ETV Bharat / state

নিজৰ ভূমি কেলেংকাৰী ঢাকিবলৈ নতুন নতুন বিতৰ্কৰ সৃষ্টি মুখ্যমন্ত্ৰীৰ ! - CM family land grabbing controversy

নিজৰ পৰিয়ালৰ ভূমি কেলেংকাৰী (CM family land grabbing controversy) গাপ দিয়াৰ উদ্দেশ্যে নিতৌ ন-ন মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ সৰ্বসাধাৰণ ৰাইজক চৰকাৰী ভূমিৰ পৰা উচ্ছেদ কৰি চৰকাৰী ভূমি নিজৰ নামত কৰাৰ কৌশল ৰচিছে শাসকীয় পক্ষই ৷ এই মন্তব্য বিধায়ক আমিনুল ইছলামৰ ৷

নিজৰ ভূমি কেলেংকাৰী ঢাকিবলৈ নতুন নতুন বিতৰ্কৰ সৃষ্টি মুখ্যমন্ত্ৰীৰ !

author img

By

Published : Dec 29, 2021, 10:22 PM IST

নগাঁও, 29 ডিচেম্বৰ: বিস্ফোৰক আৰু বিতৰ্কিত মন্তব্য কৰি প্ৰায়েই চৰ্চাত থকা ধিং সমষ্টিৰ এ আই ইউ ডি এফ দলৰ বিধায়ক আমিনুল ইছলামে পুনৰ বিস্ফোৰণ ঘটালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে । নগাঁৱৰ ধিঙত বুধবাৰে এক সংবাদমেলৰ আয়োজন কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কৰিলে কেবাটাও বিস্ফোৰক মন্তব্য । শেহতীয়াকৈ ৰাজ্যত আৰম্ভ হোৱা বোৰ্খা বিতৰ্কৰ প্ৰতিক্ৰিয়াৰ পৰা বিৰত থাকিল ধিঙৰ বিধায়কজন ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিজৰ পৰিয়ালৰ ভূমি কেলেংকাৰী(CM family land grabbing controversy) গাপ দিয়াৰ উদ্দেশ্যে ৰাজ্যত সূচনা কৰে নতুন নতুন বিতৰ্কৰ । নিজৰ পৰিয়ালৰ ভূমি কেলেংকাৰী কথা পাহৰাই ৰখাৰ উদ্দেশ্যে বিতৰ্কৰ সৃষ্টি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰী পোহৰলৈ অহাৰ সময়ৰ পৰাই নিত্য নতুন বিতৰ্কৰ সৃষ্টি কৰি ভূমি কেলেংকাৰী তল পেলাব বিচাৰিছে যদিও উমি উমি জ্বলিয়েই আছে ভূমি কেলেংকাৰীৰ প্ৰসংগ । সংবাদমেলত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰূদ্ধে এনেদৰে মন্তব্য দিয়ে আমিনুল ইছলামে ৷

নিজৰ ভূমি কেলেংকাৰী ঢাকিবলৈ নতুন নতুন বিতৰ্কৰ সৃষ্টি মুখ্যমন্ত্ৰীৰ !

আনহাতে বেদখল কৰা চৰকাৰী ভূমিত আৰম্ভ কৰা উচ্ছেদক লৈও মন্তব্য কৰিলে বিধায়ক আমিনুল ইছলামে । সৰ্বসাধাৰণ ৰাইজক চৰকাৰী ভূমিৰ পৰা উচ্ছেদ কৰি চৰকাৰী ভূমি নিজে দখল কৰাৰ অভিসন্ধি কৰা বুলি বিস্ফোৰক মন্তব্য কৰে বিধায়ক আমিনুল ইছলামে । শেহতীয়াকৈ লাহৰিজানত হোৱা উচ্ছেদ(MLA Aminul islam on Laharijan eviction)ক লৈ আমিনুল ইছলামে কয়, বৰ্তমানৰ ৰাজ্য চৰকাৰে অসমৰ সাধাৰণ লোকক উচ্ছেদ কৰি বৰমতা দেখুৱাইছে । লাহৰিজানৰ উচ্ছেদিত লোকসকলে নাগালেণ্ড সীমান্তৰ অসমৰ ভূমিৰ ৰক্ষকৰ ভূমিকাত আছিল বুলি উল্লেখ কৰি অসমৰ এইসকল লোকক উচ্ছেদ কৰা চৰকাৰে নাগালেণ্ডে দখল কৰা ভূমিত উচ্ছেদ কৰিবলৈ সাহস নাই বুলি প্ৰত্যাহ্বান জনায় বিধায়ক আমিনুল ইছলামে (MLA Aminul Islam challenged Himanta Biswa Sarma) ।

লগতে পঢ়ক: অসমত বৰ্তমান চৰকাৰে মুছলিম নিধন যজ্ঞ চলাইছে :আমিনুল ইছলাম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.