ETV Bharat / state

Suspension of RDD employees: গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীক নিলম্বনৰ সকীয়নি জয়ন্ত মল্ল বৰুৱাৰ

author img

By

Published : Jan 11, 2023, 8:34 PM IST

ৰাজ্যৰ জলমিত্ৰসকলৰ প্ৰাপ্য লাভৰ ক্ষেত্ৰত সৰৱ হৈ পৰিছে ৰাজ্য চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ৷ বিহুৰ পূৰ্বে প্ৰাপ্য আদায় নকৰিলে পঞ্চায়ত সচিবক নিলম্বনৰ নিৰ্দেশনা মন্ত্ৰীগৰাকীৰ (Jayanta Malla Baruah Suspension of RDD employees)৷

Minister Jayanta Malla Baruah warns of suspension of rural development department employees
গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীক নিলম্বনৰ সকিয়নি জয়ন্ত মল্ল বৰুৱাৰ

নগাঁও, 11 জানুৱাৰী: বুধবাৰে নগাঁৱৰ ননৈত দিনজোৰা কাৰ্যসূচীৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা (Minister Jayanta Malla Baruah in Nagaon) উপস্থিত হৈ কেইবাখনো চৰকাৰী আঁচনি উদ্বোধন কৰে ৷ এই অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীক নিলম্বনৰ সকীয়নি প্ৰদান কৰি কয় যে গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰী জলমিত্ৰসকলক সময়মতে প্ৰাপ্য আদায় দিয়াৰ ক্ষেত্ৰত যদি কোনো পঞ্চায়ত সচিবে গাফিলতি কৰে তেন্তে তেওঁলোকক বিহুৰ পিছতেই নিলম্বন কৰা হ’ব (Jayanta Malla Baruah Suspension of RDD employees) ৷

"মই বিহুলেকে চাই আছো, বিহুৰ পিছত ৰেহাই নাই ৷ বিহুৰ আগত জলমিত্ৰসকলক প্ৰাপ্য দি শেষ কৰিব লাগিব ৷ মই তেওঁলোকক জলমিত্ৰৰ একাউণ্টত পইচা হস্তান্তৰ কৰিবলৈ নিৰ্দেশনা দিছিলো ৷ কিন্তু তেওঁলোকে দুইনম্বৰী কৰাৰ ধাণ্ডাত হেমাহি কৰি আছে (Suspension of RDD employees) ৷"

বুধবাৰে নগাঁৱৰ বঢ়মপুৰত পানী যোগান আঁচনিৰ লগতে ২৪ খনকৈ আঁচনিৰ শুভাৰম্ভ (24 schemes launch at Nonoi) কৰি তেওঁ সংবাদমাধ্যমক সম্বোধন কৰে । কেন্দ্ৰীয় চৰকাৰে জলজীৱন মিছনৰ অধীনত গ্ৰহণ কৰা আঁচনিয়ে গ্ৰাম্য অঞ্চলৰ দৰিদ্ৰ পৰিয়ালক উপকৃত কৰিব বুলি মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই (Minister Jayanta Malla Baruah)।

ইপিনে মন্ত্ৰীগৰাকীৰ টুইটাৰ একাউণ্ট হেক কৰাৰ সন্দৰ্ভত তেওঁ লগতে কয় যে ৰাতিৰে পৰা মন্ত্ৰীগৰাকীৰ টুইটাৰ একাউণ্ট হেক হৈছে (Jayanta Malla Baruah twitter account hack) । কিন্তু এতিয়াও ৰিক'ভাৰী হোৱা নাই একাউণ্টটো ৷

লগতে মন্ত্ৰীগৰাকীয়ে কয় যে বাংলাদেশী ভোটেৰে ৰাজনীতি কৰাসকল ভীতিগ্ৰস্ত হৈছে । অসম আন্দোলন আৰু এন আৰ চিয়ে জাতি ৰক্ষা কৰিব নোৱাৰিলে । সমষ্টি পুনৰ নিৰ্ধাৰণে জাতিক ৰক্ষা কৰিব । অসমত এতিয়া পৰ্যটকৰ বাবে এটা পৰিৱেশ গঢ়ি উঠিছে ৷ অসমত পৰ্যটকৰ সংখ্যা বৃদ্ধি হৈছে ৷

ইপিনে নগাঁৱৰ বঢ়মপুৰ সমষ্টিৰ চাপানলাৰ পৰ্যটনক্ষেত্ৰত উপস্থিত হৈ পৰ্যবেক্ষণ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । পৰ্যটকৰ প্ৰচুৰ সম্ভাৱনা থকা চাপানলাত সতীৰ্থ বিধায়ক জিতু গোস্বামীক লগত লৈ উপস্থিত হৈ চাপানলাক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য প্ৰকাশ কৰে ।

ইপিনে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠিত চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ স্থিতিৰ বাবে পূৰ্বতকৈ দুৰ্নীতি হ্ৰাস পোৱা বুলিও মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।

লগতে পঢ়ক: Abhijit Sharma on Ranjan Gogoi: 32 দিনৰ ভিতৰত ক্ষমা নুখুজিলে ৰঞ্জন গগৈৰ বিৰুদ্ধে তৰিব মানহানিৰ গোচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.