বিধায়িকাৰ কঠীয়া ৰোৱা দৃশ্যটো চাগৈ এইবেলিও সুলভ হৈ পৰিব সমষ্টিবাসীৰ লগতে ৰাজ্যবাসীৰ ৷ আন কিবা কৰক বা নকৰক বিধায়িকা বাইদেউৰ কৃষি বতৰৰ এই উচাহ কিন্তু সমষ্টিবাসীয়ে বৰ ভাল পায় ৷

অসম চৰকাৰে কৃষকৰ বাবে হাতত লোৱা কৃষি বিভাগৰ দুৰ্যোগ ব্যৱস্থাপনা আঁচনিখনৰ সফল ৰূপায়নৰ অংশ হিচাবে বিধায়িকাগৰাকীয়ে বটদ্ৰৱা সমষ্টিৰ কৃষকৰ কাষলৈ গৈ শালি ধানৰ বীজ সিঁচি আঁচনিখন উদ্বোধন কৰে ৷ এই অনুষ্ঠানত উপস্থিত থাকে নগাঁও জিলাৰ কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰী ৷

লগতে পঢ়কঃএকেলগে হাত ভৰি মুখেৰে ছবি আঁকিব পৰা যুৱকজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.