কলিয়াবৰ,16মে': চৰকাৰী অদূৰদৰ্শিতাৰ বাবেই এসময়ৰ উন্নত ফলাফলৰে ৰাইজৰ দৃষ্টি আকৰ্শন কৰিবলৈ সক্ষম হোৱা কলিয়াবৰৰ তিনিখন উচ্চতৰ মাধ্যমিক বিদ্যালয় এতিয়া গভীৰ সংকটত ৷ কলিয়াবৰৰ বিজ্ঞান শাখাৰ একমাত্ৰ বিদ্যালয়ত নাই পৰ্যাপ্ত শিক্ষক ৷ কন্যা শিক্ষাৰ প্ৰথম শিক্ষানুষ্ঠান কলিয়াবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়তো নাই বিষয় শিক্ষক ৷ জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বন্ধ হ'ল বাণিজ্য শাখা ৷ চৰকাৰী বিদ্যালয়ত শিক্ষকৰ অভাৱৰ প্ৰতি ভ্ৰূক্ষেপ নকৰাটো অতি পৰিতাপৰ বিষয় বুলি মন্তব্য কৰিছে বিদ্যালয়কেইখনৰ শিক্ষকসকলে ৷ ইপিনে জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী বন্তি বৰুৱাই জনোৱা অনুসৰি শিক্ষকৰ অভাৱতেই অচল হৈ পৰিছে বিদ্যালয়খনৰ বাণিজ্য বিভাগটো ৷ লগতে কলা শাখাটো কেইবাজনো শিক্ষকৰ অভাৱৰ বাবে বিদ্যালয় খনত এতিয়া ছাত্ৰ-ছাত্ৰী সংখ্যা দিনক-দিনে হ্ৰাস পাবলৈ ধৰিছে । অনুৰূপ অৱস্থা ১৯৩৩ চনতে শিলঘাটত বৃটিছে স্থাপন কৰা কলিয়াবৰ হাইস্কুলৰ । উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ নজন শিক্ষকৰ ঠাইত পাঁচজন শিক্ষকৰেই পাঠদান চলাবলগীয়া হৈছে বিদ্যালয়খনত । এতিয়া এনেদৰেই চলিছ ৰাজ্যৰ চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহ ৷ শিক্ষা সংস্কাৰৰ কথা কোৱা শিক্ষামন্ত্ৰীয়ে গুৰুত্ব দিবনে?
গভীৰ সংকটত কলিয়াবৰৰ তিনিখন বিদ্যালয় - EDUCATION
শিক্ষকৰ অভাৱে অশনি সংকেত কঢ়িয়াইছে কলিয়াবৰৰ তিনিখন উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ । কোনোখনত যদি নাই বিষয় শিক্ষক, আনখনত কোনোখনত বে'ল বজাবলৈও নাই স্থায়ী চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী ৷
কলিয়াবৰ,16মে': চৰকাৰী অদূৰদৰ্শিতাৰ বাবেই এসময়ৰ উন্নত ফলাফলৰে ৰাইজৰ দৃষ্টি আকৰ্শন কৰিবলৈ সক্ষম হোৱা কলিয়াবৰৰ তিনিখন উচ্চতৰ মাধ্যমিক বিদ্যালয় এতিয়া গভীৰ সংকটত ৷ কলিয়াবৰৰ বিজ্ঞান শাখাৰ একমাত্ৰ বিদ্যালয়ত নাই পৰ্যাপ্ত শিক্ষক ৷ কন্যা শিক্ষাৰ প্ৰথম শিক্ষানুষ্ঠান কলিয়াবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়তো নাই বিষয় শিক্ষক ৷ জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বন্ধ হ'ল বাণিজ্য শাখা ৷ চৰকাৰী বিদ্যালয়ত শিক্ষকৰ অভাৱৰ প্ৰতি ভ্ৰূক্ষেপ নকৰাটো অতি পৰিতাপৰ বিষয় বুলি মন্তব্য কৰিছে বিদ্যালয়কেইখনৰ শিক্ষকসকলে ৷ ইপিনে জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী বন্তি বৰুৱাই জনোৱা অনুসৰি শিক্ষকৰ অভাৱতেই অচল হৈ পৰিছে বিদ্যালয়খনৰ বাণিজ্য বিভাগটো ৷ লগতে কলা শাখাটো কেইবাজনো শিক্ষকৰ অভাৱৰ বাবে বিদ্যালয় খনত এতিয়া ছাত্ৰ-ছাত্ৰী সংখ্যা দিনক-দিনে হ্ৰাস পাবলৈ ধৰিছে । অনুৰূপ অৱস্থা ১৯৩৩ চনতে শিলঘাটত বৃটিছে স্থাপন কৰা কলিয়াবৰ হাইস্কুলৰ । উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ নজন শিক্ষকৰ ঠাইত পাঁচজন শিক্ষকৰেই পাঠদান চলাবলগীয়া হৈছে বিদ্যালয়খনত । এতিয়া এনেদৰেই চলিছ ৰাজ্যৰ চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহ ৷ শিক্ষা সংস্কাৰৰ কথা কোৱা শিক্ষামন্ত্ৰীয়ে গুৰুত্ব দিবনে?
