ETV Bharat / state

CAB বাতিলৰ দাবীত কৃষক মুক্তিয়ে কঁপালে বটদ্ৰৱা

author img

By

Published : Oct 14, 2019, 3:56 AM IST

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত উত্তাল বটদ্ৰৱা ৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৷

CAB বাতিলৰ দাবীত কৃষক মুক্তিয়ে কঁপালে বটদ্ৰৱা

নগাওঁ, 13 অক্টোবৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত উত্তাল বটদ্ৰৱা ৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৷ বটদ্ৰৱাত কৃষক মুক্তিয়ে এক সজাগতামুলক সভা অনুষ্ঠিত কৰি জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ ৷ দেওবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বটদ্ৰৱা আঞ্চলিক সমিতিৰ উদ্যোগত বাটমাৰী জ্ঞানদীপ জাতীয় বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হোৱা সভাত কৃষক মুক্তিৰ ৰাজ্যিক সভাপতি ৰাজু বৰাৰ লগতে ৰাজ্যিক সাংগঠনিক সম্পাদক নগাঁও জিলা সমিতিৰ সভাপতিৰ লগতে বটদ্ৰৱা আঞ্চলিক সমিতিৰ বিষয়ববীয়াৰ লগতে শতাধিক লোক উপস্থিত থাকে ৷ সজাগতামুলক সভাখনত মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু চৰকাৰক তীব্ৰ সমালোচনা কৰে সংগঠনটোৱে ৷

Intro:নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বটদ্ৰৱাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ আৰু সজাগতা সভা ।"বিজেপি - আৰ এছ এছ য়ে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি হিন্দু - মুছলমানৰ মাজত ভাগ -ভাগ কৰিবলৈ বিচাৰিছে" ।Body:বটদ্ৰৱাত কৃষক মুক্তি সংগ্রাম সমিতিৰ উত্তাল প্ৰতিবাদ । জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত চৰকাৰ বিৰোধী শ্লগানেৰে উত্তাল কৰি তোলে পৰিবেশ । "জাতীয় নায়কৰ সাজ পিন্ধি জাতি- মাটি -ভেটিৰ কথা কোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ ক্ষেত্ৰত নিমাতী কইনাৰ ভূমিকা গ্ৰহণ কৰিছে। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ বিৰুদ্ধে সৰ্বানন্দ সোনোৱালে যদিহে মাত নামাতে, বা ৰাইজৰ পক্ষত থিয় নিদিয়ে তেন্তে অসমীয়া জাতিয়ে এসময়ত জাতিৰ নায়ক হিচাপে স্বীকৃতি দিয়া সৰ্বানন্দ সোনোৱালক খেদি - খেদি ইয়াৰ প্ৰত্যুত্তৰ দিব" --- এই মন্তব্য কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজ্যিক সভাপতি ৰাজু বৰাৰ। দেওবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বটদ্ৰৱা আঞ্চলিক সমিতিৰ উদ্যোগত বাটমাৰী জ্ঞানদীপ জাতীয় বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হোৱা নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত অনুষ্ঠিত এখন সজাগতা সভাৰ লগতে প্ৰতিবাদী কাৰ্যসূচীত এনেদৰে কয় সংগঠনৰ নেতা গৰাকীয়ে লগতে কয় "বিজেপি, আৰ এছ এছ য়ে নাগৰিকত্ব সংংশোধনী বিধেয়ক গৃহীত কৰি হিন্দু - মুছলমানৰ মাজত ভাগ - ভাগ কৰি অসমীয়া জাতি, ভাষা, সংস্কৃতি নি:শেষ কৰিবলৈ বিচাৰিছে। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কেতিয়াও নাগৰিকত্ব সংশোধনী বিধেয়ক মানি নলয়। হিন্দুৱে হওঁক বা মুচলমানেই হওঁক সকলোৱে মিলি অসমীয়া হিচাপে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত তীব্ৰ সংগ্ৰাম গঢ়ি তুলিব লাগিব"। সজাগতা সভাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক, নগাঁও জিলা সমিতিৰ সভাপতিৰ লগতে বটদ্ৰৱা আঞ্চলিক সমিতিৰ বিষয় ববীয়াৰ লগতে শতাধিক লোক উপস্থিত থাকে ।_______________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.