ETV Bharat / state

কলিয়াবৰত তিনিখনকৈ চৰকাৰী বিদ্যালয়ৰ আধাৰশিলা স্থাপন

author img

By

Published : Nov 1, 2020, 5:33 PM IST

স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ অধীনত ১৪,২৫০ কোটি টকাৰ অভিলাষী আঁচনিৰে ৰাজ‍্যৰ চাহ বাগিচা এলেকাত ১১৯ খন আদৰ্শ হাইস্কুল নিৰ্মাণৰ প্ৰকল্প ৷ কলিয়াবৰত তিনিখন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন কলিয়াবৰৰ স্থানীয় বিধায়ক কেশৱ মহন্তৰ ৷ ১৯৩৩ চনত বৃটিছৰ পৃষ্ঠপোষকতাত প্ৰতিষ্ঠিত কলিয়াবৰ হাইস্কুল , শিলঘাটৰ পাছত এয়ে পোন প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে কলিয়াবৰত হাইস্কুল স্থাপনৰ পদক্ষেপ বুলি মন্তব্য মন্ত্ৰী গৰাকীৰ ৷

স্বাধীনতাৰ ৭৩ বছৰৰ পিছত কলিয়াবৰত তিনিখনকৈ চৰকাৰী বিদ্যালয়ৰ আধাৰশিলা স্থাপন

কলিয়াবৰ, 1 নৱেম্বৰ: স্বাধীনতাৰ ৭৩ বছৰৰ পিছত ৰাজ্য চৰকাৰে প্ৰথমবাৰৰ বাবে চাহ বাগিচা অঞ্চলত ১১৯ খন আদৰ্শ উচ্চ মাধ্যামিক বিদ্যলয় স্থাপনৰ বাবে লোৱা প্ৰকল্পৰ দেওবাৰে শুভাৰম্ভ হ'ল ৷ প্ৰথম পৰ্য‍ায়ত অসমৰ মুঠ ১০১ টা স্থানৰ ভিতৰত 69 টা স্থানত বিদ‍্যালয় নিৰ্মাণৰ শুভাৰম্ভ কাৰ্য‍্যসূচী অনুষ্ঠিত হয় ৷ ৰাজ্য ভিন্ন প্ৰান্তত মুখ‍্যমন্ত্ৰীসহ ৰাজ‍্য চৰকাৰৰ মন্ত্ৰী , বিধায়ক আৰু সাংসদসকলে বিদ্যালয় নিৰ্মাণৰ শুভাৰম্ভ কাৰ্যসূচীত ভাগ লোৱাৰ সমান্তৰালকৈ কলিয়াবৰৰ স্থানীয় বিধায়ক কেশৱ মহন্তই মুঠ তিনিখন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে ৷

কলিয়াবৰত তিনিখন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন কলিয়াবৰৰ স্থানীয় বিধায়ক কেশৱ মহন্তৰ

নগাঁও জিলাৰ কলিয়াবৰ সমষ্টিত দেওবাৰে পুৰণা শালনা, দিজু ভেলী আৰু কেলিডেন অঞ্চলত মুঠ তিনিখন বিদ‍্যালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভাগ লৈ জল সম্পদ মন্ত্ৰী কেশৱ মহন্তই চৰকাৰী পৃষ্ঠপোষকতাত চৰকাৰী হাইস্কুল স্থাপন বৰ্তমানৰ মিত্ৰজোঁট চৰকাৰৰ যুগান্তকাৰী পদক্ষেপ বুলি উল্লেখ কৰে । ১৯৩৩ চনত বৃটিছৰ পৃষ্ঠপোষকতাত প্ৰতিষ্ঠিত কলিয়াবৰ হাইস্কুল , শিলঘাটৰ পাছত এয়ে পোন প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে কলিয়াবৰত হাইস্কুল স্থাপনৰ পদক্ষেপ বুলিও মন্ত্ৰী গৰাকীয়ে এক মন্তব্য কৰে ।

উল্লেখ্য যে অসমৰ জন - জীৱনক অৰ্থনৈতিক আৰু সাংস্কৃতিকভাবে চহকী কৰা চাহ বাগিচাসমূহৰ ছাত্ৰ-ছাত্ৰীসকলক উচ্চ শিক্ষিত কৰি তোলাৰ এক মহৎ উদ্দেশ‍্যেৰে ৰাজ‍্য চৰকাৰে স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ অধীনত ১৪,২৫০ কোটি টকাৰ অভিলাষী আঁচনিৰে ৰাজ‍্যৰ চাহ বাগিচা এলেকাত ১১৯ খন আদৰ্শ হাইস্কুল নিৰ্মাণৰ প্ৰকল্প হাতত লৈছে ৷ সোমবাৰে ৰাজ্যৰ অন্য 32 টা অঞ্চলত বিদ্যালয় আধাৰশিলা স্থাপনৰ কাম হাতত লোৱা হৈছে ৷

জানিব পৰা মতে ২০২৯-২০২১ বৰ্ষৰ স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ অধীনত ১৪২.৫ কোটি টকাৰ অভিলাষী আঁচনিৰে নিৰ্মাণ হ'বলগীয়া ১১৯ খন বিদ‍্যালয়ৰ প্ৰতিখন বিদ‍্যালয়ৰ নিৰ্মাণত ব‍্যয় হ'ব 1 কোটি 19 লাখ 75 হাজাৰ টকা। এই আদৰ্শ বিদ্যালয় সমূহত বিদ‍্যালয়ৰ মূল প্ৰৱেশ পথৰ লগতে প্ৰধান শিক্ষকৰ জিৰণী কোঠা (সুকীয়া শৌচালয়সহ), শিক্ষকৰ জিৰণী কোঠা (সুকীয়া শৌচালয়সহ), ৬টা শ্ৰেণী কোঠা, বিশেষভাবে সক্ষম ছাত্ৰ-ছাত্ৰীৰ বাবে সুকীয়া শৌচালয়, ছাত্ৰ-ছাত্ৰীৰ বাবে সুকীয়া শৌচালয় আৰু চৌহদৰ পকীবেৰ থাকিব ।
দেওবাৰৰ শুভাৰম্ভণী অনু্ষ্ঠানত অসম চাহ নিগমৰ উপাধ‍্যক্ষ সীমাঞ্চল দীগাল, কলিয়াবৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি বিতোপন নেওগকে ধৰি বিভিন্ন স্তৰৰ বহুকেইগৰাকী গণ‍্য-মান‍্য ব‍্যক্তি তথা স্থানীয় ৰাইজ উপস্থিত থাকে ।
লগতে পঢ়ক: সমাগত নিৰ্বাচনৰ প্ৰাকমূহুৰ্ততহে চাহ শ্ৰমিকলৈ মনত পৰিছে মন্ত্ৰী-বিধায়কৰ!

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.