ETV Bharat / state

13 বছৰৰ পাচত ঘৰলৈ উভতি আহিল অতুল

মানসিক ভাৱে বিকাৰগ্ৰস্ত অতুল 13 বছৰ পূৰ্বে কামপুৰ মনোহৰ গাঁৱৰ পৰা সন্ধানহীন হৈছিল ৷

author img

By

Published : Apr 30, 2019, 1:22 PM IST

13 বছৰৰ পাচত ঘৰলৈ উভতি আহিল নগাঁৱৰ পৰা নিৰুদ্দেশ হোৱা এজন লোক

বঢ়মপুৰ, 30 এপ্ৰিল : অতুল, বিগত তেৰটা বছৰে সন্ধান নথকা এজন যুৱক । কিন্তু হঠাৎ অতুল আহি ওলাল নগাঁৱৰ কামপুৰৰ আপোন ঘৰখনত । আৰু এতিয়া অতুলক লৈ উৎসাহ আৰু উৎসুকতাৰ শেষ নাই ঘৰখনখনৰ লগতে চুবুৰীয়া সকলৰো ।

etv bharat

সন্ধানহীন হোৱা সময়ত মানসিক ভাৱে বিকাৰগ্ৰস্ত আছিল অতুল ৷ পৰিয়ালৰ লোকে জনোৱা অনুসৰি প্ৰথম অৱস্থাত তেওঁলোকে অতুলৰ কোনো সন্ধান পোৱা নাছিল ৷ কিন্তু পাঁচ বছৰৰ পাচত অতুল হাজৰিকাৰ এখন চিঠি পাইছিল হাজৰিকাৰ পত্নীয়ে ৷ আৰু নিজৰ স্বামী জীৱিত থকাৰ খবৰ পাই শিৰত সেন্দুৰ লৈ পত্নীয়ে জীবন নিৰ্বাহ কৰিছিল বুলি জনায় ৷

13 বছৰ পূৰ্বে সুৰটৰ মানৱ সেৱা সংস্থা নামৰ এটা সংস্থাই অতুলক পথৰ কাষত অসুস্থ অৱস্থাত পাই চিকিৎসাৰ ব্যৱস্থা কৰিছিল ৷ ইপিনে অসুস্থ অতুল হাজৰিকাই ঘৰৰ ঠিকনাও পাহৰি পেলাইছিল ৷ দীৰ্ঘদিনৰ চিকিৎসাৰ অন্তত কেইমাহমান পূৰ্বে তেওঁ সংস্থাটোৰ সদস্যৰ আগত নিজৰ ঘৰৰ ঠিকনাৰ বিষয়ে অৱগত কৰে ৷ আৰু তাৰ পাচতে সুৰটৰ মানৱ সেৱা সংস্থাটোৱে অতুল হাজৰিকাক মোম্বাইৰ স্বৰ্ধা ৰি-হেবিলিটিচন ফাউণ্ডেচন নামৰ আন এটা সংস্থাক গতাই দিয়ে ৷ সোমবাৰে সংস্থাটোৰ এজন সদস্যই অতুল দিয়া ঠিকনাৰ ভিত্তিত নিশা সন্ধানহীন হোৱা অতুল হাজৰিকাক পৰিয়ালৰ হাতত গতাই দিয়ে ৷ ইপিনে আপোন মানুহজনক কাষতে পায় আনন্দত আত্মহাৰা হৈ পৰিছে তেওঁৰ পত্নী-পুত্ৰৰ লগতে গাঁওবাসী ৷ বৰ্তমান অতুল হাজৰিকা বহু পৰিমানে সুস্থ যদিও চিকিৎসা চলাই থকা বুলি জনায় স্বৰ্ধা ৰি হেবিলিটিচন ফাউণ্ডেচনৰ সদস্য জনে ৷ ইপিনে সন্ধানহীন হোৱা অতুল হাজৰিকাক সু স্বাস্থ্যৰে পৰিয়ালক পুনৰ ঘূৰাই দিয়াৰ বাবে মোম্বাইৰ পৰা অহা সদস্য জনক গাঁৱবাসীয়ে ফুলাম গামোচাৰে আদৰণি জনোৱাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে৷

