ETV Bharat / state

18 টা হাতীৰ পাচত শুকানজুৰিত মৃত্যু বৃহৎ সংখ্যক গো-ধনৰ - শোকৰ ছাঁ পেলাইছে

১৮ টাকৈ বন্যহস্তীয়ে কিছু দিন পূৰ্বে কৰুণভাৱে মৃত্যুক সাৱতি লোৱাৰ পাচতে পুনৰ বুধবাৰে শুকানজুৰি বাগানত বহু সংখ্যক গৰুৱে সাৱতি ল’বলগীয়া হৈছে অকাল মৃত্যু ৷ সমগ্ৰ ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে ৷

Cow Death
শুকানজুৰিত বৃহৎ সংখ্যক গৰুৰ মৃত্যু
author img

By

Published : Jun 16, 2021, 9:52 PM IST

Updated : Jun 16, 2021, 10:10 PM IST

চামগুৰি, 16 জুন : নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত শুকানজুৰিত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা ৷ ১৮ টাকৈ বন্যহস্তীয়ে কিছু দিন পূৰ্বে কৰুণ মৃত্যুক সাঁৱতি লোৱাৰ পাচতে বুধবাৰে পুনৰ শুকানজুৰি বাগানত বহু সংখ্যক গৰুৱে অকাল মৃত্যুক আকোঁৱালি ল’ব লগাত পৰিছে ৷ বৰ্তমানো মৃত্যুৰে যুঁজি আছে বহু সংখ্যক পশুধনে । শুকানজুৰি বাগানৰ বিভিন্ন ঠাইত সিচঁৰিত হৈ পৰি আছে পশুধনসমূহৰ মৃতদেহ ।

শুকানজুৰিত বৃহৎ সংখ্যক গৰুৰ মৃত্যু

উল্লেখযোগ্য যে, প্ৰাথমিক অনুসন্ধান অনুযায়ী বাগান কৰ্তৃপক্ষৰ অসচেতনতা আৰু দায়িত্বজ্ঞানহীনতাৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ বাগানখনত পেছটিছাইত জাতীয় ঔষধ দিয়াৰ ফলতেই বাগানত ঘাঁহ খাই বিষক্ৰিয়া হৈ মৃত্যুমুখত পৰিছে পশুধনসমূহ ৷

ইপিনে বৰ্তমানলৈকে কিমান গো-ধনৰ মৃত্যু হৈছে তাৰ কোনো নিশ্চত তথ্য পোৱা হোৱা নাই বুলি জানিব পৰা গৈছে । সম্প্ৰতি এই ঘটনাৰ ফলত অঞ্চলটোত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰাৰ লগতে সমগ্ৰ ঘটনা উচিত তদন্ত কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়কঃ অসম-নগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ ONGCৰ তৈল খাদত চকু আগ্ৰাসী নগাৰ

Last Updated : Jun 16, 2021, 10:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.