নগাঁও, 31 মে’: নগাঁৱৰ পূৰ্বৰ আৰক্ষী অধীক্ষক লীনা দলেৰ কাৰ্যকালত নগাঁৱৰ একাংশ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে উত্থাপন হৈছিল দুৰ্নীতিৰ অভিযোগ । এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ পিছতেই চৰ্চালৈ আহিছিল নগাঁৱৰ একাংশ আৰক্ষী বিষয়াৰ নেক্সাছ । পূৰ্বৰ আৰক্ষী অধীক্ষক লীনা দলেৰ বদলিৰ পিচত নতুনকৈ নগাঁৱৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব লোৱা নৱনীত মহন্তই নগাঁৱক অপৰাধ মুক্ত কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ (SP Nabaneet Mahanta) ।
ইয়াৰ মাজতে নগাঁৱৰ আৰক্ষীত পুনৰ কৰা হৈছে ৰদ-বদল । এক নিৰ্দেশযোগে এইবাৰ নগাঁৱৰ আৰক্ষী থানাসমূহৰ ভাৰপ্ৰাপ্ত বিষয়া পৰ্যায়ত কৰা হৈছে এই বদলি । উৰ্ধতন কৰ্তৃপক্ষৰ নিৰ্দেশ অনুসৰি জখলাবন্ধাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৱন কলিতাক কামপুৰ লৈ বদলি কৰা হৈছে । একেদৰে উলুৱনীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত গগৈক খাটোৱাল আৰক্ষী থানালৈ বদলি কৰা হৈছে । ধিং আৰক্ষী থানাৰ OC ৰাজা ইৰ্শ্বাদক কচুৱা থানালৈ বদলি কৰা হৈছে ।
চামগুৰিৰ অ’ চি অদিথ বড়োক ধিং থানালৈ বদলি কৰা হৈছে । একেদৰে বাগৰিৰ IC অজিত সোণোৱালক ইটাচালিলৈ আৰু জাজৰিৰ ভাৰপ্ৰাপ্ত বিষয়া তুষাৰজ্যোতি বৰাক উলুৱনী থানালৈ বদলি কৰা হৈছে । জুৰিয়াৰ ভাৰপ্ৰাপ্ত বিষয়া মুন্না পাঁচনিক জখলাবন্ধা থানালৈ বদলি কৰাৰ বিপৰীতে ননৈৰ আই চি বিভূতি থাপাক মৰিকলঙলৈ বদলি কৰা হৈছে ।
একেদৰে বেবেজিয়াৰ আই চি চিৰঞ্জীৱ লাহনক বাগৰিলৈ বদলি । ৰূপহীহাটৰ ফিৰোজ দলেক লাওখোৱা চাপৰিলৈ আৰু ৰহাৰ অ’ চি সম্প্ৰীতি হাজৰিকাক জাজৰি থানালৈ বদলি কৰা হৈছে । কামপুৰৰ অ’ চি মণিৰাম কলিতাক ৰহা থানালৈ বদলি কৰা হৈছে । লাওখোৱা চাপৰিৰ মিতু দাসক জুৰীয়া থানালৈ বদলি কৰা হৈছে (Reshuffle in Assam Police)।
উল্লেখ্য যে, ১৫ মে'ত এক ৰহস্যজনক পথ দুর্ঘটনাত নগাঁৱৰ জখলাবন্ধাত নিহত হৈছিল নগাঁও আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভা (Junmoni Rabha mysterious death) । এছ আই জোনমণি ৰাভাৰ মৃত্যুক লৈ সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হোৱা চাঞ্চল্য আৰু প্ৰতিক্ৰিয়া আজিও অব্যাহত । ইফালে জোনমণিৰ মৃত্যুৰ পাচৰে পৰা নগাঁও আৰক্ষীৰ শীৰ্ষ পৰ্য৷য়ৰ পৰা কনিষ্টবল পৰ্যায়লৈ ধাৰাবাহিকভাৱে কৰা হৈছে ৰদ-বদল (CBI probe Junmoni Rabha Death Case) ৷
লগতে পঢ়ক: Reshuffle in Assam Police: নগাঁৱত ৫ পৰিদৰ্শক পৰ্যায়ৰ আৰক্ষী বিষয়াৰ ৰদবদল