ETV Bharat / state

কেৱল মিঞা ভোটৰ ওপৰত নিৰ্ভৰশীল কংগ্ৰেছ : জয়ন্ত মল্ল বৰুৱা - প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছ

য'ত মিঞা ভোট আছে তাতেই কংগ্ৰেছ আছে । নগাঁও লোকসভা সমষ্টিক লৈ গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈৰ মাজত সংঘাত হৈ থাকিব । এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ৷

Minister Jayanta Malla Baruah
কংগ্ৰেছক কটাক্ষ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
author img

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 5:25 PM IST

কংগ্ৰেছক কটাক্ষ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

নগাঁও, 29 নৱেম্বৰ : কেৱল মিঞা ভোটৰ ওপৰতে নিৰ্ভৰশীল কংগ্ৰেছ দল ৷ য'ত মিঞা ভোট আছে তাতেই কংগ্ৰেছ আছে । বুধবাৰে নগাঁৱত এই বিস্ফোৰক মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।

বুধবাৰে নগাঁৱত সংবাদ মাধ্যমৰ সন্মুখত কংগ্ৰেছক লৈ কেবাটাও বিস্ফোৰক মন্তব্য কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । মন্ত্ৰীগৰাকীয়ে কয়, ‘‘ নগাঁও লোকসভা সমষ্টিক লৈ গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈৰ মাজত সংঘাত হৈ থাকিব । মিঞাৰ ভোটৰ আশাত কংগ্ৰেছে নিৰ্বাচন খেলে । অসমীয়া খিলঞ্জীয়াৰ ভোট নাই কংগ্ৰেছৰ পক্ষত ।’’

শেহতীয়াকৈ কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰা সুৰেশ বৰাৰ সন্দৰ্ভত বিৰোধীৰ উপ-দলপতি ৰকিবুল হুছেইনে কৰা মন্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । মন্ত্ৰী বৰুৱাই কয়, ‘‘ কংগ্ৰেছে কৰ্মীক সন্মান কৰিব নাজানে । আমি কংগ্ৰেছ এৰাৰ পাচত ৰাজীৱ ভৱন ধুই চাফা কৰিছিল । তাৰ পাচৰে পৰা অসমত কংগ্ৰেছ একেবাৰে চাফা হৈ গ'ল ।’’

দলটোৰ ক্ষতিৰ কথা কংগ্ৰেছৰ নেতৃত্বই চিন্তা নকৰে বুলি মন্তব্য কৰি সেয়ে দলটোৰ এই অৱস্থা বুলিও কটাক্ষ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । আগন্তক লোকসভা নিৰ্বাচনত ১৪ খন আসনতেই জয়লাভ কৰাৰ লক্ষ্যৰে বিজেপি আগবাঢ়ি আছে বুলিও মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।

আগন্তুক লোকসভা নিৰ্বাচনত চাৰে এঘাৰখন আসন বিজেপিয়ে লাভ কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰাৰ প্ৰসংগত মন্ত্ৰী বৰুৱাই কয় যে সেয়া যাতে ১২ খন কৰিব পাৰি তাৰ বাবে চেষ্টা অব্যাহত ৰখা হৈছে ৷ বিজেপি ১৪ খন আসনতে জিকাৰো সম্ভাৱনা নথকা নহয় বুলিও মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷

ইয়াৰোপৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকো কটাক্ষ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । জীৱনত এটা নিৰ্বাচনতো জয়ী হ'ব নোৱাৰা ভূপেন বৰাই পৰাজয়ৰ ৰেকৰ্ড গঢ়িবলৈ গৈ আছে বুলিও কটাক্ষ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।

লগতে পঢ়ক : হিমন্ত বিশ্ব শৰ্মাৰ দিনত ৰাতিহে কেলেংকাৰী হৈছে, দিনত নাই হোৱা : ৰকিবুল হুছেইন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.