ETV Bharat / state

জুৰীয়াত সন্ধানহীন যুৱক - জুৰীয়াত সন্ধানহীন যুৱক

প্ৰেমজনিত কাৰণত মৃত্যুৰ সন্দেহ পৰিয়ালৰ লোকৰ

etv bharat
author img

By

Published : Feb 8, 2019, 11:26 PM IST

নগাঁও, ৮ ফেব্ৰুৱাৰীঃ নগাঁৱৰ পৰা সন্ধানহীন জুৰীয়াৰ যুৱকক বিচাৰি কলঙত অব্যাহত এছ ডি আৰ এফ এন ডি আৰ এফৰ অভিযান। যুৱকজন নিৰুদ্দেশ হোৱাৰ পিচত পৰিয়ালৰ লোকে উঠাইছে বহু অভিযোগ । প্ৰেমজনিত কাৰণত যুৱক জনৰ মৃত্যুৰ সন্দেহ পৰিয়ালৰ লোকৰ। ঘটনা সন্দৰ্ভত জানিব পৰা মতে বুধবাৰৰ পৰা সন্ধানহীন হৈ আছিল জুৰীয়াৰ কালিয়াডিঙা গাঁৱৰ যুৱক আব্দুল ছাদিক । বছৰদিনৰ পৰা আব্দুল ছাদিক প্ৰেমত পৰিছিল স্ৱামীহীনা এগৰাকী মহিলাৰ আৰু এই প্ৰেমে কাল হ'ল আব্দুলৰ ।

জুৰীয়াত সন্ধানহীন যুৱক
undefined

প্ৰেমত হাবু-ডাবু খোৱা আব্দুল বুধবাৰে সন্ধিয়া প্ৰেয়সীক সাক্ষাৎ কৰাৰ পিচৰে পৰা সন্ধানহীন থকা বুলি জনাই পৰিয়ালৰ লোকে। যুৱকজনৰ নিৰুদ্দেশক লৈ পৰিয়ালৰ লোকে নগাওঁ সদৰ থানাত এজাহাৰ দাখিল কৰাৰ সমান্তৰালকৈ আনহাতে মহিলাগৰাকীয়েও অৱগত কৰে আৰক্ষীক । আৰক্ষীৰ অনুসন্ধানত যুৱক জনৰ এজোৰ জোতা মৰঙিলয়ালৰ কলঙৰ পাৰত উদ্ধাৰ হয় ফলত যুৱক জনক পৰিকল্পিত হত্যা কৰাৰ সন্দেহ কৰে পৰিয়ালৰ লোকে।

আনহাতে উক্ত মহিলা গৰাকীৰ স'তে প্ৰেমৰ সম্পৰ্ক থকাৰ লগতে হত্যাৰ অভিযোগ পৰিয়ালৰ লোকৰ। এই ঘটনাই উত্তপ্ত কৰি তোলে সমগ্ৰ পৰিৱেশ । জুৰিয়াৰ লোকে মহিলা গৰাকীৰ বাসগৃহৰ ওপৰত আক্ৰমণ চলোৱাৰ লগতে এখন বাহনতো অগ্নিসংযোগ কৰে ৰাইজে। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ কৰিছে সমগ্ৰ অঞ্চলত।

Intro:নগাঁৱৰ পৰা সন্ধানহীন জুৰীয়াৰ যুৱকক বিচাৰি কলঙত অব্যাহত এছ ডি আৰ এফ এন ডি আৰ এফৰ অভিযান। যুৱকজন নিৰুদ্দেশ হোৱাৰ পিছতেই পোহৰলৈ আহিছে এক প্ৰেম কাহিনী। প্রেমজনীত কাৰণতেই যুৱক জনক হত্যাৰ সন্দেহ পৰিয়ালৰ লোকৰ। যুৱকজন উদ্ধাৰ নহলেও কলঙত উদ্ধাৰ হৈছে যুৱকজনৰ এটা জোতা।

Body:প্ৰেমে বয়স নামানে। সময় নামানে। কথাটো মিছা বুলিও কব নোৱাৰি।
নগাঁৱৰ জুৰীয়াৰ এজন যুৱক নিৰুদ্দেশ হোৱাৰ পিছতেই পোহৰলৈ আহিছে তেনে এক প্ৰেম কাহিনী। যুৱক এইজন। জুৰীয়াৰ কালিয়াডিঙা গাঁৱৰ আব্দুল ছাদিক। বুধবাৰৰ পৰাই সন্ধানহীন জুৰীয়াৰ ছাদিক। প্ৰায় বছৰদিনৰ পৰাই ৩০ বছৰীয়া যুৱক আব্দুল ছাদিক প্ৰেমত পৰিছিল এগৰাকী মহিলাৰ সৈতে। মৃত্যু হৈছিল মহিলাগৰাকীৰ স্বামীৰো। দুয়ো হাবুডুবু খাইছিল প্ৰেমত। জুৰীয়াৰ পৰা প্ৰায়েই মহিলা প্ৰেমিকাক সাক্ষাৎ কৰিবলৈ আহে ছাদিক। পৰিয়ালৰ লোকৰ মতে বুধবাৰে সন্ধিয়াও মহিলাগৰাকীক সাক্ষাৎ কৰিবলৈ আহিছিল যুৱকজন। তেতিয়াৰ পৰাই কোনো সন্ধান নাই যুৱকজনৰ। যুৱকজনৰ নিৰুদ্দেশক লৈ পৰিয়ালৰ লোকে নগাওঁ সদৰ থানাত এজাহাৰ দাখিল কৰাৰ সমান্তৰালকৈ মহিলাগৰাকীয়েও অৱগত কিৰিছিল আৰক্ষীক। জুৰীয়াৰ যুৱক আব্দুল ছাদিকক পৰিকল্পিতভাৱে হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ লোকক। নগাওঁ আৰক্ষীয়ে ইতিমধ্যে গোচৰ ৰুজু কৰি মহিলাগিৰাকীক সোধপোছ কৰাৰ লগতে এছ ডি আৰ এফ ৰ সহযোগত মৰঙিলয়ালৰ কলঙত অব্যাহত ৰাখিছে অভিযান। এই বাতৰি প্ৰস্তুত কৰা সময়লৈকে যুৱকজন অথবা যুৱক জনৰ মৃতদেহ উদ্ধাৰ হোৱা নাই যদিও কলঙত উদ্ধাৰ হৈছে যুৱকজনৰ এটা জোতা। ঘটনাই এতিয়া সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।
bite.

Conclusion:এতিয়া প্ৰশ্ন হয় সঁচাকৈয়ে প্ৰেমৰ বাবেই হত্যাৰ বলি হল নেকি জুৰীয়াৰ ছাদিক ? যদি এয়াই সঁচা তেনেহলে কোনে হত্যা কৰিলে যুৱকজনক। আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য।
-----------------------------------------------------------
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ ই টি ভি ভাৰত অসম।
৮/২/১৯
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.