বটদ্ৰৱা, 6 এপ্ৰিলঃ চৰকাৰে জাৰি কৰা লক ডাউনৰ নিৰ্দেশনাক অমান্য বিদ্যালয় শিক্ষকৰ । মধ্যাহ্ন ভোজনৰ চাউল বিতৰণক লৈ সৃষ্টি উত্তপ্ত পৰিস্থিতি । বিদ্যালয়ৰ শিক্ষকে কণ কণ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকক বিদ্যালয়লৈ মাতি আনি বিতৰণ কৰিলে চাউল । লক ডাউনৰ সময়ত তিনিজনতকৈ অধিক লোকৰ সমাগম হ'ব নোৱোৰা বিপৰীতে, এই চাউল বিতৰণ কাৰ্যসূচীত গোট খালে শতাধিক লোক । বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত চালনাবৰী ৰহিমীয়া এম.ই মাদ্ৰাছাত সোমবাৰে এই জনসমাগম পৰিলক্ষিত হয় ।
কিন্তু সকলো ৰাইজক মাতি আনিও বিদ্যালয়খনৰ প্ৰধান শিক্ষৰক ৰাম সিং ডেকাৰ বিৰুদ্ধে ৰাইজে উত্থাপন কৰিলে অভিযোগ । মধ্যাহ্ন ভোজনৰ চাউল আত্মসাৎ কৰি কম পৰিমাণে ৰাইজৰ মাজত বিতৰণ কৰাৰ অভিযোগ উত্থাপন শিক্ষক গৰাকীৰ বিৰুদ্ধে । যাৰ বাবে স্থানীয় লোকে বহু সময় ধৰি প্ৰধান শিক্ষকজনৰ লগতে আন আন শিক্ষকসকলকো আবদ্ধ কৰি ৰাখে । কিছু সময় পিচত আহোম গাঁও উপ আৰক্ষী চকীৰ লোক আহি উদ্ধাৰ কৰে শিক্ষক সকলক । গাঁওবাসীয়ে নগাঁও জিলা প্ৰশাসনক এই শিক্ষক সকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ।
লগতে পঢ়কঃ লক ডাউনঃ দিশহাৰা হৈ পৰিছে বৰপেটাৰ খতিয়ক