নগাঁও, ৯ জানুৱাৰী: তেওঁ প্ৰকৃতিক ভালপায় । সেউজীয়া তেওঁৰ প্ৰিয় । সন্তানৰ দৰে লালন-পালন কৰে তেওঁ সেউজীয়াবোৰক । প্ৰকৃতি ধ্বংসত নামিছে জীৱশ্ৰেষ্ঠ । হ্ৰাস হৈছে বনাঞ্চল, নোহোৱা হৈছে পাহাৰ । সেউজীয়াৰ সন্ধানত হাবাথুৰি খাইছে সকলোৱে । তেনে সময়তে চৰ্চাত এগৰাকী অধ্যাপিকা । প্ৰকৃতিৰ প্ৰেমত পৰিছে অধ্যাপিকাগৰাকী । ঘৰৰ ছাদতে সংৰক্ষণ কৰিছে বিভিন্ন গছ । ৩৫ বছৰে নিজকে ব্যস্ত ৰাখিছে সেউজীয়াৰ মাজত । তেওঁৰ নাম অৰ্পনা বৈৰাগী ।
অধ্যাপিকা অৰ্পনা বৈৰাগীৰ প্ৰকৃতি প্ৰেমৰ অনন্য নিদৰ্শনে এতিয়া আপ্লুত কৰিছে সকলোকে । নগাঁও চহৰৰ দক্ষিণ হয়বৰগাঁৱত থকা নিজৰ তিনিমহলীয়া বাসগৃহৰ ছাদৰ ওপৰত এই অধ্যাপিকাগৰাকীয়ে গঢ়ি তুলিছে এখন বাগিছা । যিখন বাগিছাত বিভিন্ন ফুলৰ উপৰিও বনছাই পদ্ধতি অৱলম্বন কৰি শতাধিক গছ সংৰক্ষণ কৰিছে । নগাঁৱৰ ঐতিহ্যমণ্ডিত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ পৰিসংখ্যা বিভাগৰ অধ্যাপিকা অপৰ্ণা বৈৰাগীয়ে ১৯৮৭ চনৰ পৰাই বনছাই পদ্ধতিৰে বিভিন্ন গছ সংৰক্ষণ কৰি আহিছে ।
১৯৮৭ চনত যুৱতী অৱস্থাতে তেওঁ এখন আলোচনীত বনছাই পদ্ধতিৰ বিষয়ে অধ্যয়ন কৰি এই পদ্ধতিৰে গছপুলি সংৰক্ষণৰ প্ৰতি আগ্ৰহী হয় । সেই সময়ত গুৱাহাটীৰ চিৰিয়াখানাৰ কাষত থকা মাতৃগৃহত তেওঁ গছপুলি সংৰক্ষণ কৰিছিল । পৰৱৰ্তী সময়ত কৰ্মসূত্ৰে তেওঁ নগাঁৱৰ বাসিন্দা হৈ নগাঁৱৰ ঐতিহ্যমণ্ডিত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত অধ্যাপিকা হিচাপে যোগদান কৰে । পৰৱৰ্তী সময়ত দক্ষিণ হয়বৰগাঁওস্থিত তিনিমহলীয়া বাসগৃহৰ ওপৰৰ ছাদত বনছাই পদ্ধতিৰে গছ সংৰক্ষণ প্ৰক্ৰিয়া আৰম্ভ কৰে ।
সম্প্ৰতি তেওঁ আহত, জৰী, বৰগছ, পাকৰী আদি গছ সংৰক্ষণ কৰি আহিছে । তদুপৰি আম, ডালিম, নেমু, ৰবাব টেঙা আদি ফলৰ গছো সংৰক্ষণ কৰিছে অধ্যাপিকা বৈৰাগীয়ে । অধ্যাপিকা বৈৰাগীয়ে জনোৱামতে গছসমূহক শিশুৰ দৰে পালন কৰে । তেওঁ সংৰক্ষণ কৰি ৰখা বনছাই গছসমূহ বিক্ৰীৰ কথা নাভাবে বুলি মন্তব্য কৰি কয় যে এইয়া তেওঁৰ ভাল লগা কৰ্ম । চাকৰিৰ ব্যস্ততাৰ মাজতো সময় উলিয়াই তেওঁ গছসমূহ বনছাই পদ্ধতিৰে সংৰক্ষণৰ কাম কৰি আহিছে । অধ্যাপিকা অপৰ্ণা বৈৰাগীৰ এনে পদক্ষেপক এতিয়া প্ৰশংসা কৰিছে বহু প্ৰকৃতিপ্ৰেমীৰ লগতে বিভিন্ন মহলে । অৰ্পণা বৈৰাগীৰ এই আদৰ্শৰে অনুপ্ৰাণিত হওক আন বহুজন ।
লগতে পঢ়ক: শোণিতপুৰ প্ৰশাসনৰ বিশেষ পদক্ষেপ, চাৰিশ বছৰীয়া স্তম্ভলিপি সংৰক্ষণৰ ব্যৱস্থা