ETV Bharat / state

বটদ্ৰৱাত এম জি এনৰেগা আঁচনিত ব্যাপক দুৰ্নীতিৰ অভিযোগ - Dalanghat Development Block

বটদ্ৰৱা সমষ্টিৰ অধীনষ্ঠ পঞ্চায়তত অবাধ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ এই অভিযোগ উত্থাপিত হৈছে সমষ্টিটোৰ দলংঘাট উন্নয়ন খণ্ডৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী আৰু স্বামীৰ বিৰুদ্ধে ৷ বিধায়িকা আংগুৰলতা ডেকাৰ অজ্ঞাতে এই দুৰ্নীতি অব্যাহত ৰাখিছে একাংশ পঞ্চায়ত প্ৰতিনিধিয়ে ৷

MGNREGA Scam at batadrava nagaon assam etv bharat news
এম জি এনৰেগা আঁচনিত দুৰ্নীতিৰ অভিযোগ
author img

By

Published : Jul 31, 2020, 5:42 PM IST

বটদ্ৰৱা,31 জুলাই: বটদ্ৰৱা সমষ্টিৰ অধীনষ্ঠ পঞ্চায়তসমূহত অবাধ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ এই অভিযোগ উত্থাপিত হৈছে সমষ্টিটোৰ দলংঘাট উন্নয়ন খণ্ডৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী আৰু স্বামীৰ বিৰুদ্ধে ৷ কৰ’ণা সংক্ৰমণৰ সুযোগ গ্ৰহণ কৰি এই দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ বিধায়িকা আংগুৰলতা ডেকাৰ অজ্ঞাতে এই দুৰ্নীতি অব্যাহত ৰাখিছে একাংশ পঞ্চায়ত প্ৰতিনিধিয়ে ৷ পঞ্চায়তৰ অধীনত এম জি এনৰেগা আৰু 14 ফাইনেঞ্চ আঁচনিৰ অধীনত সংঘটিত হৈছে বৃহৎ দুৰ্নীতি ৷ শেহতীয়াকৈ পোহৰলৈ আহিছে দলংঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত আইভেটি গাঁও পঞ্চায়তত চলি থকা অবাধ দুৰ্নীতিৰ তথ্য ৷

পঞ্চায়তখনৰ সভানেত্ৰী কল্পনা বৰাৰ লগতে স্বামী চিণ্টো বৰাই দীৰ্ঘদিনে পঞ্চায়তৰ বিভিন্ন আঁচনিৰ নামত সংঘটিত কৰিছে বিয়াগোম দুৰ্নীতি ৷ উল্লেখ্য যে,পঞ্চায়তখনৰ বৰচিলা গড়কাপ্তানী পথৰ পৰা শিঙিয়া দলনী পথাৰ সংযোগী পথটোৰ নামৰ এম জি এনৰেগা আঁচনিৰ অধীনত নিৰ্মাণ কৰিবলৈ আবণ্টিত হৈছিল প্ৰায় ৬,৪৭,৪৪৩ লক্ষাধিক টকা ৷ কিন্তু কামটোৰ বাবদ মাত্ৰ সাত ট্ৰাক মাটি পেলাই দায়িত্ব সামৰে সংশ্লিষ্ট কৰ্তৃপক্ষই ৷ লগতে কামটোৰ বাবে আবণ্টিত ধনৰ প্ৰায় পঞ্চাশ শতাংশ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে বৰ্তমান পঞ্চায়ত নেত্ৰীগৰাকীৰ বিৰুদ্ধে ৷

এম জি এনৰেগা আঁচনিত দুৰ্নীতিৰ অভিযোগ

ইয়াৰ পূৰ্বেও পঞ্চায়তখনৰ বহু কেইখন চৰকাৰী আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছিল সভানেত্ৰীগৰাকীৰ স্বামী চিন্টো বৰাৰ বিৰুদ্ধে ৷ উক্ত অভিযোগ উত্থাপন কৰিছিল স্বয়ং বিজেপি দলৰ কৰ্মী-সমৰ্থকে ৷ সম্প্ৰতি এই দুৰ্নীতিৰ তথ্য পোহৰলৈ অহাত স্থানীয় ৰাইজে বিষয়টোত হস্তক্ষেপ দাবী কৰিছে বিধায়িকা আঙুৰলতা ডেকাৰ ৷ বিধায়িকাগৰাকীয়ে বিষয়টো সন্দৰ্ভত শীঘ্ৰে উচিত তদন্তৰ ব্যৱস্থা কৰিব বুলি আশাবাদী অঞ্চলটোৰ স্থানীয় ৰাইজ ৷ সমষ্টিটোৰ অন্তৰ্গত দলংঘাট আৰু বটদ্ৰৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত অধিকাংশ পঞ্চায়ততে এনেধৰণে সংঘটিত হৈ আহিছে দুৰ্নীতি ৷ ৰাইজৰ আহ্বানৰ প্ৰতি বিধায়িকা আঙুৰলতা ডেকাই কেনেদৰে সঁহাৰি জনাব সেয়া সময়ত লক্ষণীয় হ’ব ৷

লগতে চাওকঃ পুঠিমাৰী নৈৰ বানত পুনৰ জলমগ্ন ৰঙিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.