ETV Bharat / state

Mission Basundhara Abhiyan: গাঁৱে-গাঁৱে মিছন বসুন্ধৰা অভিযান কলিয়াবৰ ৰাজহ চক্ৰৰ - Mission Basundhara Portal

"মোৰ মাটি মোৰ অধিকাৰ" শ্ল'গানেৰে ২০২১ চনৰ গান্ধী জয়ন্তীৰ দিনটোতে ৰাজ্য চৰকাৰে মুকলি কৰিছিল মিছন বসুন্ধৰা পৰ্টেল (Mission Basundhara Portal) । এই পৰ্টেল মুকলি কৰি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছিল, মিছন বসুন্ধৰা ৰাজহুৱা সেৱাৰ কীৰ্তিস্তম্ভ হ’ব লাগিব । মুখ্যমন্ত্ৰীৰ সেই কথা সৰোগত কৰি সাধাৰণ জনতাৰ সুবিধাৰ্থে কলিয়াবৰতো গাঁৱে-গাঁৱে অভিযান চলাইছে কলিয়াবৰ ৰাজহ চক্ৰই (Mission Basundhara Abhiyan) ।

mission basundhara at kaliabor
গাঁৱে গাঁৱে মিছন বসুন্ধৰা অভিযান কলিয়াবৰ ৰাজহ চক্ৰৰ
author img

By

Published : Apr 1, 2022, 8:32 PM IST

Updated : Jan 18, 2023, 1:01 PM IST

কলিয়াবৰ,০১ এপ্ৰিল: ৰাজ্যজুৰি চলি আছে "মিছন বসুন্ধৰা"ৰ জড়িয়তে ভূমি সম্পৰ্কীয় আবেদনৰ নিস্পত্তি পেলোৱা কাৰ্য (Mission Basundhara Abhiyan) । সাধাৰণ ৰাইজ যাতে মিছন বুন্ধৰাৰ নামত ক'তো হাৰাশাস্তিৰ সন্মুখীন নহয়, তাৰ বাবে ৰাজহ বিষয়াসকলক নিষ্ঠা আৰু সততাৰে মিছন বসুন্ধৰা অভিযানৰ জড়িয়তে ৰাইজক সহায় কৰিবলৈ আহ্বান জনাইছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সেই অনুসৰি কলিয়াবৰ ৰাজহ চক্ৰই গাঁৱে গাঁৱে গৈ আবেদন সমূহ নিস্পত্তি পেলোৱাৰ ব্যৱস্থা কৰা পৰিলক্ষিত হৈছে (Mission Basundhara Abhiyan at Kaliabor Revenue Circle) ।

কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মিছন বসুন্ধৰাত আবেদনকাৰীসকলৰ উপস্থিতিত আবেদন সমূহ নিস্পত্তি পেলোৱাৰ ব্যৱস্থা কৰা হয় । মহকুমাধিপতি পবিত্ৰ কুমাৰ দাস, চক্ৰ বিষয়া নীতিশা বৰা, সহযোগী চক্ৰ বিষয়া ৰাজনিশান শৰ্মাকে ধৰি লাট মণ্ডল আৰু গাঁও প্ৰধান সকলৰ উপস্থিতিত ভূমি বাটোৱাৰা গোচৰ সমূহ নিস্পত্তি পেলোৱা হয় ।

ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সেৱা সমূহ জনসাধাৰণৰ বাবে সহজলভ্য কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা অভিলাসী অভিযান 'মিছন বসুন্ধৰা'ত কলিয়াবৰত মুঠ আবেদনকাৰীৰ সংখ্যা আছিল ৮,৪০০ ৰো অধিক । ইয়াৰে প্ৰায় ৬০% শতাংশ গোচৰ ইতিমধ্যে নিস্পত্তি কৰা হৈছে কলিয়াবৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ।

উল্লেখ্য যে, মিছন বসুন্ধৰাৰ অধীনত ভূমিৰ উত্তৰাধিকাৰী সূত্ৰে নামজাৰি, দলিল সূত্ৰে নামজাৰি, বিবাদমুক্ত বাটোৱাৰা, একচনীয়া পট্টাৰ ম্যাদীকৰণ, মাটিৰ শ্ৰেণী পৰিবৰ্তন, ৰাজহ নথিৰ পৰা দখল, স্বত্ববিহীন পট্টাদাৰৰ নামকৰ্তন, আৱন্টিত মাটিৰ ম্যাদীকৰণ, ভূমি নথিৰ সংশোধনী (নাম আৰু মাটিকালিৰ সংশোধন) আৰু ভূমিনথিত পট্টাদাৰৰ মোবাইল নম্বৰ অন্তৰ্ভুক্তকৰণ - এই সমূহ কাৰ্য সম্পাদন কৰা হয় ।

লগতে পঢ়ক: হেঁপাহৰ ব’হাগক আদৰিবলৈ ব্যাপক প্ৰস্তুতি নাহৰৰ দেশত

Last Updated : Jan 18, 2023, 1:01 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.