ETV Bharat / state

ৰাইজৰ দলৰে নহয় অসম জাতীয় পৰিষদৰেহে মিত্ৰতা হ’ব কংগ্ৰছৰ !

author img

By

Published : Aug 17, 2021, 7:17 PM IST

ভাৰতীয় ৰাজনীতিত দলবাগৰা আয়া ৰাম গয়া ৰামৰ আখ্যান সৰ্বজন জ্ঞাত ৷ এইবাৰ তেনে কাণ্ডই সংঘটিত হৈছে কংগ্ৰেছৰ ক্ষেত্ৰত ৷ ইজনৰ পাচত সিজন নেতাই দল ত্যাগ কৰি যোগদান কৰিছে বিভিন্ন ৰাজনৈতিক দলত ৷ প্ৰাক্তন সাংসদ সুস্মিতা দেৱেও মঙলবাৰে দলত্যাগ কৰে ৷ সেই সৰ্ন্দভত কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে কয় সুস্মিতা দেৱে নিজে নেতৃত্ব দিব নোৱাৰি ত্যাগ কৰিছে কংগ্ৰেছ ।

ৰাইজৰ দলৰে নহয় অসম জাতীয় পৰিষদৰেহে মিত্ৰতা হ’ব কংগ্ৰছৰ !
ৰাইজৰ দলৰে নহয় অসম জাতীয় পৰিষদৰেহে মিত্ৰতা হ’ব কংগ্ৰছৰ !

নগাঁও,17 আগষ্ট : কংগ্ৰেছত আৰম্ভ হোৱা দল ত্যাগৰ ধুমুহাই দলটোৰ সৰ্বভাৰতীয় পৰ্যায়ত জোকাৰণিৰ সৃষ্টি কৰিছে । এফালে দলটোত অব্যাহত আছে এজনৰ পিছত আনজন নেতাৰ দলত্যাগ আৰু আনফালে অসমত হ’ব লগীয়া উপ-নিৰ্বাচনক লৈ আৰম্ভ হৈছে জল্পনা কল্পনা । তাৰ মাজতে একাংশৰ কংগ্ৰেছ দল ত্যাগ আৰু আঞ্চলিক দলৰ সৈতে মিত্ৰতা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে ।

শেহতীয়াকৈ কংগ্ৰেছ মহাজোঁটৰ সৈতে অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলৰ মিত্ৰতাক লৈ চর্চা অব্যাহত থকাৰ সময়ত এই সন্দৰ্ভত নগাঁৱত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰা দেখা গ’ল কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰক । অখিল গগৈয়ে মিত্ৰতা সন্দৰ্ভত চৰ্ত দিয়া বাবে এই পৰ্যন্ত মিত্ৰতা সম্ভৱ হৈ উঠা নাই । ইয়াৰ বিপৰীতে লুৰীণজ্যোতি গগৈ নেতৃত্বাধীন অসম জাতীয় পৰিষদৰ সৈতে মিত্ৰতা এখোজ আগবঢ়া বুলি মন্তব্য কৰে মীৰা বৰঠাকুৰে ।

লগতে পঢ়কঃ সপোন বিয়াৰ : প্ৰতাৰক প্ৰেমিকে হাৰিয়ানালৈ নি বিক্ৰী কৰিলে প্ৰেয়সীক

ইয়াৰ লগতে কংগ্ৰেছ দলৰ পৰা সুবিধাবাদী সকলেহে ত্যাগ কৰি অন্য দলত যোগদান কৰা বুলি মন্তব্য কৰে মীৰা বৰঠাকুৰে ।

শেহতীয়াকৈ কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰা সুস্মিতা দেব সন্দৰ্ভত মীৰা বৰঠাকুৰে কয় যে, সুস্মিতা দেবে নিজে সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰীৰ দায়িত্বত থাকি দলটোক নেতৃত্ব দিব নোৱাৰাৰ বাবে দল ত্যাগ কৰিছে । সুস্মিতা দেৱ আৰু তেওঁৰ পিতৃ-মাতৃক সৰ্বভাৰতীয় পৰ্যায়ত কংগ্ৰেছ দলেহে চিনাকি কৰাই দিছে । তেনে ক্ষেত্ৰত কংগ্ৰেছ ত্যাগ কৰিব নালাগিছিল সুস্মিতা দেবে ।

অৱশ্যে সুস্মিতা দেবে কংগ্ৰেছ ত্যাগ কৰাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে । কংগ্ৰেছ দলৰ পৰা সুবিধাবাদী নেতাসকলহে অন্য দলত যোগদান কৰে বুলি উল্লেখ কৰি তৃণমূল পৰ্যায়ৰ কোনো কৰ্মীয়ে দল ত্যাগ কৰা নাই বুলি মন্তব্য কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ।

উপ-নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত এতিয়া অসম জাতীয় পৰিষদৰ সহায় বিচাৰিছে নেকি কংগ্ৰেছে ৷ উজনি দখল কংগ্ৰেছৰ বাবে সহজ নহয় নেকি ! মীৰা বৰঠাকুৰৰ মন্তব্যৰ পিছতে উত্থাপন হৈছে এনে বহু প্ৰশ্ন ।

লগতে পঢ়কঃ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ থকা মৰিগাঁৱৰ এগৰাকী কৰ্মচাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.