ETV Bharat / state

Pijush Hazarika in Nagaon : ৰাজ্যৰ পাঁচ উন্নত চহৰৰ অন্যতম নগাঁও চহৰ: পীযুষ হাজৰীকা

দুৰ্গোৎসৱত নগাঁওবাসীৰ বাবে মুকলি কৰিলে কলঙৰ ওপৰৰ আন এখন পকী দলং । নগাঁও চহৰৰ পৰিবহন কাৰ্যালয়ৰ সমীপত নিৰ্মাণ কৰা পকী দলং উদ্ধোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ । পকী দলং উন্মোচন কৰি মন্ত্ৰী হাজৰীকাৰ মন্তব্য- ৰাজ্যৰ পাঁচ উন্নত চহৰৰ অন্যতম নগাঁও চহৰ । বিধায়ক ৰূপক শৰ্মাক কৃতিত্ব দিলে মন্ত্ৰী পীযুষ হাজৰীকাই ।

Pijush Hazarika in Nagaon
নগাঁৱত মন্ত্ৰী পীযুষ হাজৰীকা
author img

By ETV Bharat Assamese Team

Published : Oct 21, 2023, 7:01 PM IST

নগাঁৱত মন্ত্ৰী পীযুষ হাজৰীকা

নগাঁও, 21 অক্টোবৰ : শাৰদীয় উৎসৱৰ মাজতে নগাঁওবাসীয়ে লাভ কৰিলে এখন পকী দলং । নগাঁও চহৰৰ মাজতে কলঙৰ ওপৰৰ পঞ্চমখন দলং শনিবাৰে উদ্ধোধন কৰে ৰাজ্য চৰকাৰৰ জলসম্পদ, জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই । নগাঁও চহৰৰ মাজমজিয়াৰ পৰিবহন বিভাগৰ কাৰ্যালয়ৰ সমীপৰ পকী দলংখন ৰাইজৰ বাবে মুকলি কৰি দিয়াত বহু সকাহ লাভ কৰিছে পথচাৰীয়ে ।

নগাঁৱৰ আয়ুস ৰেখাস্বৰূপ কলঙৰ ওপৰত পঞ্চমখন দলং উদ্ধোধন কৰি দিয়া ভাষণত মন্ত্ৰী পীযুষ হাজৰীকাই বিজেপি চৰকাৰৰ কাৰ্যকালত সমগ্ৰ ৰাজ্যতে হোৱা উন্নয়নমূলক আঁচনিৰ বিষয়ে উল্লেখ কৰে । বিশেষকৈ স্বাস্থ্য, যাতায়ত, শিক্ষা আদিৰ ক্ষেত্ৰত বিজেপি চৰকাৰে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰা বুলি মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই । স্বাস্থ্যখণ্ডৰ ব্যাপক পৰিৱৰ্তন হোৱাৰ কথা উল্লেখ কৰি আগন্তক ২০২৬ চনলৈ ৰাজ্যবাসীয়ে মুঠ ২৪ খন চিকিৎসা মহাবিদ্যালয় লাভ কৰিব বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ।

ইপিনে নগাঁও চহৰত পূৰ্বে এখন মাত্ৰ পকী দলং থকা বুলি উল্লেখ কৰে মন্ত্ৰী হাজৰীকাই । বিজেপি চৰকাৰৰ সাত বছৰীয়া কাৰ্যকালতে চাৰিখনকৈ পকী দলং ৰাইজৰ যাতায়তৰ বাবে নির্মাণ সম্পূৰ্ণ কৰি মুকলি কৰি দিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে পীযুষ হাজৰীকাই ৷ কেৱল এয়াই নহয় পূৰ্বতকৈ নগাঁও চহৰ উন্নয়নৰ ক্ষেত্ৰত আগুৱাই যাবলৈ সক্ষম হোৱা বুলিও উল্লেখ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ৷ ইয়াৰোপৰি মন্ত্ৰী হাজৰীকাই কয় যে বৰ্তমান ৰাজ্যৰ উন্নত পাঁচখন চহৰৰ ভিতৰত নগাঁও চহৰেও এক অন্যতম চহৰ হিচাবে স্থান লাভ কৰিবলৈ সক্ষম হৈছে । নগাঁও চহৰৰ এনে পৰিবৰ্তনৰ বাবে স্থানীয় বিধায়ক ৰূপক শৰ্মাকে কৃতিত্ব দিয়ে মন্ত্ৰী পীযুষ হাজৰীকাই । নিজৰ ভাষণত বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নিবনুৱা যুৱক-যুৱতীক চৰকাৰী নিযুক্তিৰ পৰা মহিলাসকলক আৰ্থিক সহায় কৰালৈকে এক উল্লেখনীয় পৰিবৰ্তন আনিবলৈ সক্ষম হোৱা বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই । নগাঁও চহৰৰ কলঙৰ ওপৰৰ পকী দলং উদ্ধোধনী অনুষ্ঠানত বিধায়ক ৰূপক শৰ্মা, ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস, নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিৎ নাথসহ বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক: Tense Situation in Nagaon : ৰকিবুল হুছেইনৰ সমষ্টিত পুনৰ কংগ্ৰেছীৰ বাধাৰ সন্মুখীন বিধায়ক আমিনুল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.