চামগুৰি, 29 মাৰ্চ: এক বিশেষ পুষ্টিকৰ আহাৰৰ প্ৰতি বিশ্ববাসীৰ মাজত সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে চলিত বৰ্ষত পালন কৰা হৈছে ইন্টাৰনেশ্যনেল মিলেট ইয়েৰ ৷ মিলেট হৈছে ভাত-ৰুটীৰ দৰে গধুৰ আহাৰৰ বিকল্প হিচাবে সকলো স্তৰৰ লোকে গ্ৰহণ কৰিব পৰা এবিধ অতি পুষ্টিকৰ সুষম আহাৰ (Millet Festival in Samaguri) ৷
পৃথিৱীৰ বিভিন্ন স্থানৰ ভিন্ন জলবায়ু তথা প্ৰতিকুল পৰিবেশতো অতি সহজতে কৃষক ৰাইজে কৰিব পৰা মিলেটৰ খেতি আৰু খাদ্যাভাসৰ ওপৰত শেহতীয়াকৈ সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিছে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰেও ৷ এই "ইন্টাৰনেশ্যনেল মিলেট ইয়েৰ"ৰ লগত সংগতি ৰাখি উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ চৰকাৰী হোটেল মেনেজমেন্টৰ পাঠ্যক্ৰম আৰু প্ৰশিক্ষণ কেন্দ্ৰ হিচাবে খ্যাত নগাঁও জিলাৰ চামগুৰিৰ ৰঙাগড়াস্থিত ফুড ক্ৰাফ্ট প্ৰতিষ্ঠানত আড়ম্বৰপূৰ্ণ ভাৱে আয়োজন কৰা হয় মিলেট ফেষ্টিভেল (Millet Festival celebrated at Food Craft Institute Samaguri)।
স্বাস্থ্যৰ বাবে অতি উপকাৰী সুস্বাদু মিলেটৰে বিভিন্ন ব্যঞ্জন প্ৰস্তুক কৰি প্ৰতিষ্ঠানখনত প্ৰশিক্ষণৰত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহি শিক্ষীগ্ৰহণ কৰি থকা প্ৰশিক্ষাৰ্থীসকলে অপ্যায়ন কৰিলে আমন্ত্ৰিত অতিথিসকলক ৷ তদুপৰি ভাৰত চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্যোগত ফুড ক্ৰাফ্টৰ এই প্ৰতিষ্ঠানখনত অনুষ্ঠিত কৰা উৎসৱটিত বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰ জৰিয়তে উদ্যোক্তাসকলে মিলেটক ৰাইজৰ মাজত প্ৰচাৰৰ প্ৰয়াস কৰা দেখা গ'ল (Millet Festival celebrated at Food Craft Institute)৷
মিলেট এনে এবিধ আহাৰ যাৰ সহায়ত কেৱল জনস্বাস্থ্য উন্নয়নেই নহয়, দেশৰ তথা ৰাজ্যৰ পৰ্যটনৰ দিশটোকো যে বাৰুকৈয়ে টনকিয়াল কৰিব পৰা যাব সেই কথা প্ৰশিক্ষণাৰ্থী আৰু সৰ্বসাধাৰণ ৰাইজৰ মাজত প্ৰসাৰ তথা সজাগতা বৃদ্ধি কৰাৰ প্ৰয়াস কৰিলে ফুড ক্ৰাফ্টত প্ৰতিষ্ঠানত উদযাপন কৰা "মিলেট ফেষ্টিভেল"ৰ জৰিয়তে (Food Craft Institute Samaguri Nagaon) ৷
মিলেট ফেষ্টিভেল হৈছে 2023 চনত অনুষ্ঠিত হোৱা বহুতো মিলেট সম্পৰ্কীয় অনুষ্ঠানৰ অংশ, যাক ৰাষ্ট্ৰসংঘই আন্তৰ্জাতিক মিলেট বৰ্ষ হিচাপে ঘোষণা কৰিছে ।