ETV Bharat / state

পূজাৰীৰ ভেশ লোৱা কোন এই বিজেপি নেতা ? - অভিনেত্ৰী আইমী বৰুৱা

মহামৃত্যুঞ্জয় মন্ত্ৰোচ্চাৰণত মুখৰিত হ'ল নগাঁৱৰ বঢ়মপুৰৰ ভেৰভেৰী ৷ শনিবাৰে সম্পূৰ্ণ বৈদিক ৰীতি-নীতিৰে প্ৰাণ প্ৰতিষ্ঠা সম্পন্ন হ'ল মহামৃত্যুঞ্জয় মন্দিৰৰ ৷ মহামৃত্যুঞ্জয় মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ সময়ত পত্নী ৰিণিকি ভূঞাক লগত লৈ মহামৃত্যুঞ্জয় মন্দিৰত উপস্থিত হ'ল মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৷ তদুপৰি মন্ত্ৰীগৰাকীক সংগ দিয়ে সাংসদ পল্লৱ লোচন দাস,অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা,মন্ত্ৰী পিয়ুষ হাজৰিকাৰ পত্নী অভিনেত্ৰী আইমী বৰুৱাৰ লগতে নগাঁৱৰ সাংসদ ৰূপক শৰ্মা ৷

as_nagaon_01_MAHAMRITYUNJOY_MANDIR_VIS_7203829
প্ৰাণ প্ৰতিষ্ঠা সম্পন্ন মহামৃত্যুঞ্জয় মন্দিৰৰঃউপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
author img

By

Published : Feb 27, 2021, 7:08 PM IST

Updated : Feb 27, 2021, 8:22 PM IST

নগাঁও,27 ফেব্ৰুৱাৰী : মহামৃত্যুঞ্জয় মন্ত্ৰোচ্চাৰণত মুখৰিত হ'ল নগাঁৱৰ বঢ়মপুৰৰ ভেৰভেৰী ৷ শনিবাৰে সম্পূৰ্ণ বৈদিক ৰীতি নীতিৰে প্ৰাণ প্ৰতিষ্ঠা সম্পন্ন হ'ল বিশ্বৰ সৰ্বোচ্চ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰৰ ৷ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱত অংশগ্ৰহণ কৰিলে তামিলনাডুৰ প্ৰায় দুশৰো অধিক বেদব্যাস পণ্ডিতে ৷

পূজাৰীৰ ভেশ লোৱা কোন এই বিজেপি নেতা ?

উল্লেখ্য যে, ২০০৪ চনৰ পৰা বাবা ভৃগুগিৰী মহাৰাজৰ অধ্যক্ষতাত ভেৰভেৰীৰ নৰসিংহ ক্ষেত্ৰত নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল ১২৬ ফুট উচ্চতাৰ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰটোৰ ৷ ইপিনে, মহামৃত্যুঞ্জয় মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ সময়ত পত্নী ৰিণিকি ভূঞাক লগত লৈ মহামৃত্যুঞ্জয় মন্দিৰত উপস্থিত হ'ল মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৷ তদুপৰি মন্ত্ৰীগৰাকীক সংগ দিয়ে সাংসদ পল্লৱ লোচন দাস, অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, মন্ত্ৰী পীয়ুষ হাজৰিকাৰ পত্নী তথা অভিনেত্ৰী আইমী বৰুৱাৰ লগতে নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা ৷

কিন্তু সকলোকে চেৰ পেলাই মহামৃত্যুঞ্জয় মন্দিৰত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ল বিজেপি নেতা জিতু গোস্বামী ৷ বিজেপি নেতাগৰাকীয়ে সম্পূৰ্ণ পূজাৰীৰ ৰূপত উপস্থিত হ'ল মহামৃত্যুঞ্জয় মন্দিৰত ৷ হাঁহি হাঁহি সংবাদমাধ্যমৰ আগত গোস্বামীয়ে ক'লে, এইবাৰ পদুম ফুলৰ ভাল দিন, মহাযজ্ঞৰে মহাপ্ৰতিষ্ঠাৰে এইবাৰো পদুম ফুলেই ফুলিব ৷ আনহাতে,মন্দিৰত সেৱা জনাই অসমত পুনৰ বিজেপি চৰকাৰ গঠন হোৱাৰ কামনা কৰে সাংসদ পল্লৱ লোচন দাসে ৷

লগতে পঢ়কঃ সমদলত বাধা দিয়াৰ বাবে প্ৰশাসনিক বিষয়াৰে বাকযুদ্ধ প্ৰদ্যুৎ বৰদলৈৰ

Last Updated : Feb 27, 2021, 8:22 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.