নগাঁও, 28 এপ্ৰিল : ৰাজ্যত পুৱাৰ ভাগত সংঘটিত হোৱা ভূমিকম্পৰ তীব্ৰ জোকাৰণিয়ে ৰাজ্যৰ অন্য প্ৰান্তৰ লেখীয়াকৈ বিস্তৰ ক্ষতিসাধন কৰে নগাঁৱতো । নগাঁও চহৰৰ ফৌজদাৰিপট্টিৰ কাঠমিল চাৰিআলিত ভূঁইকপৰ বাবে সংঘটিত হয় চাঞ্চল্যকৰ ঘটনা । ভূমিকম্পৰ ফলত এটা অট্টালিকাৰ ওপৰত হালি পৰে আন এটা বিশাল অট্টালিকা ।
কাঠমিল চাৰিআলিৰ বাবুল নামৰ এজন লোকৰ এইটো অট্টালিকা হালি পৰে আন এটা অট্টালিকাৰ ওপৰত । কেৱল এয়াই নহয়, চহৰখনৰ আমিনপট্টি, আমোলাপট্টি, মৰিকলং, হয়বৰগাঁও, ইটাচালি আদি বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতিসাধন হোৱা পৰিলক্ষিত হয় । ইটাচালিত থকা ডাক বিভাগৰ আবাসগৃহতো মেলিছে বৃহৎ ফাঁট । বিশাল আকাৰৰ অট্টালিকাটোত ফাঁট মেলাত আতংকিত হৈ পৰে আবাসীসকল ।
ভূমিকম্পই প্ৰাণ কাঢ়িলে জিলাখনৰ বেবেজীয়াৰ লাৱণ্য শইকীয়া বৈশ্য নামৰ মহিলাগৰাকীৰ । আনহাতে জিলাখনৰ চাৰিগৰাকীকৈ লোক আহত হৈ চিকিৎসাধীন হ’বলগীয়া হয় । ভূমিকম্পৰ ফলত আহত হৈ নগাঁৱৰ জি ডি নাৰ্ছিং হোমত চিকিৎসাধীন হৈ আছে বঢ়মপুৰৰ ভৱ ভূষণ ভাৰতী, হাফিজুল আলম, নগাঁও গান্ধীবাৰীৰ নিৰন কুমাৰ নাথ । ইফালে এটি কণমানিও আহত হোৱা বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : নগাঁৱত ভূমিকম্পই প্ৰাণ কাঢ়িলে মহিলাৰ