ETV Bharat / state

নগাঁৱত মেজিৰ জুইত জ্বলিল CAA ৰ প্ৰতিলিপি

author img

By

Published : Jan 15, 2020, 8:56 PM IST

বুধবাৰে ভোগালী বিহু দিনাই নগাঁৱৰ দক্ষিণ-পশ্চিম নগাঁও ছাত্ৰ সন্থা আৰু বাংঠাই লাচিত যুৱ সংঘৰ উদ্যোগত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ভেলাঘৰৰ সন্মুখততে সহস্ৰাধিক ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ

নগাঁও
নগাঁৱত মেজিৰ জুইত জ্বলিল CAA ৰ প্ৰতিলিপি

নগাঁও, 15 জানুৱাৰীঃ ভোগালীৰ আনন্দৰ মাজতে নগাঁৱত প্ৰতিবাদ । ভোগালীৰ মেজিত জ্বলিল নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি । বুধবাৰে ভোগালী বিহু দিনাই নগাঁৱৰ দক্ষিণ-পশ্চিম নগাঁও ছাত্ৰ সন্থা আৰু বাংঠাই লাচিত যুৱ সংঘৰ উদ্যোগত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ভেলাঘৰৰ সন্মুখতে সহস্ৰাধিক ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ ।

নগাঁৱত মেজিৰ জুইত জ্বলিল CAA ৰ প্ৰতিলিপি

উল্লেখ্য যে, বাংথাই গাঁৱৰ যুৱকসকলে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰে অসমৰ মানচিত্ৰ আৰ্হিত নিৰ্মান কৰা ভেলা ঘৰে সমগ্ৰ ৰাজ্যজুৰি চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে । অসমৰ মানচিত্ৰ, মানচিত্ৰৰ ওপৰত হাতত হেংদাঙ লৈ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি আৰু মানচিত্ৰৰ তলত "নাগৰিকত্ব সংশোধনী আইন আমি নামানো", জয় আই অসম আদি বিভিন্ন বাক্য লিখা ভেলাঘৰৰ নিলগতে এটি মেজি নিৰ্মাণ কৰি নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি দাহ কৰে । তাৰোপৰি ভেলাঘৰৰ সন্মুখততে গীত গাই ,নৃত্যৰ মাজেৰে কোনোৱে আকৌ উদাত্ত কণ্ঠৰে কবিতা পাঠ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

আৰু পঢ়কঃ ব্যতিক্ৰমী সত্ৰীয়া পৰম্পৰাৰে বৰপেটাবাসীৰ হেঁপাহৰ উৰুকা

Intro:ভোগালীৰ আনন্দৰ মাজতে নগাঁৱত প্ৰতিবাদ। ভোগালীৰ মেজিত জ্বলিল নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি।Body:বুধবাৰে বাপতিসাহোন ভোগালী বিহু। ভোগালী বিহুটি অসমীয়াই পূৰ্বৰ পৰম্পৰাৰে পালন কৰিছে যদিও অব্যাহত আছে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ। ভোগালী বিহু দিনাই নগাঁৱৰ দক্ষিণ-পশ্চিম নগাঁও ছাত্ৰ সন্থা আৰু বাংঠাই লাচিত যুৱ সংঘৰ উদ্যোগত নাগৰিকত্ব সংশোধনী আইন কা" বাতিলৰ দাবীত ভেলাঘৰৰ সন্মুখততে সহস্ৰাধিক ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ। উল্লেখযোগ্য যে বাংথাই গাঁৱৰ যুৱকসকলে কা" বিৰোধী প্ৰতিবাদৰে অসমৰ মানচিত্ৰ আৰ্হিত নিৰ্মাণ কৰা ভেলা ঘৰে সমগ্ৰ ৰাজ্যজুৰি চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছিল। অসমৰ মানচিত্ৰ, মানচিত্ৰৰ ওপৰত হাতত হেংদাঙ লৈ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি আৰু মানচিত্ৰৰ তলতে 'কা" আমি নামানো",জয় আই অসম আদি বিভিন্ন বাক্য লিখা ভেলাঘৰৰ নিলগতে এটি মেজি নিৰ্মাণ কৰি কা"ৰ প্ৰতিলিপি দাহ কৰে। কা" ৰ প্ৰতিলিপি দাহৰ পিছতে কোনোৱে গীত গাই ,নৃত্যৰ মাজেৰে কোনোৱে আকৌ উদাত্ত কণ্ঠৰে কবিতা পাঠ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। মুঠৰ উপৰত ডেকাৰ পৰা বৃদ্ধলৈকে,পুৰুষ ,মহিলা সকলোৱে বিহুৰ দিনা ওলাই আহি সাব্যস্ত কৰিলে প্ৰতিবাদ। জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন খন গৃহীত হোৱাৰ পাছৰেপৰা অসম অগ্নিগর্ভা হৈ আছে যদিওঁ ভোগালীৰ মেজি জ্বলোৱা কাৰ্যসূচীত সহস্ৰাধিক ৰাইজ উপস্থিত হৈ আধ্যাত্মিক নীতিৰে ভোগালীৰ মেজিত দাহ কৰিলে নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি। প্ৰতিলিপি জুইত দাহ কৰি 'কা' আমি নামানো, জয় আই অসম, বিজেপি মূর্দাবাদ, হিমন্ত বিশ্ব মূর্দাবাদ, সৰ্বানন্দ মূর্দাবাদ, আঙুৰলতা মূর্দাবাদ আদি শ্লোগানেৰে কপাই তোলে পৰিবেশ। ইফালে প্ৰতিবাদী ৰাইজৰ হুংকাৰ 'কা' বাতিল নোহোৱা পৰ্যন্ত অব্যাহত থাকিব প্ৰতিবাদ।________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.