বটদ্ৰৱা,19 নৱেম্বৰ: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আদিপাঠ গ্ৰহণ কৰা মহেন্দ্ৰ কন্দলি টোলখনৰ স্মৃতি সজীৱ কৰি ৰখাৰ প্ৰচেষ্টাৰে বটদ্ৰৱাত স্থাপন কৰা হৈছিল মহেন্দ্ৰ কন্দলী সংস্কৃত টোল । 1958 চনত স্থাপন কৰা এই সংস্কৃত টোল খনত ছাত্ৰ ছাত্ৰীৰ সংখ্যা পৰ্যাপ্ত আছিল যদিও এতিয়া গতি কৰিছে মৃত্যুৰ দিশে । ২০০৫ চনৰ পৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা ব্যাপক হাৰত কমি আহিবলৈ ধৰে এই টোল খনত । বৰ্তমান ছাত্ৰ ছাত্ৰীৰ সংখ্যা শূন্য হৈ পৰাৰ বিপৰীতে আছে চাৰিজনকৈ শিক্ষক কৰ্মৰত হৈ আছে ।
ৰাজ্য খনত প্ৰাদেশীকৃত ৯৩ খন এনে সংস্কৃত টোল আছে যদিও অধিকাংশ সংস্কৃত টোলেই এতিয়া সংকটৰ দিশে গতি কৰিছে । বটদ্ৰৱা মহেন্দ্ৰ কন্দলি সংস্কৃত টোলখনৰ পৰ্যাপ্ত আন্তঃগাঁথনি থকাৰ লগতে আছে দহ বিঘাকৈ ভূমি । প্ৰবাদ অনুসৰি গুৰুজনাই আদিপাঠ গ্ৰহণ কৰা আদিগুৰু মহেন্দ্ৰ কন্দলিৰ টোলখন এই স্থানতে আছিল । বটদ্ৰৱাৰ দৌল মন্দিৰৰ কাষতে থকা এই সংস্কৃত টোলখন দৰ্শনাৰ্থীৰ বাবেও আকৰ্ষণৰ কেন্দ্ৰ বিন্দু ।
কিন্তু সাম্প্ৰতিক অপমৃত্যুৰ দিশে গতি কৰা এই সংস্কৃত টোলখনক লৈ উদ্বিগ্ন আৰু চিন্তিত হৈ পৰিছে সচেতন মহল । চৰকাৰ কিম্বা দল-সংগঠনে গুৰুজনা আৰু তেখেতৰ আদিগুৰু মহেন্দ্ৰ কন্দলিৰ বহু স্মৃতি বিজৰিত এই টোলখন পুনৰ উজ্জীৱিত কৰিবলৈ আগবাঢ়ি আহিবনে ? সেইয়া এক লক্ষণীয় বিষয় হিচাপে বিবেচিত হৈছে ।
আৰু পঢ়ক কংগ্ৰেছে CAB ৰ বিৰুদ্ধিতা কৰি লাভ নাই কিয়নো অসমীয়াই বিজেপিকে ভোট দি জয়ী কৰাইছে