ETV Bharat / state

জুৰীয়াৰ বিদ্যালয়ত পচিছে মধ্যাহ্ন ভোজনৰ চাউল

author img

By

Published : Aug 25, 2022, 7:01 PM IST

জুৰীয়াৰ এখন বিদ্যালয়ত সংঘটিত এক আজৱ ঘটনা । বস্তাই বস্তাই পচিছে মধ্যাহ্ন ভোজনৰ চাউল (Midday meal misused in Nagaon)। ঘটনাক গাপ দিবলৈ মাটিৰ তলত পুতি ৰাখিছে চাউলৰ বস্তা । সাংবাদিকৰ অনুসন্ধানত পোহৰলৈ আহিছে এই ঘটনা।

Juria
Juria

নগাঁও, ২৫ আগষ্ট : জুৰীয়াৰ কান্দুলিমাৰী চিৰাজিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ঘটিছে আজৱ কাণ্ড । বিদ্যালয়খনত বস্তাই বস্তাই পচিছে মধ্যাহ্ন ভোজনৰ চাউল (Midday meal misused in Juria school) । ছাত্ৰ-ছাত্ৰীক প্ৰদানৰ বিপৰীতে মাটিৰ তলত পুতি ৰাখিছে মধ্যাহ্ন ভোজনৰ চাউল । যাৰ ফলত মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত হৈছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল (student betrayed from mid day meal) ।

জুৰীয়াৰ বিদ্যালয়ত পচিছে মধ্যাহ্ন ভোজনৰ চাউল

মাটিৰ তলত পুতি ৰখা অৱস্থাতে পচি গৈছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ বাবে চৰকাৰে যোগান ধৰা মধ্যাহ্ন ভোজনৰ চাউল । এই কাণ্ড ঘটিছে নগাঁৱৰ জুৰীয়াৰ কান্দুলিমাৰী চিৰাজিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত (Midday meal rice buried underground) । উল্লেখ্য, যিসময়ত শিক্ষাৰ মানদণ্ড উন্নত নকৰা অথবা ফলাফলশূন্য বহু বিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিছে, তেনে সময়তে জুৰীয়াৰ এইখন চৰকাৰী বিদ্যালয়ত সংঘটিত হৈছে এক আজৱ ঘটনা ।

চৰকাৰী বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীক দুপৰীয়া আহাৰৰ বাবে চৰকাৰে চাউলৰ যোগান ঠিকেই ধৰি আহিছে যদিও জুৰীয়াৰ এইখন চৰকাৰী বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ চূড়ান্ত দায়িত্বজ্ঞানহীনতাৰ বাবেই বস্তাই বস্তাই পচিছে মধ্যাহ্ন ভোজনৰ চাউল । বৃহস্পতিবাৰে সাংবাদিকৰ এক অনুসন্ধানত (Journalists investigation of midday meal rice) পোহৰলৈ আহিছে এই তথ্য ।

কেমেৰাত বন্দী হৈছে মাটিত পুতি থোৱা বস্তাই বস্তাই মধ্যাহ্ন ভোজনৰ চাউলৰ দৃশ্য । কিন্তু বিদ্যালয়খনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ ওপৰতে দোষ ঠেলি দি দায় সৰাৰ চেষ্টা বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ । উল্লেখ্য, মাটিত পুতি থোৱা চাউল সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰাটোৱেই প্ৰমাণ কৰে বিদ্যালয়খনৰ প্ৰতি থকা প্ৰধান শিক্ষকজনৰ দায়বদ্ধতাৰ কথা । আনহাতে, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক বঞ্চিত কৰি মধ্যাহ্ন ভোজনৰ চাউল মাটিত পুতি থোৱা ঘটনাৰ এক উচিত তদন্তৰ দাবী জনাইছে স্থানীয় একাংশ লোকে (people demanded proper probe of corruption) ।

লগতে পঢ়ক :ৰঙিয়াত প্ৰধান শিক্ষকৰ বিৰুদ্ধে ৰাইজৰ সংবাদমেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.