নগাঁও, 2 ডিচেম্বৰ : দেশৰ ৰাজধানীত চলি থকা কৃষক বিদ্ৰোহক সমৰ্থন জনাই নগাঁৱতো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে নগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে । বুধবাৰে নগাঁও জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সমীপত অনশন ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে । প্ৰতিবাদী কাৰ্যসূচীত কেন্দ্ৰীয় মোদী চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে সংগঠনটোৰ কেইবাজনো নেতা ।
![kmss protest](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ngn-03-2dec-kmss-protest-visbite-7203829_02122020154537_0212f_01554_582.jpg)
কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হিটলাৰ, প্ৰতাৰক আখ্যা দিয়ে নগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক জিতেন বৰাই । এই প্ৰতিবাদলৈ সমৰ্থন আগবঢ়াই নিখিল ভাৰত কৃষক সভা আৰু কৃষক মহাসভাই ৷ কৃষক নেতা অখিল গগৈক মুক্তি দিয়াৰো দাবী তোলে প্ৰতিবাদকাৰী সকলে ৷ উল্লেখ্য যে, যোৱা 26 নৱেম্বৰৰ পৰা দেশত চলি আছে কৃষকৰ বিদ্ৰোহ ৷ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে কৃষকৰ সৈতে মিলিত হৈ কথোপকথন চলোৱাৰ আশ্বাস প্ৰদান কৰিছে ৷
![kmss protest](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9739832_j.jpg)
লগতে পঢ়ক : ফিল'বাৰীত ৰাস মহোৎসৱত মঞ্চস্থ কংস বধ নাট