চৰকাৰী বিদ্যালয়ৰ ফলাফলৰ নিম্নগমন আৰু ছাত্ৰ-ছাত্ৰীৰ তাকৰীয়া সংখ্যা লৈ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ পিচৰ বিতৰ্কৰ কাৰণৰ চৰকাৰৰ হাতত নাই নিৰসনৰ উপায়
শিক্ষকৰ অভাৱে অশনি সঙ্কেত কঢ়িয়াইছে কলিয়াবৰৰ তিনিখন উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ।
অস্বাভাৱিকভাৱে নিম্নগামী ছাত্ৰ-ছাত্ৰীৰ সংখ্যা
কলিয়াবৰ উ: মা:ত যোৱা বছৰৰ ১২জনৰ তুলনাত ৬ জন।
জখলাবন্ধা উ: মা: ত পূৰ্বৰ ৬৫ ছাত্ৰৰ তুলনাত যোৱা বছৰ মুঠেই ২৭ জন।
কলিয়াবৰ বালিকা উ: মা:ত ১২৬ ছাত্ৰীৰ তুলনাত ৭১ গৰাকী।
কলিয়াবৰৰ প্ৰথম আৰু একমাত্ৰ বিজ্ঞান শাখাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নাই পৰ্যাপ্ত শিক্ষক,।
কণ্যা শিক্ষাৰ প্ৰথম শিক্ষানুষ্ঠান কলিয়াবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত নাই বিষয় শিক্ষক, বে'ল বজাবলৈও স্থায়ী চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী নাই।
জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বন্ধ হ'ল বাণিজ্য শাখা। কলা শাখাৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অস্বাভাৱিকভাবে নিম্নগামী।
চৰকাৰী বিদ্যালয়সমূহৰ ফলাফল নিম্নগামী হোৱা কাৰণসমূহ নিৰসনৰ নাই কোনো চৰকাৰী আন্তৰিকতা।
তাৰ পৰিৱৰ্তে দিল্লী পাব্লিক স্কুলৰ দৰে ব্যক্তিগতখণ্ডৰ আভিজাত্য বিদ্যালয় মুকলি কৰা মুখ্যমন্ত্ৰী, শিক্ষা মন্ত্ৰী আৰু ৰাজ্যৰ শিক্ষা বিভাগ ঘোৰ নিদ্ৰাত।
শিক্ষাৰ অধিকাৰ আইনৰ দোহাই দি শিক্ষকৰ ওপৰত হাৰাশাস্তি কৰা চৰকাৰখনে শিক্ষাৰ্থী অধিকাৰ হৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।Body:কলিয়াবৰত তিনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত খালী শিক্ষক পদৰ বিপৰীতে কেইবাবছৰ ধৰি এজনো শিক্ষকৰ মকৰল হোৱা নাই। ফলত ছাত্ৰী-ছাত্ৰীয়ে শ্ৰেণীত শিক্ষক অবিহনেই পাৰ কৰিছে ছাত্ৰ জীৱনৰ অমূল্য সময়। কলিয়াবৰৰ চৰকাৰী খণ্ডৰ তিনিখন অগ্ৰণী উচ্চতৰ বিদ্যালয়ত পৰ্য্যাপ্ত শিক্ষকৰ অভাৱে বিদ্যালয়কেইখনলৈ অশনি সঙ্কেত কঢ়িয়াই আনিছে। শিক্ষকৰ খালী হোৱা পদসমূহৰ পূৰণৰ ক্ষেত্ৰত চৰকাৰৰ অনিহাই অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি