ETV Bharat / state

দেৱী দুৰ্গাৰ প্ৰতিমাত অন্তিম পৰশ দিয়াত ব্যস্ত লামডিঙৰ মৃন্ময় শিল্পী - দুৰ্গা পূজাৰ

সমাগত শাৰদীয় দুৰ্গোত্সৱ। কৰ'ণা মহামাৰীয়ে সৃষ্টি কৰিছে প্ৰত্যাহ্বানৰ প্ৰাচীৰ। তথাপিও থমকি ৰোৱা নাই মৃন্ময় শিল্পী। লামডিঙৰ মৃন্ময় শিল্পীৰ হাতত প্ৰাণ পাই উঠিছে দেৱী দুৰ্গাৰ প্ৰতিমাই।

দেৱী দুৰ্গাৰ প্ৰতিমাত অন্তিম পৰশ দিয়াত ব্যস্ত লামডিঙৰ মৃন্ময় শিল্পী

author img

By

Published : Oct 15, 2020, 1:14 PM IST

লামডিং, ১৫ অক্টোবৰ: প্ৰথম বাৰৰ বাবে দুৰ্গা পূজাৰ প্ৰাকক্ষণত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ল লামডিঙৰ এগৰাকী মৃন্ময় শিল্পীয়ে৷ কৰ'ণা মহামাৰীয়ে সৃষ্টি কৰা বিপৰ্যয়ে মোক্ষম আঘাত হানিছে মৃন্ময় শিল্পীসকল ব্যৱসায়ত। ইয়াৰ ব্যতিক্ৰম নহয় লামডিঙৰ মৃন্ময় শিল্পী পৰেশ সূত্ৰ পাল। তথাপিও হাৰ মনা নাই ৮০ বছৰীয়া পৰেশ সূত্ৰ পালে। চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া সকলো নীতি-নিৰ্দেশনা মানি দেৱীৰ প্ৰতিমা নিৰ্মাণত ব্যস্ত হৈ পৰিছে মৃন্ময় শিল্পীগৰাকীয়ে।

জীৱনৰ প্ৰায় ৬৫ বছৰে মৃৎ শিল্পী পৰেশ পালে দেৱ-দেৱীৰ মূৰ্তি প্ৰস্তুত কৰি আহিছে ৷ পিছে ক'ৰণা মহামাৰীয়ে সৃষ্টি কৰা সংকটৰ সময়ত বিপাঙত পৰিছে এইসকল মৃৎ শিল্পী৷ চৰকাৰী নিৰ্দেশ অনুসৰি লামডিঙত এইবাৰ পূজা মণ্ডপৰ সংখ্যা পূৰ্বৰ তুলনাত তেনেই কম৷ ইফালে, লকডাউনৰ কালচোৱাতো মৃৎ শিল্পীসকলৰ জীৱনলৈ অন্ধকাৰ নামি আহে৷ একমাত্ৰ মৃৎ শিল্পকেই উপাৰ্জনৰ পথ স্বৰূপে বাছি লৈ পৰিয়াল পোহপাল দি আহিছে৷ বহুবাৰ চৰকাৰক তেওঁলোকৰ সমস্যাৰ বিষয়ে জনাইছে যদিও আজি পৰ্যন্ত এইসকল শিল্পীয়ে কোনো ধৰণৰ সুবিধা লাভ নকৰিলে৷

দেৱী দুৰ্গাৰ প্ৰতিমাত অন্তিম পৰশ দিয়াত ব্যস্ত লামডিঙৰ মৃন্ময় শিল্পী
দেৱী দুৰ্গাৰ প্ৰতিমাত অন্তিম পৰশ দিয়াত ব্যস্ত লামডিঙৰ মৃন্ময় শিল্পী

মহামাৰীৰ আতংকৰ মাজতে দুৰ্গোত্সৱে এতিয়া উৎসৱময় পৰিবেশ বিৰাজ কৰিছে যদিও পূৰ্বৰ তুলনাত ব্যৱসায় মন্দা৷ পূজাৰ প্ৰাকক্ষণত দেৱীৰ প্ৰতিমাত শেষ পৰশ বুলুৱাত মৃন্ময় শিল্পীসকল ব্যস্ত হৈ পৰিছ ৷ বছৰ বছৰ ধৰি লামডিঙৰ এইসকল মৃন্ময় শিল্পীৰ হাতৰ পৰশত প্ৰতিখন পূজা মণ্ডপৰ প্ৰতিমাসমূহে প্ৰাণ পাই উঠে। পিছে, মহামাৰীৰ ভয়াৱহতাই এইবাৰ পূজাৰ আনন্দ ম্লান কৰিছে।

লগতে পঢ়ক:আৰক্ষী অধীক্ষক সঞ্জিত কৃষ্ণৰ ঘৰত CID ৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.