ETV Bharat / state

আৰক্ষীৰ বিৰুদ্ধে অপৰাধীক ৰক্ষণাবেক্ষন দিয়াৰ গুৰুতৰ অভিযোগ - ইটিভিভাৰতঅসম

বটদ্ৰৱাৰ চৌৰাপাৰাত এহাল যুৱক-যুৱতীক অসংযত অৱস্থাত উদ্ধাৰ কৰে স্থানীয় ৰাইজে ৷ স্থানীয় ৰাইজৰ অভিযোগ, আৰক্ষীয়ে অভিযুক্ত যুৱকক ৰক্ষনাবেক্ষণ দিয়াৰ লগতে ভুক্তভোগী যুৱতীৰ সৈতে কৰা অন্যায়ক লৈ উত্তপ্ত হৈ পৰে অঞ্চলটো ৷

আৰক্ষীৰ বিৰুদ্ধে অপৰাধীক ৰক্ষনাবেক্ষন দিয়াৰ গুৰুতৰ অভিযোগ
author img

By

Published : Apr 27, 2019, 5:06 PM IST

বটদ্ৰৱা, 27 এপ্ৰিলঃ বটদ্ৰৱা আৰক্ষীৰ বিৰুদ্ধে অপৰাধীক ৰক্ষণাবেক্ষন দিয়াক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় স্থানীয় চৌৰাপাৰাত ৷ শুক্ৰবাৰে নিশা সংঘটিত হোৱা এক ঘটনাক কেন্দ্ৰ কৰিয়ে এইদৰে উত্তপ্ত হৈ পৰে অঞ্চলটো ৷

আৰক্ষীৰ বিৰুদ্ধে অপৰাধীক ৰক্ষনাবেক্ষন দিয়াৰ গুৰুতৰ অভিযোগ

ঘটনা অনুসৰি স্থানীয় ৰাইজে এহাল যুৱক-যুৱতীক অসংযত অৱস্থাত উদ্ধাৰ কৰি আৰক্ষীক খবৰ দিয়ে ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে আহি অভিযুক্ত যুৱক ফাৰহান আহমেদক লৈ যাব বিছাৰে যদিও যুৱতীগৰাকীৰ অনুমতি অবিহনে ৰাইজে ফাৰহানক যাবলৈ দিবলৈ অমান্তি হয় ৷ আনহাতে অভিযুক্ত যুৱতীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা অনুসৰি বিয়াৰ প্ৰলোভনেৰে অবৈধ কাৰ্য সংঘটিত কৰিছিল ফাৰহানে ৷ কিন্তু ৰহস্যজনকভাৱে বটদ্ৰৱা আৰক্ষী চকীৰ সহকাৰী উপ-পৰিদৰ্শক কনকেশ্বৰ দাসে যুৱকজনৰ পক্ষ লোৱাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷ ইয়াকে লৈ একাংশ ৰাইজে পৰিৱেশ উত্তাল কৰি তোলাৰ লগতে পৰৱৰ্তী সময়ত সেইস্থানৰ পৰা আৰক্ষীক খেদি পঠায় ৷ বৰ্তমানে ঘটনাক লৈ আৰক্ষীৰ তদন্ত অব্যাহত আছে যদিও এই ঘটনাই পুনৰ এবাৰ আৰক্ষীৰ বিফলতা প্ৰমাণ কৰি তোলে ৷

Intro:আৰক্ষীয়ে অপৰাধীক ৰক্ষনাবেক্ষন দিয়াৰ অভিয়োগত বটদ্ৰৱাত ৰাইজে সৃষ্টি কৰে উত্তপ্ত পৰিস্হিতি ৷ আৰক্ষীক ৰাইজৰ পহুখেদা ।Body:বটদ্ৰৱা আৰক্ষীয়ে অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগত ৰাইজে শুক্ৰবাৰে নিশা সৃষ্টি কৰে এক উত্তপ্ত পৰিস্হিতি । বটদ্ৰৱাৰ চৌৰাপাৰাত ৰাইজে হাতেলুটে আটক কৰিছিল অসংযত অবস্থাত থকা এহাল যুৱক যুৱতীক । অসংযত অৱস্হাত ৰাইজে আটক কৰা যুৱক- যুৱতী হালক ৰাইজমেল কৰি বিবাহ কৰাই দিয়াৰ সিদ্ধান্ত লৈছিল । ৰাইজ আৰু যুৱতী গৰাকীৰ অভিযোগ বিয়াৰ প্ৰলোভনেৰে যুবতী গৰাকীক অনৈতিক কাৰ্যত লিপ্ত কৰোৱা লম্পট ফাৰহান আহমেদৰ পৰিয়ালৰ লোকে ৰাইজমেলৰ সিদ্ধান্তৰ বিষয়ে খবৰ দিছিল বটদ্ৰৱা আৰক্ষীক । লম্পট ফাৰহান আহমেদৰ পৰিয়ালৰ খবৰ ভিত্বিত বটদ্ৰৱা থানাৰ ASI কনকেশ্বৰ দাসৰ নেতৃত্বাধীন আৰক্ষীৰ দল এটা উপস্হিত হৈছিল ঘটনাস্থলীত । লম্পট যুৱকজনক উদ্ধাৰ কৰিবলৈ আৰক্ষী উপস্থিত হোৱাৰ পিছত আৰক্ষীৰ লগত ৰাইজৰ বাকবিতণ্ডাৰ সৃষ্টি হোৱাত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে । বটদ্ৰৱা থানৰ ASI কনকেশ্বৰ দাসে অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উথ্থাপন কৰি উত্তেজিত হৈ পৰা প্ৰায় সহস্ৰাধিক ৰাইজে আৰক্ষীৰ দলটোক ঘটনাস্হলীৰ পৰা পহুখেদা দিয়ে । উল্লেখ্য যে বিভিন্ন সময়ত অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াৰ বাতৰিৰ শিৰোনামা দখল কৰি আলোড়ন সৃষ্টি কৰা বটদ্ৰৱা থানৰ ভূঞা উপাধিৰ এজন আৰক্ষী বিষয়াৰ চাঞ্চল্য মাৰ নৌ যাওঁতেই অপৰাধীক ৰক্ষণাবেক্ষণৰ দিয়াৰ অভিযোগত বটদ্ৰৱা আৰক্ষী ৰাইজৰ ৰোষত পৰা ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ এতিয়া প্ৰশ্ন হয় বটদ্ৰবা আৰক্ষী থানাৰ দুই এজন আৰক্ষীৰে সৈতে অপৰাধীৰ মিতিৰালিৰ অভিযোগ থকাৰ বাবেই ৰাইজ ৰোষত পৰিল নেকি বটদ্ৰৱা আৰক্ষী ? সঁচাকৈ বটদ্ৰৱা আৰক্ষীয়ে এই লম্পটোক দিব বিচাৰিছিল নেকি ৰক্ষণাবেক্ষণ ? সেইয়া সঠিক তদন্ততহে পোহৰলৈ আহিব ইয়াৰ প্ৰকৃত ৰহস্য ।__________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.