থকা চৰম দায়িত্বহীনতাৰ পৰিচয় দিছে। যিটো সময়ত ৰাজ্যৰ শিক্ষা বিভাগে গুজৰাটৰ আৰ্হিত ব্যক্তিগত খণ্ডৰ বিদ্যালয় নিয়ন্ত্ৰণৰ বাবে আইন প্ৰস্তুতৰ যো-জা চলাইছে, সেই একে সময়তে ৰাজ্যৰ বিভিন্ন চৰকাৰী বিদ্যালয়ত শিক্ষকৰ অভাৱৰ প্ৰতি ভ্ৰূক্ষেপ নকৰাটো অতি পৰিতাপৰ বিষয় বুলি বিদ্যালয় কেইখনৰ শিক্ষক-অভিভাৱকে মন্তব্য কৰিছে।
অধ্যক্ষ মহেন্দ্ৰ কাকতিয়ে আমাক এনেদৰে কয় –
কলিয়াবৰৰ প্ৰথমখন উচ্চ মাধ্যমিক বালিকা বিদ্যালয় বৰ্তমানৰ কলিয়াবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় উচ্চ মাধ্যমিক কলা শাখাৰ মুঠ নটা পদৰ বিপৰীতে ছটা পদেই খালী আছে। অসমীয়া, ভূগোল আৰু শিক্ষা বিষয়ৰ বাহিৰে বাকী বিষয়ৰ এজনো শিক্ষক নাই। বুৰঞ্জী বিষয় শিক্ষক মহেন্দ্ৰ কাকতি বিদ্যলয়খনৰে স্থায়ী অধ্যক্ষ নিযুক্তি পোৱাত বুৰঞ্জী বিষয়ৰ পদটিও খালী হৈ পৰিল। ৰাজনীতি বিজ্ঞান বিষয়ৰ শিক্ষক নাই। বিদ্যালয়খনত নৈশ চকীদাৰ নথকাৰ সুযোগতে ২৪ টা কম্পিউটাৰ সহ অনান্য সামগ্ৰী কেইবাবাৰো চোৰ কৰি নিয়াৰ পিচতো বিভাগীয় কোনো ব্যৱস্থা আজিলৈকে গ্ৰহণ কৰা দেখা নগ'ল। বিদ্যালয়খনত এতিয়া বে'ল বজাবলৈও স্থায়ী চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ অভাৱ। দুজন অস্থায়ী চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰে বিদ্যালয়ৰ যাৱতীয় কাম-কাজ চলাই আছে। এই বিদ্যালয়খনতে উচ্চ আৰু উচ্চতৰ পৰীক্ষা কেন্দ্ৰ থকাৰ ফলত বিদ্যালয়ৰ দুমাহৰো অধিক কাল পাঠদান নোহোৱাৰ ফলত ছাত্ৰীসকল সমস্যাৰ সন্মুখীন হৈ আহিছে। বিশেষকৈ দশম শ্ৰেণীৰ ছাত্ৰীসকল পাঠ্যক্ৰমৰ পাঠ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত শিক্ষকসকল যথেষ্ট আহুকালৰ সন্মুখীন হয়। তৎস্বত্বেও অসমৰ অনেক চৰকাৰী বিদ্যালয়তকৈ যথেষ্ট উন্নত এই বালিকা বিদ্যালয়খনৰ দুয়ো চুড়ান্ত পৰীক্ষা ফলাফল। বিশেষকৈ উচ্চতৰ মাধ্যমিক শাখাৰ ফলাফল অধিক উন্নত।
বিদ্যালয়ৰ জ্যেষ্ঠা শিক্ষয়িত্ৰী বন্তি বৰুৱাই জনোৱা মতে –
