ETV Bharat / state

প্ৰধান শিক্ষকৰ কামনাৰ বলি ছাত্ৰী

author img

By

Published : Nov 7, 2020, 2:12 PM IST

নগাঁৱৰ কচুৱাত সংঘটিত হৈছে ধৰ্ষণৰ ঘটনা ৷ বিদ্যালয়ত শিক্ষাগ্ৰহণৰ বাবে যোৱা নাবালিকা বলি হৈছে প্ৰধান শিক্ষকৰ কামনাৰ ৷ ঘটনা সন্দৰ্ভত ভুক্তভোগীৰ পৰিয়ালে কচুৱা আৰক্ষী থানাত দাখিল কৰে এজাহাৰ ৷

minor girl rapped by teacher at nagaon assam etv bharat news
প্ৰধান শিক্ষকৰ কামনাৰ বলি ছাত্ৰী

বঢ়মপুৰ,7 নৱেম্বৰ : পুনৰ ৰাজ্যত সংঘটিত হৈছে ধৰ্ষণৰ দৰে জঘন্য ঘটনা ৷ এইবাৰ ঘটনাৰ স্থান নগাঁও জিলাৰ কচুৱা ৷ ঘটনাৰ বিৱৰণী অনুসৰি, বিদ্যালয়ত শিক্ষাগ্ৰহণৰ উদ্দেশ্যে যোৱা এগৰাকী নাবালিকা প্ৰধান শিক্ষকৰ কামনাৰ বলি হৈছে ৷ এই ঘটনাত নাম সাঙোৰ খোৱা অভিযুক্ত প্ৰধান শিক্ষকগৰাকী হৈছে ৰাঙলুবস্তিৰ চাদ্দিক আহমেদ ৷ ঘটনা সন্দৰ্ভত ভুক্তভোগীৰ পৰিয়ালে কচুৱা আৰক্ষী থানাত দাখিল কৰে এজাহাৰ ৷ উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ অধীনত 215/20 নম্বৰত US- 376 AB/511 RWSEC 8 ত এক গোচৰ ৰুজু কৰি প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে ৷

কিন্তু এই ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা পলাতক হৈ আছে অভিযুক্ত প্ৰধান শিক্ষকগৰাকী ৷ লগতে অভিযুক্তৰ পৰিয়ালে ঘটনাটো অস্বীকাৰ কৰাৰ লগতে নাবালিকাগৰাকীৰ পৰিয়ালে ধন দাবী কৰাৰ অভিযোগ উত্থাপন কৰে ৷ অৱশ্যে আৰক্ষীৰ তদন্তৰ পিছতহে সমগ্ৰ সত্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে ৷

লগতে চাওকঃ আৰক্ষীক আক্ৰমণৰ অভিযোগত আটক দুই যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.