ETV Bharat / state

দুমাহ পূৰ্বে অপহৃতা কিশোৰী উদ্ধাৰত ব্যৰ্থ নগাঁও আৰক্ষী - nagaon news

22 অক্টোবৰত ধিং আৰক্ষী থানাৰ অন্তৰ্গত শালকাটি গাঁৱৰ পৰা অপহৰণ হৈছিল এগৰাকী 16 বছৰীয়া কিশোৰী ৷ কিশোৰী গৰাকীৰ পিতৃয়ে এই সন্দৰ্ভত নগাঁও আৰক্ষীক অৱগত কৰাৰ পাচতো কিশোৰী গৰাকী উদ্ধাৰত আৰক্ষী ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে ৷

minor girl kidnapped at nagaon
দুমাহ পূৰ্বে অপহৃতা কিশোৰী উদ্ধাৰত ব্যৰ্থ নগাঁও আৰক্ষী
author img

By

Published : Dec 23, 2020, 1:06 PM IST

ধিং,23 ডিচেম্বৰ : নগাঁৱৰ ধিং আৰক্ষী থানাৰ অন্তৰ্গত শালকাটি গাঁৱত সংঘটিত হৈছে এক অপহৰণৰ ঘটনা ৷ গাঁওখনৰ এগৰাকী 16 বছৰীয়া কিশোৰী ছাত্ৰীক অপহৰণ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে গাঁওবাসীৰ মাজত ৷

minor girl kidnapped at nagaon
দুমাহ পূৰ্বে অপহৃতা কিশোৰী উদ্ধাৰত ব্যৰ্থ নগাঁও আৰক্ষী

ঘটনা অনুসৰি, বিগত 22 অক্টোবৰত গাঁওখনৰ মোজামেল হুছেইন নামৰ লোকজনৰ 16 বছৰীয়া কন্যা অৰ্থাৎ দশম শ্ৰেণীৰ ছাত্ৰী নুৰুল নাহাৰে শালকাটি হাই মাদ্ৰাছালৈ গৈ থকাৰ সময়তে এটা দুৰ্বৃত্তৰ দলে অপহৰণ কৰি লৈ যায় কিশোৰী গৰাকীক ৷ সন্ধিয়া সময়লৈকে ঘৰলৈ উভতি নহাত পিতৃয়ে খবৰ কৰি প্ৰত্যক্ষদৰ্শীৰ পৰা গম পালে যে পথৰ পৰাই নুৰুলক অপহৰণ কৰি নিয়ে দুৰ্বৃত্তৰ দলটোৱে ৷

উক্ত ঘটনাৰ সবিশেষ জনাৰ পাচত ধিং আৰক্ষীৰ আহোম গাঁও পহৰা আৰক্ষী চকীত 26 অক্টোবৰত এখন এজাহাৰ দাখিল কৰে নুৰুলৰ পিতৃয়ে ৷ উক্ত এজাহাৰৰ ভিত্তিত ধিং আৰক্ষীয়ে এক গোচৰ পঞ্জীয়ন কৰি এজনক গ্ৰেপ্তাৰ কৰাৰ পাচত জেল হাজোতলৈ প্ৰেৰণ কৰে যদিও ৰহস্য জনকভাৱে এইখিনিতেই থমকি ৰ’ল ধিং আৰক্ষীৰ তদন্ত ।

ইফালে মূল অভিযুক্ত মোজাহাৰুলে কিশোৰী গৰাকীক জোৰ-জুলুম কৰি বিবাহ পাশত আবদ্ধ কৰায় ৷ অপহৰণকাৰী দলটোৰ আবুল কালাম,নজৰ আলী,আব্দুল বাৰিক মাষ্টৰ,হাবিবুৰ ৰহমান আৰু ছফিকুল ইছলামে 2 নৱেম্বৰত নুৰুলৰ পিতৃ মোজামেলক 5 লাখ টকা দাবী কৰে ৷ অন্যথা নুৰুলক ডিমাপুৰৰ মানৱ দেহ সৰবৰাহৰকাৰীৰ হাতত বিক্ৰী কৰি দিব বুলি ধমকি দিয়ে ।

তদুপৰি এই সন্দৰ্ভত আৰক্ষীক জনালে প্ৰাণ নাশৰ ভাবুকিও প্ৰদান কৰে দুৰ্বৃত্তৰ দলটোৱে ৷ নিৰাপত্তাহীন হৈ পিতৃয়ে এই সন্দৰ্ভত 3 নৱেম্বৰত নগাঁও জিলাৰ আৰক্ষী অধীক্ষকক সাক্ষাৎ কৰি লিখিত আভিযোগ দিয়াৰ পাচত 24 ঘণ্টাৰ ভিতৰত অপহৃতা নুৰুলক উদ্ধাৰৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু বৰ্তমানো কিশোৰী গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই নগাঁও আৰক্ষী ৷

লগতে পঢ়ক : ভূতনাথত চুৰিকাণ্ড সংঘটিত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.