Intro:নগাঁৱৰ কামপুৰৰ পৰা নিৰুদ্দেশ হোৱা এজন লোক সুদীৰ্ঘ ১৩ বছৰৰ পাছত ঘূৰি অাহিল অাপোন ঘৰলৈ ।পৰিয়ালত অানন্দৰ বন্যা ।

Anchor=নগাঁও জিলাৰ কামপুৰ মনোহৰ গাঁৱৰ পৰা ১৩ বছৰ পূৰ্বে সন্ধানহীন হোৱা এজন লোক ১৩ বছৰৰ পাছত অাপোন ঘৰখনত উপস্থিত হোৱাত এতিয়া গাঁও খনৰ লগতে লোকজনৰ পৰিয়ালত বৈছে অানন্দৰ বন্যা । মানুহ জনৰ নাম অতুল হাজৰিকা, ঘৰ কামপুৰ মনোহৰ গাঁৱত ৷ মানসিক ভাৱে বিকাৰগ্ৰস্ত লোকজন ১৩ বছৰ পূৰ্বে হৈছিল সন্ধানহীন । প্ৰথম অৱস্থাত লোকজনৰ কোনো সন্ধান পোৱা নাছিল পৰিয়ালৰ লোকে ৷ পাঁচ বছৰৰ পাছত অতুল হাজৰিকাৰ এখন চিঠি পাইছিল পত্নীয়ে ৷ আৰু নিজৰ স্বামী জীবিত থকাৰ খৱৰ পাই শিৰত সেন্দুৰ লৈ জীবন নিৰ্বাহ কৰিছিল পত্নীয়ে ৷ ১৩ বছৰ পূৰ্বে সুৰটৰ মানৱ সেৱা সংস্থা নামৰ এটা সংস্থাই লোকজনক পথৰ কাষত অসুষ্ঠ অৱস্থাত পাই চিকিৎসাৰ ব্যৱস্থা কৰিছিল ৷ অসুস্থ অতুল হাজৰিকাই পাহৰি পেলাইছিল ঘৰৰ ঠিকনাও । দীৰ্ঘদিনৰ চিকিৎসাৰ অন্তত কেইমাহমান পূৰ্বে তেওঁ সংস্থাটোৰ সদস্যৰ অাগত অৱগত কৰিছিল যে তেঁওৰ ঘৰ অসমৰ কামপুৰত । তাৰ পাছতেই সুৰটৰ মানৱ সেৱা সংস্থাই অতুল হাজৰিকাক গতাই দিয়ে মোম্বাইৰ স্বৰ্ধা ৰি হেবিলিটিচন ফাউণ্ডেচন নামৰ আন এটা সংস্থাক । সোমবাৰে স্বৰ্ধা ৰি হেবিলিটিচন ফাউণ্ডেচন নামৰ সংস্থাটোৰ এজন সদস্যই লোকজনে দিয়া ঠিকনাৰ ভিত্তিত নিশা অাহি ১৩ বছৰ পূৰ্বে সন্ধানহীন হোৱা অতুল হাজৰিকাক গতাই দিয়ে পৰিয়ালৰ হাতত । অাপোন মানুহজনক কাষতে পাই অানন্দত অাত্মহাৰা পৰিছে তেওৰ পত্নী-পুত্ৰৰ লগতে গাঁওবাসী ৷ বৰ্তমান অতুল হাজৰিকা বহু পৰিমানে সুস্থ যদিও চিকিৎসা চলাই থকা বুলি মন্তব্য কৰিছে স্বৰ্ধা ৰি হেবিলিটিচন ফাউণ্ডেচনৰ সদস্য জনে ৷ উল্লেখযোগ্য যে ১৩ বছৰ পূৰ্বে সন্ধানহীন হোৱা অতুল হাজৰিকাক সু স্বাস্থ্যৰে পৰিয়ালক পুনৰ ঘূৰাই দিয়াৰ বাবে মোম্বাইৰ পৰা অহা সদস্য জনক গাঁওবাসীয়ে ফুলাম গামোচাৰে আদৰণি জনোৱাৰ লগতে ধন্যবাদ জ্ঞাপন কৰিছে ৷ ইফালে অতুল হাজৰিকাক চাবলৈ তেঁওৰ ঘৰখনলৈ অাগমন ঘটিছে বহু লোকৰ ।

Body:Byte=অতুল হাজৰিকা/পত্নী/স্থানীয় লোক/মোম্বাইৰ সংস্থাৰ সদস্য ৷

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.