ETV Bharat / state

অৱশেষত নীলাপানীত উপঙি থকা অৱস্থাত উদ্ধাৰ বিকী কলিতাৰ মৃতদেহ - গুৱাহাটী বামুনীমৈদাম

তিনিদিনীয়া এক চাঞ্চল্যৰ অন্ত পৰিল। অৱশেষত নীলা পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ গুৱাহাটীৰ বিকী কলিতাৰ মৃতদেহ। প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ আহি চামগুৰিৰ নীলাপানী হ্ৰদত সন্ধানহীন হৈ পৰিছিল প্ৰকৃতিপ্ৰেমী যুৱক বিকী কলিতা ৷

missingboy deadbody recovered at nagaon
অৱশেষত নীলা পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ বিকী কলিতাৰ মৃতদেহ
author img

By

Published : Oct 14, 2020, 10:01 PM IST

নগাঁও,14 অক্টোবৰঃ তিনিদিনীয়া এক চাঞ্চল্যৰ যৱনীকা । নীলা পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ বিকী কলিতাৰ মৃতদেহ। নীলা পানীৰ সৌন্দৰ্য উপভোগ কৰিবলৈ আহি মৃতদেহ হৈ ঘৰলৈ উভতিল বিকী। নগাঁও জিলাৰ চামগুৰিত থকা এটা হ্ৰদ নীলাপানী। হ্ৰদৰ পানী নীলা হোৱা বাবেই নাম নীলাপানী হ্ৰদ। এক পৰ্যটনস্থলী এই নীলা পানী যেন আজি অভিশপ্ত। নীলাপানী হ্ৰদৰ সৌন্দৰ্য্য উপভোগ কৰিবলৈ ৮ জনকৈ বন্ধুৰ সৈতে দেওবাৰে উপস্থিত হৈছিল গুৱাহাটী বামুনীমৈদামৰ বিকী কলিতা নামৰ এজন যুৱক। তেনে সময়তে সংঘটিত হৈছিল দুৰ্ভাগ্যজনক ঘটনাটো।

চামগুৰিৰ অভিশপ্ত এই নিলাপানীৰ ১৫০ ফুট গভীৰ হ্ৰদত সাঁতুৰিবলৈ চেষ্টা কৰি হঠাৎ সন্ধানহীন হৈ পৰিছিল বিকী কলিতা । লগে লগে এক হাহাকাৰ পৰিস্থিতি বিৰাজ কৰিলে ৮ জনকৈ বন্ধুৰ মাজত। ঘটনাক লৈ সৃষ্টি হৈছিল ব্যাপক চাঞ্চল্যৰ। উপস্থিত হৈছিলহি বিকীৰ আত্মীয়। SDRF বাহিনীয়ে আৰম্ভ কৰিছিল অভিযান। কিন্তু কোনো শুং সূত্ৰ নাপায় অভিশপ্ত নিলাপানী হ্ৰদৰ পাৰত আত্মীয়ই কৰিছিল পূজা অৰ্চনা।

অৱশেষত নীলাপানীত উপঙি থকা অৱস্থাত উদ্ধাৰ বিকী কলিতাৰ মৃতদেহ

ইপিনে মঙলবাৰ পৰ্য্যন্ত কোনো সন্ধান নোপোৱা বিকী কলিতাৰ মৃতদেহ বুধবাৰে দুপৰীয়া হ্ৰদৰ পানীত প্ৰত্যক্ষ কৰে স্থানীয় লোকে । চামগুৰি আৰক্ষীয়ে SDRF বাহিনীৰ সহযোগত মৃতদেহটো পানীৰ পৰা উদ্ধাৰ কৰি ব্যৱস্থা কৰে মৰনোত্তৰ পৰীক্ষাৰ । সম্প্ৰতি দুৰ্ভাগ্যজনক ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলজুৰি পৰিছে শোকৰ ছাঁ। ১৫০ ফুট গভীৰ হ্ৰদত সাঁতুৰিবলৈ চেষ্টা কৰি সন্ধানহীন হৈছিল বিকী কলিতা নামৰ যুৱকজন।

লগতে পঢ়কঃ গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.