অনুৰূপ অৱস্থা জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চতৰ শাখাৰ। শিক্ষকৰ অভাৱত বাণিজ্য বিভাগটো অচল। শাখাটোৰ কৰ্মৰত একমাত্ৰ বিষয় শিক্ষকজন যোৱা বছৰৰ জুন মাহত অৱসৰ লোৱাৰ পিচত বাণিজ্য শাখাটো শিক্ষকৰ অভাৱত একপ্ৰকাৰ বন্ধ। কলা শাখাৰ ইংৰাজী বিষয়ৰ দুজন, শিক্ষা আৰু অৰ্থনীতিৰ বিষয় এজনকৈ বিষয় শিক্ষকৰ অভাৱে বিদ্যালয়ৰ উচ্চতৰ শাখাৰ পাঠদান জটিল হৈ পৰিছে। পূৰ্বৰ একমাত্ৰ ইংৰাজী বিষয় শিক্ষক চুড়ামণি বৰঠাকুৰক স্থায়ী অধ্যক্ষ নিযুক্তি দিয়াৰ পিচত ইংৰাজী পাঠদান সম্ভৱ হোৱা নাই। নাই স্থায়ী উপাধ্যক্ষ। যাৰ ফলত ছাত্ৰ-ছাত্ৰী সংখ্যা দিনক-দিনে হ্ৰাস পাই আহিছে।
বিদ্যালয়ৰ অধ্যক্ষ ভূপেন শৰ্মা আমাক জানিবলৈ দিয়া মতে –
১৯৩৩ চনতে শিলঘাটত বৃটিছে স্থাপন কৰা কলিয়াবৰ হাইস্কুল। পৰৱৰ্তী কালত ১৯৭৯ চনত উচ্চতৰ বিজ্ঞান শাখা আৰম্ভ হোৱা কলিয়াবৰ মহকুমাৰ অন্যতম শিক্ষা প্ৰতিষ্ঠান কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰো তদ্ৰুপ অৱস্থা। উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ নজন শিক্ষকৰ ঠাইত পাঁচজন শিক্ষকৰেই পাঠদান চলাই নিবলগীয়া হৈছে। ইংৰাজী, অসমীয়া, উদ্ভিদ বিজ্ঞান, ভূগোলৰ পদ বৰ্তমান খালী। পূৰ্বৰ ভূগোল বিষয়ৰ বিষয় শিক্ষক ভূপেন শৰ্মাৰ অধ্যক্ষ পদলৈ পদোন্নিত হোৱাত প্ৰশাসনীয় কাৰ্য্যৰ হেঁচা এই বিষয়ৰ পাঠদান অব্যাহত ৰখাত আহুকালত পৰিছে। মাধ্যমিক শাখাত হিন্দী শিক্ষকসহ দহজন সহকাৰী শিক্ষক পদ খালী হৈ আছে। অহা জুন মাহত সংস্কৃত বিষয় শিক্ষক গৰাকীয়েও অৱসৰ লব। আনহাতে গণিতৰ বিষয় শিক্ষক গৰাকীও অহা আগষ্ট মাহত অৱসৰ ল'ব। লগতে বিজ্ঞান শাখাৰ প্ৰদৰ্শকৰ তিনিটা পদ খালী হৈ আছে। বিদ্যালয় খনৰ আঠজন সহযোগী শিক্ষকৰ পদ খালী হৈ থকাত ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ পাঠদানো চুড়ান্তভাৱে অনিয়মীয়া হৈ আছে। বৰ্তমানে এজনো কাৰ্য্যালয় সহায়ক নথকা বিদ্যালয়খনত দুজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু নৈশ চকীদাৰ নাই। এনে অভাৱৰ ফলত বিদ্যালয়ৰ পাঠদিনৰ লগতে দৈনিক প্ৰশাসনিক কাম-কাজ পৰিচালনা অসম্ভৱপ্ৰায় হৈ উঠিছে। পূৰ্বৰ প্ৰায় ৮০০ ছাত্ৰ-ছাত্ৰী থকা ঐতিহাসিক বিদ্যালয়খনত এতিয়া ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৩৬০ জন। এনে অভাৱ স্বত্বেও শিক্ষকসকলৰ ঐকান্তিক প্ৰচেষ্টাত যোৱা বছৰ উচ্চতৰ শাখাত ১২ জন ছাত্ৰী-ছাত্ৰীৰ আটাইকেইজন