ETV Bharat / state

ৰহাত ছয় শতাধিক লোকে যোগ দিলে অগপত - large group of public join in Agp at raha

কচুৱাত অনুষ্ঠিত হোৱা যোগদান সভাত অঞ্চলটোৰ প্ৰায় 600 কংগ্ৰেছী, অসম জাতীয় পৰিষদকে ধৰি অন্যান্য দল সংগঠনৰ লোকে অসম গণ পৰিষদত আনুষ্ঠানিকভাৱে যোগদান কৰে (Congress Leaders To AGP Joining) ৷

6 hundred Congress member join AGP
কচুৱাত অসম গণ পৰিষদত বিভিন্ন দলৰ ৬০০ কৰ্মীৰ যোগদান
author img

By

Published : Sep 5, 2022, 10:18 PM IST

কচুৱা, 5 ছেপ্টেম্বৰ: ৰহা সমষ্টিৰ অন্তৰ্গত কুচৱাত অগপৰ বৃহৎ যোগদান সভা (AGP member joining meeting) ৷ এই সভাত উপস্থিত থাকে মন্ত্ৰী অনতুল ববৰা ৷ ‘‘আমি আন্তৰিকতাৰে তেওঁলোকক অসম গণ পৰিষদ দললৈ স্বাগতম জনাইছো ৷ মোৰ দৃঢ়বিশ্বাস যে তেওঁলোকৰ যোগদানে ৰহা বিধানসভা সমষ্টিত অসম গণ পৰিষদৰ ভেঁটি নিশ্চয়কৈ শক্তিশালী কৰিব ৷ এই বিধানসভা সমষ্টি পূৰ্বতে তিনিবাৰকৈ অসম গণ পৰিষদৰ দলৰ হাতলৈ গৈছিল ৷ পৰৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিত উত্থান পতন হোৱাটো স্বাভাৱিক’’ ৷ ৰহা সমষ্টিৰ কচুৱাত অগপ দলৰ বিশাল দলীয় সাংগঠনিক সভাত অংশগ্ৰহণ কৰি এই মন্তব্য প্ৰকাশ কৰে অসম গণ পৰিষদৰ সভাপতি তথা অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰাই (Six hundred Congress member join AGP) ৷

লোকসভা নিৰ্বাচনলৈ মাজত কিছুদিন আছে যদিও অগপই এতিয়াৰে পৰাই আৰম্ভ কৰিছে কুচকাৱাজ (AGP joining meeting in Nagaon)। দেওবাৰে কচুৱাত অনুষ্ঠিত হোৱা যোগদান সভাত অঞ্চলটোৰ প্ৰায় 600 কংগ্ৰেছী, অসম জাতীয় পৰিষদকে ধৰি অন্যান্য দল সংগঠনৰ লোকে অসম গণ পৰিষদত আনুষ্ঠানিকভাৱে যোগদান কৰে (Congress Leaders To AGP Joining) ৷

কচুৱাত অসম গণ পৰিষদত বিভিন্ন দলৰ ৬০০ কৰ্মীৰ যোগদান

এই সভাত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তও উপস্থিত থাকি বৰ্তমান সময়ত কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলৰ কোনো প্ৰাসংগিকতা নাই বুলি মন্তব্য কৰি অগপ দলক আজিও ৰাইজে মনে প্ৰাণে অন্তৰত ৰাখিছে বুলি মন্তব্য প্ৰকাশ কৰে ৷

আনহাতে বিগত বিধান সভা নিৰ্বাচনত পৰাজয় বৰণ কৰা ৰহা সমষ্টিৰ প্ৰাৰ্থী বিষ্ণু দাসে কয় যে ইয়াত কেৱল 600 লোকেই নহয়, আমি 2000 খন চকীয়ে পাৰিছো, তাৰ উপৰিও বহুসংখ্যক লোক বাহিৰত থিয় হৈ আছিল ৷ ইয়াত আজি উপস্থিত থকা 90 শতাংশ লোকেই অসম গণ পৰিষদত যোগদান কৰিছে ৷

অনহাতে দেওবাৰে চামগুৰি আৰু ৰূপহীহাট বিধানসভা সমষ্টিত প্ৰায় 600 ৰো অধিক কংগ্ৰেছৰ প্ৰতিনিধিয়ে কলিয়াবৰত একেদিনাই অগপত যোগদান কৰে (5 hundred Congress member join AGP)৷

লগতে পঢ়ক: কলিয়াবৰত পাঁচ শতাধিক কংগ্ৰেছৰ প্ৰতিনিধিৰ অগপত যোগদান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.