কলিয়াবৰ, 13 জুন: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এনিমেল কৰিড’ৰ(Kaziranga Animal Corridor) আৰু কাৰ্বি পাহাৰৰ বন ধ্বংসৰ (Karbi Hills Deforestation) প্ৰসংগত নৱ-নিযুক্ত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ মন্তব্য- "দায়িত্ব লোৱা দুদিনহে হৈছে, প্ৰথমে বিষয়বোৰ জানি লওঁ" ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এনিমেল কৰিড’ৰসমূহৰ আশে-পাশে থকা গাঁৱত নতুনকৈ গৃহ নিৰ্মাণৰ কাম কৰিবলৈ নিদিয়া সন্দৰ্ভত মন্তব্য বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ (Minister Chandra Mohan Patowary)।
উল্লেখ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ এনিমেল কৰিড'ৰ আৰু এনিমেল কৰিড'ৰত অবৈধ নিৰ্মাণৰ বিৰুদ্ধে ২০১৯ বৰ্ষৰ ১২ এপ্ৰিলত উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ৰ পুণৰীক্ষণ তথা শুধৰণিৰ বিষয়টো লৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল কলিয়াবৰৰ কেইজনমান ব্যৱসায়ী তথা একাংশ স্থানীয় ৰাইজ ।
কাৰ্বি পাহাৰত চলা অবাধ বন ধ্বংস সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নত দায়সৰা মন্তব্য বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ । অবাধ বনধ্বংস হোৱাৰ বিষয়ে জ্ঞাত নহয় বুলি মন্তব্য কৰিলে নতুন বনমন্ত্ৰী পাটোৱাৰীয়ে । মন্ত্ৰীগৰাকীৰ মন্তব্য- ’’নতুন দায়িত্ব লোৱা দুদিনহে হৈছে, বিষয়টো তদাৰক কৰিম ৷ সময় ল’ব ।’’
উল্লেখ্য যে, কাৰ্বি পাহাৰত দীৰ্ঘদিন ধৰি অবাধে বনধ্বংস কৰি আহিছে একাংশ দুস্কৃতিকাৰীয়ে । দীৰ্ঘ সময় ধৰি সেউজ ভূমি কাৰ্বি পাহাৰৰ মূল্যবান কাঠ কাটি তহিলং কৰিছে একাংশ দুস্কৃতিকাৰীয়ে । তেজপুৰৰ কেবিনেট বৈঠকৰ পৰা উভটনি যাত্ৰাৰ পথত কেন্দ্ৰীয় চৰকাৰৰ অষ্টম বৰ্ষৰ সমাপ্তি উপলক্ষে অনুষ্ঠিত এক সভাত অংশগ্ৰহণ কৰাৰ অন্তত সাংবাদিকৰ প্ৰশ্নত উত্তৰত এনে মন্তব্য প্ৰকাশ কৰে চন্দ্ৰমোহন পাটোৱাৰীয়ে (Assam forest minister)।
লগতে পঢ়ক: "মই সাভাৰকাৰ নহয়, মই ৰাহুল গান্ধী": ED কাৰ্যালয়ত উপস্থিত ৰাহুল গান্ধী