ETV Bharat / state

নিজৰ এক মন্তব্য সন্দৰ্ভত স্পষ্টীকৰণ মন্ত্ৰী পিযুষ হাজৰিকাৰ

author img

By

Published : Aug 15, 2020, 12:34 PM IST

শুকুৰবাৰে মন্ত্ৰী পিযুষ হাজৰিকাৰ এটা মন্তব্যই জোকাৰণিৰ সৃষ্টি কৰাৰ পাচতেই সেই মন্তব্য সন্দৰ্ভত শনিবাৰে নগাঁৱৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাচত স্পষ্টীকৰণ দিলে মন্ত্ৰী পিযুষ হাজৰিকাই ৷

মন্ত্ৰী পিযুষ হাজৰিকাৰ
মন্ত্ৰী পিযুষ হাজৰিকাৰ

নগাঁও, 15 আগষ্ট: বৰ্তমান সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত অসমত দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰীৰ চিন্তা-চৰ্চা কৰা হোৱা নাই বুলি সংবাদ মাধ্যমযোগে উল্লেখ কৰে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিযুষ হাজৰিকাই ৷ শুকুৰবাৰে মন্ত্ৰী পিযুষ হাজৰিকাৰ এটা মন্তব্যই জোকাৰণিৰ সৃষ্টি কৰাৰ পাচতেই সেই মন্তব্য সন্দৰ্ভত স্পষ্টীকৰণ দিলে মন্ত্ৰীগৰাকীয়ে ৷ নগাঁৱৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাচত সাংবাদিকৰে হোৱা বাৰ্তালাপত তেওঁ স্পষ্ট কৰে তেওঁৰ মন্তব্য সন্দৰ্ভত সৃষ্টি হোৱা জোকাৰণি সন্দৰ্ভত ৷

নিজৰ এক মন্তব্য সন্দৰ্ভত স্পষ্টীকৰণ প্ৰদান মন্ত্ৰী পিযুষ হাজৰিকাৰ

তেওঁৰ স্পষ্টীকৰণ অনুসৰি, শুকুৰবাৰে সাংবাদিকে তেওঁক সুধিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ বাবে যোগ্য হয় নে নহয় ? এই প্ৰশ্নৰ উত্তৰত তেওঁ "মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যোগ্য, কিন্তু সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত দলটোৱে কোনো নতুন চিন্তা কৰা নাই " বুলি উত্তৰ প্ৰদান কৰিছিল বুলি উল্লেখ কৰে সংবাদ মাধ্যমযোগে ৷ সেই কথা তেওঁ নিজে কোৱা নাছিল ৷ সাংবাদিকে সোধা প্ৰশ্নৰহে উত্তৰ দিছিল ৷ কিন্তু অসমৰ ভিন্ন সংবাদ মাধ্যমৰ সাংবাদিকসকলে সেই কথাক খিচিৰি কৰি অন্য ৰূপ প্ৰদানৰ কৰাৰ চেষ্টা কৰে বুলি সংবাদ মাধ্যমযোগে উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী হ’লে খণ্ড-বিখণ্ড হ’ব অসম : প্ৰদীপ দত্ত ৰয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.