নগাঁও, 4 জুলাইঃ অসমৰ কৃষিভূমিত কোনো ধৰণৰ নিৰ্দেশ নোলোৱাকৈ বণিক গোষ্ঠীয়ে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ গঢ়ি তুলিব পাৰিব বুলি ৰাজ্য চৰকাৰে কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে শুকুৰবাৰে নগাঁও কামপুৰত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু বীৰ লাচিত সেনাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে কোনোপধ্যেই এই অধ্যাদেশখন মানি নোলোৱাৰ হুংকাৰ দি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰতিকৃতি দাহ কৰে ৷
কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু বীৰ লাচিত সেনাৰ জিলা সমিতিৰ নেতৃবৃন্দই এই অধ্যাদেশৰ জৰিয়তে চৰকাৰে অসমত খিলঞ্জীয়া ভূমি অধিকাৰ খৰ্ব কৰি বহিৰাগত লোকক ভূমি প্ৰদানেৰে পুঁজিপতি শ্ৰেণীক অধিক ধনী কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ তোলে ৷ সংগঠন দুটাই চৰকাৰ এই ষড়যন্ত্ৰ কোনোপধ্যেই মানি নোলোৱাৰ হুংকাৰ দি শীঘ্ৰে এই অধ্যাদেশখন বাতিল কৰাৰ দাবী জনায় ৷ অন্যথা ইয়াৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৷
![krishak mukti and lachit sena protest](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7884251_618_7884251_1593835145634.png)
লগতে পঢ়ক : শিলচৰত প্ৰতিবাদকাৰীক বাধা আৰক্ষীৰ