ETV Bharat / state

অতি কম মূল্যত ক’ত পাব LED বাল্ব ?

author img

By

Published : Jun 28, 2021, 5:40 PM IST

এল. ই. ডি.(LED) বাল্বৰ থলুৱা উদ‍্যোগ গঢ়ি আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে কলিয়াবৰৰ যুগল মোদী ৷ আংশিক লকডাউনে কৰ্মহীন কৰা যুৱকৰ নৱ চিন্তাই প্ৰাণ পাই উঠিছে নতুন সৃষ্টিৰ ৷

Self Dependent Youth at Kaliabor
অতি কম মূল্যত ক’ত পাব LED বাল্ব

কলিয়াবৰ, 28 জুন : ক’ভিড সৃষ্ট পৰিৱেশত স্তব্ধ হৈ পৰিছে জনজীৱন ৷ আংশিক লক ডাউনে ইতিমধ্যে বিভিন্নজন ক্ষুদ্ৰ ব্যৱসায়ী বিপদত পৰা পৰিলক্ষিত হৈছে ৷ এই বিপদৰ সময়তেই কলিয়াবৰৰ এজন যুৱকে কৰ্মহীন হৈ পৰিছে যদিও নৱতম প্ৰচেষ্টাৰে আৰম্ভ কৰিছে ব্যতিক্ৰমী চিন্তা ৷

আংশিক লকডাউনৰ এই সময়ত অধিকাংশই ব্যস্ত হৈ পৰিছে যেকোনো অনলাইনত হোৱা বিভিন্ন কাৰ্যত । কোনোবাই যদি ভিডিঅ' গেম(VIDEO GAME) খেলি সময় অতিবাহিত কৰিছে, আন কোনোবাই আকৌ ইউটিউৱ, ফেচবুকৰ দৰে সামাজিক মাধ্যম (Social Media)ৰ যোগেদি পাৰ কৰিছে সময় । ইয়াৰ মাজতে বন্ধৰ সময়ৰ সঠিক ব্যৱহাৰৰে অনলাইন প্ৰশিক্ষণৰ যোগেদি স্বাৱলম্বনৰ বাট বিচাৰি উলিয়াইছে কলিয়াবৰৰ শাকমুঠীয়া চাহ বাগিচাৰ এজন যুৱকে । পূৰ্বতে এগৰাকী ফৰ্ক এক্সেভেটৰৰ চালক হিচাপে কৰ্মৰত হৈ থকা যুগল মোদীয়ে আংশিক লকডাউনৰ ফলত কৰ্মহীন হৈ নতুন চিন্তাৰে ঘৰতে গঢ়ি তুলিছে এটা ক্ষুদ্ৰ উদ্যোগ, য’ত প্ৰস্তুত কৰি উলিয়াইছে এল. ই. ডি. বাল্ব (LED BULB) ৷

অতি কম মূল্যত ক’ত পাব LED বাল্ব

মহামাৰী ক’ভিডৰ বাবে চৰকাৰে জাৰি কৰা আংশিক লক ডাউনৰ এই সময়চোৱাত কৰ্মহীন হৈ পৰিছে বহু লোক ৷ ব্যতিক্ৰম নহ’ল যুগল মোদীও ৷ অৱশ্যে উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ যুগলে কৰ্মহীন হৈ আনৰ দৰে অযথা সময়ৰ অপচয় নকৰি অনলাইন প্ৰদ্ধতিৰে গ্ৰহণ কৰিলে ইলেকট্ৰিক বাল্ব নিৰ্মাণৰ প্ৰশিক্ষণ । প্ৰশিক্ষণৰ অন্তত LED বাল্ব নিৰ্মাণৰ কামত মনোনিৱেশ কৰি অতি কম সময়ৰ ভিতৰতে যুগলে সফলতাৰ মুখ দেখিবলৈ সক্ষম হৈছে ।

উল্লেখ্য যে, আন প্ৰতিস্থানৰ মূল্যতকৈ বহু কম মূল্যত বজাৰত এল. ই. ডি. বাল্ব উপলব্ধ কৰাবলৈ সক্ষম হৈছে যুগলে । চাহ বাগিচা অধ্যুষিত অঞ্চলৰ এইগৰাকী উদ্যমী যুৱকে দেখুওৱা স্বাৱলম্বিতাই এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে সকলোকে । তাৰোপৰি LED বাল্বৰ দৰে সামগ্ৰীৰ থলুৱা উদ্যোগ গঢ়ি তুলি সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে কলিয়াবৰৰ এই যুগল মোদীয়ে ৷ ধৈৰ্য একাগ্ৰতা আৰু সু-চিন্তাৰে কৰা যিকোনো সৃষ্টিশীল কামে সমাজৰ যিকোনো লোককে কাম কৰাৰ বাবে উৎসাহী কৰি তোলে , যুগল মোদী এতিয়া বহুতৰে বাবে এটা উদাহৰণ ৷

লগতে পঢ়ক : উৎপাদিত সকলো ধান দৰিদ্ৰ ৰাইজক দিম: বিধায়ক দিগন্ত কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.