চামগুৰি, 7 জুলাই : কৰ’ণাই কোঙা কৰা এটা দুৰ্ভগীয়া পৰিয়াল ৷ চামগুৰি সমষ্টিৰ সুতাৰ গাঁৱৰ এগৰাকী বাছ চালকৰ কৰুণ জীৱন গাঁথা ৷ ৰুগীয়া পত্নীৰ বাবে বাছ চালক স্বামীৰ সহায় ভিক্ষা মাগিছে দুৰ্ভগীয়া বাছ চালক জনে ৷
কাল ক'ৰণাৰ বাবে অধিক বিপদত পৰিছে বিশেষকৈ মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীৰ লোকসকল । বিগত বৰ্ষত কাল কৰ’ণাই কোঙা কৰা সাধাৰণ লোকসকল বিপদত পৰিছে কৰ’ণাৰ দ্বিতীয় লহৰতো । আংশিক লকডাউনত দিক বিদিক হেৰুৱাইছে বহু দৰিদ্ৰ পৰিয়ালে ।
চামগুৰি সমষ্টিৰ সুতাৰ গাঁৱৰ এগৰাকী বাছ চালকৰ জীৱন কাহিনী শুনিলে আপোনাৰো চকু সেমেকি উঠিব ।
চামগুৰিৰ সুতাৰ গাঁৱৰ বাছ চালক গৰাকীৰ নাম হৈছে ঘনশ্যাম হাজৰিকা । সুতাৰ গাঁৱৰ ঘনশ্যাম পেছাত এগৰাকী বাছ চালক । কিন্তু প্ৰায় দুবছৰেই কৰ’ণাৰ বাবে চলাব পৰা নাই গাড়ী । যাৰ বাবে ৰুগীয়া পত্নীক অৰ্থৰ অভাৱত কৰিব পৰা নাই চিকিৎসা ।
কিছু দিন পূৰ্বে ঘনশ্যাম হাজৰিকাৰ পত্নী অঞ্জু হাজৰিকা উচ্চ ৰক্ত চাপত আক্ৰান্ত হৈছিল ৷ লগে লগে চিকিৎসাললৈ নিছিল যদিও অৰ্থৰ অভাৱত পুনৰ ঘৰলৈ ঘুৰাই আনিবলৈ বাধ্য হ’ল পত্নী অঞ্জু হাজৰিকাক । চিকিৎসাৰ নামত ঘৰৰ যি সম্পত্তি আছিল সেয়াও সকলো শেষ হ'ল । তথাপিও বিপদে লগ এৰা নাই এই পৰিয়ালটোৰ ।
পৰিয়ালটোৰ এনে দুখজনক পৰিস্থিতিত ওচৰ চুবুৰীয়াই পাৰ্যমানে সহায় কৰিছে ৷ কিন্তু ঘনশ্যামৰ পত্নীৰ চিকিৎসাৰ বাবে সেইয়া পৰ্যাপ্ত নহয় । যাৰ বাবে এতিয়া কৰ’ণাই কোঙা কৰা এই পৰিয়ালটোৱে চৰকাৰৰ ওচৰত বিচাৰিছে সহায় ভিক্ষা । গাঁওবাসীয়েও এই দৰিদ্ৰ পৰিয়ালটোক সহায় কৰিবলৈ স্বাস্থ্যমন্ত্ৰী তথা মুখ্যমন্ত্ৰীক জনাইছে অনুৰোধ ।
কৰ’ণাই কোঙা কৰা চামগুৰি সমষ্টিৰ সুতাৰ গাঁৱৰ এই গৰাকী বাছ চালকৰ অৱস্থা এতিয়া তেনেই তথৈবছ ৷ এইয়া মাত্ৰ এক উদাহৰণহে ৷ ঘনশ্যাম হাজৰিকাৰ এই দুৰ্ভগীয়া পৰিয়ালটোৰ দৰে ৰাজ্যত এতিয়া এনে বহু পৰিয়ালৰ বাবে কাল কৰ’ণা হৈ পৰিছে অভিশাপ ৷ এনে সময়ত চৰকাৰৰ লগতে বেচৰকাৰী সংস্থাসমূহ আগুৱাই আহি সহায়ৰ হাত আগ নবঢ়ালে এই লোকসকলে মুখামুখি হ’ব লাগিব এক ভয়ানক দুৰ্ভিক্ষৰ ৷