ETV Bharat / state

আজিৰ প্ৰজন্মই চিনি পায়নে ঢেঁকীৰ কতৰা, খুবলী, থোৰা, নেজ ?

মাঘ বিহুক আদৰিবলৈ ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে ৰাইজে ৷ নগাঁও জিলাৰ গ্ৰামাঞ্চলতো দেখা গ'ল বিহুৰ ব্যস্ততা ৷

author img

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 8:28 PM IST

Magh Bihu 2024 Preparation
মাঘ বিহুক আদৰিবলৈ ব্যাপক প্ৰস্তুতি
ঢেঁকীত পিঠাগুড়ি খুন্দাত ব্যস্ত গ্ৰামাঞ্চলৰ ৰাইজ

নগাঁও, 12 জানুৱাৰী : ভোগালী বিহু আহিলেই এসময়ত ঢেঁকীৰ শব্দই ৰজনজনাইছিল ৰাজ্যৰ চৌদিশ ৷ কিন্তু আজিৰ প্ৰজন্মৰ বাবে হয়তো সেয়া এক অচিনাকি পৰিৱেশ ৷ আজিৰ প্ৰজন্মৰ বহুতেই হয়তো চিনি নাপায় ঢেঁকী তথা ঢেঁকীৰ বিভিন্ন অংশ ৷ কিন্তু আজিও বহুতৰ মাজত বৰ্তি আছে পূৰ্বৰ পৰম্পৰা ৷ বজাৰত পোৱা পিঠাৰ সলনি ঘৰতে ঢেঁকীত খুন্দা পিঠাগুড়িৰে পিঠা নবনালে যেন বহুতৰ বাবেই আধৰুৱা হয় ভোগালী ৷

ভোগালীৰ উৰুকালৈ মাজত মাথো এটা দিন ৷ ভোগালী অৰ্থাৎ মাঘ বিহুক আদৰিবলৈ অসমীয়া ৰাইজে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে ৷ কিন্তু আধুনিকতাৰ ধামখুমীয়াত পূৰ্বৰ ভোগালীৰ সেই মাধুৰ্য যেন স্তিমিত ৷ ক্ৰমাৎ যেন হেৰাই গৈছে ভোগালীৰ স্বকীয় পৰম্পৰা ৷ বৰ্তমান নৱপ্ৰজন্মৰ বহুতৰ বাবেই হয়তো ঢেঁকীকে ধৰি ভোগালী বিহুত ব্যৱহৃত বিভিন্ন সঁজুলি এক অচিনাকি নাম হে মাথোঁ ৷ বহুতেই হয়তো চিনিয়েই নাপায় ঢেকীৰ বিভিন্ন অংশ যেনে কতৰা, খুবলী, থোৰা, নেজ আদি ৷

এটা সময় আছিল মাঘৰ বিহুৰ সময়ত ঢেঁকীৰ শব্দত ৰজনজনাই উঠিছিল গ্ৰামাঞ্চলৰ চৌপাশ ৷ গাঁৱৰ জীয়ৰী-বোৱাৰী, জ্যেষ্ঠ মহিলা সকলোৱে মিলি বিহু নাম গাই ঢেঁকীত সান্দহ গুৰি, পিঠাগুৰি, কৰাইগুৰি আদি খুন্দিছিল ৷ লগতে তিল পিঠা, ঘিলা পিঠা, বৰপিঠা আদি প্ৰস্তুত কৰিছিল ৷ বৰ্তমান সেইবোৰৰ স্থান দখল কৰিলে কেক জাতীয় বিভিন্ন আধুনিক উপকৰণে ৷ তথাপিও এইবাৰ মাঘৰ বিহুৰ সময়ত নগাঁও জিলাৰ গ্ৰামাঞ্চলৰ কিছু সংখ্যক স্থানত দেখা গ'ল বিহুৰ ব্যস্ততা ৷

পূৰ্বৰ দৰে নহ’লেও পৰম্পৰা অটুত ৰাখিয়েই জিলাখনৰ হাতীচোং, কুজীডাঁহ গাঁৱৰ একাংশ জীয়ৰী-বোৱাৰীয়ে ঘৰতেই ঢেঁকীত পিঠাগুৰি খুন্দি পিঠা বনোৱা পৰিলক্ষিত হ'ল ৷ নগাঁৱৰ কুঁজীদাহ গাঁৱৰেই 70 ৰ উৰ্ধৰ এগৰাকী আইতাও ব্যস্ত থাকিল ঢেঁকীত পিঠাগুড়ি খুন্দাত ৷ ইফালে আজিৰ জীয়ৰী-বোৱাৰীকো পৰম্পৰা অটুট ৰাখিবলৈ আহ্বান জনালে আইতাগৰাকীয়ে ৷ সংখ্যাত তাকৰ হ'লেও এই সকল জীয়ৰী-বোৱাৰীয়ে আধুনিকতাৰ মাজতো নিজৰ স্বকীয়তা ৰক্ষা কৰিব বিচৰাটো নিশ্চিতভাবে শুভ লক্ষণ ৷ উল্লেখযোগ্য যে এনেদৰে স্বকীয়তা ৰক্ষা কৰিব বিচৰা সকলৰ ভিতৰত গাওঁখনৰ কেইগৰাকীমান নতুন প্ৰজন্মৰ প্ৰতিনিধিও পৰিলক্ষিত হয় ৷ যি বাস্তৱিকতে প্ৰশংসনীয় ৷

লগতে পঢ়ক : পালেহি ভোগালী: ঢেঁকীশালৰ পৰা আখললৈ ব্যস্ততাৰ অন্ত নাই জীয়াৰী-বোৱাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.