উত্তীৰ্ণ হৈছিল। কিন্তু এইবাৰ মাত্ৰ ছগৰকী ছাত্ৰ-ছাত্ৰীহে উচ্চতৰ শাখাৰ চুড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে। ৪২ জন শিক্ষকৰ পৰিৱৰ্তে ২০ জন শিক্ষক থকা বিদ্যালয়খনত যোৱা উচ্চ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ৮১% ফলাফল লাভ কৰিবলৈ সক্ষম হৈছিল।
এনেবোৰ চৰকাৰী হেমাহিৰ বাবে চৰকাৰী বিদ্যালয়সমূহৰ ফলাফল নিম্নগামী হৈছে যদিও, ইয়াৰ বাবে বিদ্যাযলয়সমূহৰ শিক্ষকসকলকে দোষী সাব্যস্ত কৰা হয়। ইয়াতে ক্ষান্ত নাথাকি ৰাজহুৱাভাৱে শিক্ষকক অপমান কৰি দায় সৰা চৰকাৰখনে শিক্ষাৰ গুণগত মান উন্নয়নৰ বাবে যিমানেই ঢাক-ঢোল নবজাওক অসমৰ বিভিন্ন জিলাৰ বিদ্যালয়সমূহৰ খালী হৈ থকা শিক্ষক তথা কৰ্মচাৰীৰ পদসমূহ অনতি পলমে পূৰণ নকৰিলে চৰকাৰী বিদ্যালয়ৰ ফলাফল কোনো কালে উন্নত হোৱাৰ সম্ভাৱনা নাই। কেৱল চমক সৃষ্টিৰে বিভাগটো চলোৱাৰ যি ভেকোঁ-ভাওনা কৰা পূৰ্বৰ শিক্ষা মন্ত্ৰী গৰাকীৰ পিচত বৰ্তমানৰ মন্ত্ৰীগৰাকীয়ে চৰকাৰী বিদ্যালয়ৰ সমস্যাসমূহ হৃদয়ঙ্গম কৰিলেহে এনে সমস্যা দুৰ হ'ব বুলি শিক্ষকসমাজে মত পোষণ কৰিছে। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ বিৰুদ্ধে যিমানেই অভিযোগ নাথাকক নাতি-দীৰ্ঘ ছুটি লোৱা শিক্ষকৰ বিপৰীতেও অংশকালীন শিক্ষক নিযুক্তি দি পাঠ দান কাৰ্য্য চলাই নিয়াৰ যি অনুকৰণীয় প্ৰচেষ্টা দেখুৱাই, সেই পদক্ষেপৰ পৰা চৰকাৰে শিক্ষা লৈ চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ মান উন্নত কৰাত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আহি পৰিছে বুলি সচতন অভিভাৱকসকলে শিক্ষা মন্ত্ৰীৰ দৃষ্টি গোচৰ কৰাইছিল যদিও আজিলৈ ইয়াৰ ফল নধৰিল।
অৱশ্যে কুঠৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চতৰ শাখাত আটাইকেইগৰাকী বিষয় শিক্ষকে বৰ্তমান পাঠদান কৰি আছে। মাধ্যমিক শাখাত ৫ শিক্ষক পদ খালী আছে যদিও আন তিনিখন বিদ্যালয়তকৈ অৱস্থা বহু উন্নত।Conclusion:visuals
bites
Silghat2/3 : Bhupen Sharmah, Principal, Kaliabor HS School, Silghat,
Jakhalabandha2/3 : Bonti Borah, Senior Teacher, Jakhalabandha HS School
KlbrGirls'2/2 : Principal, Kaliabor girls' HS school.