ETV Bharat / state

বঢ়মপুৰৰ ভুক্তভোগী কৃষকৰ কাষত বহু কেইটা জনগোষ্ঠীয় সংগঠন - বঢ়মপুৰ সমষ্টি

বঢ়মপুৰ সমষ্টিৰ চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত চলচলি মৌজাৰ মিকিৰ বামুণীৰ লালুং গাঁও,আমডাংগা গাঁৱৰ ৰায়তী গাঁৱৰ কৃষকৰ কাষত কাৰ্বি ছাত্ৰ সন্থা,কাৰ্বি জাতীয় সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতি অসম আৰু কাৰ্বি মহিলা সংন্থাকে আদি কৰি বহু কেইটা দল-সংগঠনৰ প্ৰতিনিধি ৷ চৰকাৰক এনে কাৰ্য নকৰিবলৈ সকীয়নি প্ৰদান সংগঠনটোৰ প্ৰতিনিধিৰ ৷

many-community-organizations-near-the-aggrieved-farmers-of-barampur
বঢ়মপুৰৰ ভুক্তভোগী কৃষকৰ কাষত বহু কেইটা জনগোষ্ঠীয় সংগঠন
author img

By

Published : Jan 5, 2021, 5:27 PM IST

Updated : Jan 5, 2021, 5:48 PM IST

চামগুৰি, 5 জানুৱাৰী : নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত চলচলি মৌজাৰ মিকিৰ বামুণীৰ লালুং গাঁও,আমডাংগা গাঁৱৰ ৰায়তী খতিয়ান প্ৰাপ্ত কৃষিভূমিৰ পৰা বহু দিন ধৰি দখলদাৰী কৃষকক চৰকাৰ-প্ৰশাসনে বীৰত্ব প্ৰদৰ্শন কৰি উচ্ছেদ কৰি পাৱাৰ প্লান্ট প্ৰজেক্ট স্থাপন কৰিবলৈ লোৱা কাৰ্যক এতিয়া সহজ ভাৱে ল'ব পৰা নাই স্থানীয় দল-সংগঠনে ।

দল-সংগঠনৰ প্ৰতিনিধিৰ মন্তব্য

উল্লেখযোগ্য যে,অসম চৰকাৰৰ অনুমোদন সাপেক্ষে এ পি ডি চি এলৰ জৰিয়তে 'আজুৰ' কোম্পানীয়ে বঢ়মপুৰৰ হায়ঙথলৰ নিকটৱৰ্তী আমডাংগাত গাঁৱত সৌৰশক্তিৰে বিদ্যুৎ বিতৰণৰ এক ব্যয়বহুল প্ৰকল্প নিৰ্মাণৰ কাম পূৰ্ণোদ্যমে চলাই আহিছে । কিন্তু এনে কাৰ্যত অসন্তুষ্ট হৈ দখল কৰি থকা বামুনী হায়ঙথলৰ একাংশ লোকে ন্যায়ালয়ৰ কাষ চাপে যদিও কৃষকক উচ্ছেদ কৰি খিলঞ্জীয়া তথা দৰিদ্ৰ কৃষক ৰাইজৰ ভূমি বহিৰাগত কোম্পানীটোৱে বলপূৰ্বকভাৱে দখল কৰে । ইয়াকে লৈ আমদাঙাত বিগত দিন সমূহত অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হৈ আহিছে ।

লগতে পঢ়ক : 7 জানুৱাৰীত ঘোষণা হ'ব IITত নামভৰ্তি প্ৰক্ৰিয়া, JEE Advancedৰ দিন

শেহতীয়াকৈ এইসকল কৃষকৰ কাষত কাৰ্বি ছাত্ৰ সন্থা,কাৰ্বি জাতীয় সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতি অসম আৰু কাৰ্বি মহিলা সংন্থাকে আদি কৰি বহু কেইটা দল-সংগঠনৰ প্ৰতিনিধি উপস্থিত হৈ এজনো কৃষকৰ কৃষিভূমি বহিৰাগত বণিক গোষ্ঠীক গতাই দিয়া নহ'ব বুলি হুংকাৰ দিয়ে ৷ লগতে,বঢ়মপুৰৰ আমডাংগাত ৰায়তী খতিয়ানপ্ৰাপ্ত লোকক উচ্ছেদ কৰাটো দুৰ্ভাগ্যজনক বুলি কোৱাৰ লগতে জাতি-মাটি ৰক্ষা কৰাৰ শ্ল'গান দিয়া চৰকাৰখনৰ এনে কাৰ্যক ধিক্কাৰ দিয়ে ।

লগতে পঢ়ক : জনিয়াত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ

Last Updated : Jan 5, 2021, 5:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.