ETV Bharat / state

মহানগৰীৰ ক’ভিড আক্ৰান্তৰ নগাঁৱৰ বাসগৃহত স্বাস্থ্য বিভাগৰ দল

author img

By

Published : Apr 4, 2020, 8:08 PM IST

মহানগৰীৰ স্পেনিছ গাৰ্ডেনৰ ক’ভিড 19 ত আক্ৰান্ত ব্যক্তিগৰাকীৰ নগাঁৱৰ বাসগৃহত শনিবাৰে উপস্থিত স্বাস্থ্য বিভাগৰ এটা দল ৷ ব্যক্তিগৰাকীৰ পৰিয়ালৰ সদস্যৰ লগতে বনকৰা মহিলা, ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰী সহ মুঠ ১১জন লোকক চিকিৎসালয়ৰ আছুতীয়া কক্ষত ৰখাৰ ব্যৱস্থা কৰে স্বাস্থ্য বিভাগে ৷

medical department at spanish garden covid effected people house nagaon
মহানগৰীৰ ক’ভিড আক্ৰান্তৰ নগাঁৱৰ বাসগৃহত স্বাস্থ্য বিভাগৰ দল

নগাঁও,4 এপ্ৰিলঃ দিল্লীৰ নিজামুদ্দিনৰে সম্পৰ্ক নথকা গুৱাহাটীৰ স্পেনিছ গাৰ্ডেনৰ প্ৰথমজন ব্যক্তি কৰ’ণাত আক্রান্ত হোৱাৰ তথ্য পোহৰলৈ অহাৰ পিছত তৎপৰ হৈছে নগাওঁ জিলা প্ৰশাসন । কৰ’ণাত আক্ৰান্ত লোকজন নগাঁৱৰ এগৰাকী ব্যৱসায়ী বুলি ইতিমধ্যে জানিব পৰা গৈছে ৷ ক’ভিড ১৯ ৰ উপস্থিতি ধৰা পৰাৰ পিছত ব্যৱসায়ীজনৰ বাসগৃহত শনিবাৰে উপস্থিত হয় নগাঁৱৰ স্বাস্থ্য বিভাগৰ এটা দল । ব্যক্তিগৰাকীৰ পৰিয়ালৰ সদস্যৰ লগতে বনকৰা মহিলা, ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰী সহ মুঠ ১১জন লোকক চিকিৎসালয়ৰ আছুতীয়া কক্ষত ৰখাৰ ব্যৱস্থা কৰে স্বাস্থ্য বিভাগে ৷ উল্লেখ্য যে, বৰ্তমান আছুতীয়া কক্ষত ৰখা আটাইকেইজনক লোক সংস্পৰ্শলৈ আহিছিল ক’ভিড ১৯ ত আক্ৰান্ত লোকজনৰ সৈতে ।

আনহাতে, গুৱাহাটীৰ ব্যৱসায়ী গৰাকীৰ বাসগৃহত তিনিদিন কটাইছিল ডিব্ৰুগড়ৰ এগৰাকী পঞ্চাশোৰ্ধৰ মহিলাই ৷ সেয়ে বৰ্তমান ডিব্ৰুগড়তো সৃষ্টি হৈছে একপ্ৰকাৰৰ আতংক । মহিলা গৰাকীয়ে 20মাৰ্চত ব্যৱসায়ী গৰাকীৰ ঘৰৰ পৰা ডিব্ৰুগড়ৰ নিজ ঘৰলৈ ঘূৰি আহিছিল । ইতিমধ্যে স্বাস্থ্য বিভাগে মহিলাগৰাকীক অসম চিকিৎসা মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইনলৈ প্ৰেৰণ কৰাৰ লগতে নমুনা সংগ্ৰহ কৰি আইচিএমআৰলৈ প্ৰেৰণ কৰিছে । এই পৰ্যন্ত কৰ’ণামুক্ত হৈ আছে সমগ্ৰ ডিব্ৰুগড় জিলা । কিন্তু জিলাখনত বৰ্তমানলৈকে 3,624 গৰাকী লোকক হোম কোৱাৰেণ্টাইনত ৰাখিছে । যদিহে পৰিয়ালটোৰ সদস্যসকলৰ দেহত ক’ভিড 19 ৰ উপস্থিতি ধৰা পৰে, তেন্তে ছীল কৰাৰ সম্ভাৱনা আছে উক্ত অঞ্চলটো । বৰ্তমানলৈ ডিব্ৰুগড় জিলাৰ মুঠ 244 জন লোকৰ নমুনা সংগ্ৰহ কৰি আইচিএমআৰলৈ প্ৰেৰণ কৰা হৈছে ।

পৰ্যবেক্ষণত ৰাখিছে কৰ’ণা ৰোগীৰ সংস্পৰ্শত অহা লোকক

লগতে চাওকঃ কলগছৰ তলত বহি মাংসৰ জোলেৰে উগাৰি খালে এসাজ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.