ETV Bharat / state

ভয়-শংকাৰ মাজেৰে দি কটাইছে বামুনি মিকিৰ গ্ৰান্টৰ কৃষকে - আৰক্ষীয়ে উচ্ছেদ

শংকাত দিন কটাব লগীয়া হৈছে বামুনি মিকিৰ গ্ৰান্টৰ লোকসকলে ৷ মঙলবাৰে আৰক্ষীয়ে উচ্ছেদৰ নামত মহিলা কৃষকৰ ওপৰত চলোৱা বৰ্বৰতাৰ পিছত আৰক্ষীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰি গাঁওখনত একপ্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন হৈছে আৰক্ষীৰ বিৰুদ্ধে।

মিকিৰ বামুণী গ্ৰাণ্টৰ কৃষকৰ ওপৰত আৰক্ষীয়ে নিৰ্মম অত্যাচাৰ চলোৱাৰ গুৰুত্বৰ অভিযোগ

author img

By

Published : Dec 31, 2020, 8:53 PM IST

নগাঁও,31 ডিচেম্বৰ : পুৰণিক বিদায় দি নতুনক আদৰিবলৈ সকলো ব্যস্ত। কিন্তু ভয়, আতংক আৰু ভৱিষ্যতৰ নিৰাপত্তাক লৈ শংকিত নগাঁৱৰ বঢ়মপুৰৰ বামুনি মিকিৰ গ্ৰাণ্টৰ কৃষক। মঙলবাৰে আৰক্ষীয়ে উচ্ছেদৰ নামত মহিলা কৃষকৰ ওপৰত চলোৱা বৰ্বৰতাৰ পিছত আৰক্ষীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰি গাঁওখনত একপ্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন হৈছে আৰক্ষীৰ বিৰুদ্ধে।

নগাঁৱৰ বঢ়মপুৰৰ মিকিৰ বামুনি গ্ৰাণ্টৰ মঙলবাৰৰ এটা ভয়ংকৰ দৃশ্য । মহিলা, কৃষকৰ ওপৰত জঁপিয়াই পৰিছিল অসম আৰক্ষীৰ এটা বৃহৎ বাহিনী। আৰু তাৰ পিছতেই এক আতংকময় পৰিবেশ বিৰাজমান সমগ্ৰ অঞ্চলত। যি সময়ত এটা নতুন বছৰক আদৰিবলৈ চৌদিশে উখল-মাখল পৰিবেশ তেনে এক সময়ত ভয় ,আতংকৰ মাজেৰে এটা বছৰক বিদায় দিবলগীয়া হৈছে বামুণী মিকিৰ গ্ৰাণ্টৰ কৃষকসকলে। আচলতে মিকিৰ বামুণী গ্ৰাণ্টৰ তিনিশ বিঘা কৃষিভূমিত আজুৰ নামৰ এটা ব্যক্তিগত কোম্পানীৰ চকু পৰাৰ বাবেই অঞ্চলটোত আজি বিৰাজমান এনে এক আতংকময় পৰিস্থিতিৰ। বছৰ বছৰ ধৰি কৃষি কাৰ্যৰে জীৱিকা অর্জন কৰি অহা অঞ্চলটোৰ ৰায়তী খতিয়ানপ্ৰাপ্ত কৃষকক উচ্ছেদ কৰি কোম্পানীটোৱে আৰম্ভ কৰিছে সৌৰ শক্তিৰ এটা বৃহৎ প্ৰকল্পৰ কাম।

মিকিৰ বামুণী গ্ৰাণ্টৰ কৃষকৰ ওপৰত আৰক্ষীয়ে নিৰ্মম অত্যাচাৰ চলোৱাৰ গুৰুত্বৰ অভিযোগ

এই বৃহৎ কৃষিভূমিক লৈ ন্যায়ালয়ত এটা গোচৰ চলি আছে যদিও ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ে কোম্পানীটোৰ পক্ষত দিয়া এটা ৰায়ৰ গইনা লৈ কৃষকক উচ্ছেদ কৰিবলৈ মঙলবাৰে উপস্থিত হৈছিল আৰক্ষীৰ এটা বৃহৎ বাহিনী। আৰক্ষীক বাধা প্ৰদানৰ চেষ্টা কৰা কৃষকৰ ওপৰত জঁপিয়াই পৰিছিল আৰক্ষী বাহিনী। এই ঘটনাক লৈ অঞ্চলটোত আজিও অব্যাহত আছে তীব্ৰ উত্তেজনা । আৰক্ষীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰি গাঁওখনৰ চাৰিজনকৈ লোকক গ্ৰেপ্তাৰ কৰাৰ উপৰিও নিশা হ’লেই অভিযুক্তক বিচাৰি আৰক্ষীয়ে হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে গাওঁবাসীয়ে। আৰক্ষীৰ অত্যাচাৰ অঞ্চলটোৰ পুৰুষসকল পলাই থাকিবলগীয়াৰ উপৰিও মহিলাসকলেও কটাবলগীয়া হৈছে বিনিদ্ৰ ৰজনী।

ইপিনে বৃহস্পতিবাৰে নিখিল ভাৰত কৃষক সভাৰ নগাঁও জিলা সমিতিৰ নেতৃত্বত গাঁওখনত অনুষ্ঠিত হয় ৰাইজ মেল। ৰাইজমেলত চি পি আই এমৰ নেতাও উপস্থিত থাকে। ৰাজমেলৰ জৰিয়তে চৰকাৰক গাঁওবাসীৰ কঠোৰ সকিয়নী। তেজ দিবলৈ সাজু কিন্তু মাটি এৰি নিদিয়ে ব্যক্তিগত কোম্পানীক । গাঁওখনত আৰক্ষীৰ বৰ্বৰ অত্যাচাৰ চলাৰ অভিযোগ উত্থাপন কৰি তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰে কৃষক সভাৰ নগাঁও জিলা সমিতিয়ে ।

উল্লেখযোগ্য যে, খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰৰ কথা কোৱা সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনতেই কৃষকক উচ্ছেদ কৰি বণিক গোষ্ঠীক মাটি দিব বিচৰা কাৰ্যই উদঙাইছে চৰকাৰখনৰ খিলঞ্জীয়াৰ প্ৰতি থকা দেখুওৱা দৰদৰ প্ৰকৃত নমুনা । সম্প্ৰতি এই ঘটনাই চৰকাৰখনৰ বিৰুদ্ধে সৰ্বত্ৰে ধিক্কাৰৰ জোৱাৰ উঠা দেখা গৈছে ।

লগতে পঢ়কঃ চিবিএছইৰ চূড়ান্ত পৰীক্ষাৰ দিন ঘোষণা কেন্দ্ৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.