ETV Bharat / state

কাৰ্বি পাহাৰৰ কৃষকৰ বন্ধু ক্লং ক্লং আপুনি চিনি পাই নে ? - পাহাৰৰ খেতি ৰখীয়া

কাৰ্বি পাহাৰৰ খেতিয়কসকলক আশাৰ বতৰা দিয়ে ক্লং ক্লঙে (Klong Klong Friend of hill Farmers) ৷ ক্লং ক্লং নহ’লে কাৰ্বি পাহাৰৰ খেতিয়কে নকৰে কৃষি কৰ্ম ৷ পিছে কি এই ক্লং ক্লং ? সবিশেষ এই প্ৰতিবেদনত...

Klong Klong Friend of hill Farmers
কাৰ্বি পাহাৰৰ কৃষকৰ বন্ধু ক্লং ক্লং
author img

By

Published : Sep 28, 2022, 7:43 PM IST

কলিয়াবৰ, 28 ছেপ্টেম্বৰ : বতাহত ভাঁহি অহা এটা শব্দ ৷ ক্লং ক্লং ক্লং (Sounds of Klong Klong) ৷ এই শব্দই কাৰ্বি পাহাৰৰ খেতিয়কসকলক দি যায় আশাৰ বতৰা ৷ এই সঁজুলিবিধ পাহাৰৰ খেতি ৰখীয়া কামত ব্যৱহৃত কৰা হয় ৷ কিয়নো বিভিন্ন প্ৰজাতিৰ চৰাই, গাহৰি, পহু আদিয়ে পৰাহাৰীয়া কাৰ্বি ভূমিৰ খেতি নষ্ট কৰে ৷

সেয়ে এই বিশেষ সঁজুলিবিধ ব্যৱহাৰ কৰি খেতিয়কসকলে বন্য পশু-পক্ষীৰ পৰা সুৰক্ষিত কৰে নিজৰ খেতিডৰাক । এক বিশেষ ধৰেণেৰে নিৰ্মাণ কৰা হয় এই সঁজুলি বিধ ৷ ডাঁৰবাৰীৰ দৰে এডাল ওখ বাঁহত মৰাপাটৰ ৰছীৰে বন্ধা হয় এখন ধনু ৷ ধনুখনত সংযোগ কৰা হয় বাঁহৰ চুঙা ।

ধনুখনৰ ৰছীৰ গুণাডালৰ লগত সংযোগ কৰা হয় আন এটুকুৰা বাঁহ । যেতিয়া বা বলে, তেতিয়া সেই দুইটুকুৰা বাঁহৰ ঘৰ্ষণ হয় ৷ ফলত ক্লং ক্লং ক্লং ধ্বনি উচ্চাৰিত হয় ৷ সেই শব্দৰ বাবেই বন্য পশু-পক্ষীয়ে পাহাৰীয়া খেতিডৰালৈ আহিবলৈ ভয় কৰে ৷

কাৰ্বি পাহাৰৰ কৃষকৰ বন্ধু ক্লং ক্লং

ক্লং ক্লং ধ্বনি উচ্চাৰিত ধনুখন বতাহত সঠিকভাৱে লৰিবলৈ ধনুখনৰ লগত বাঁহৰ এটা টুকুৰা অতি যতনেৰে ৰছীৰ সহায়ত ওলমাই দিয়া হয় ৷ যাক কোৱা ফেলাং । বতাহৰ গতি যিমানেই বেছি হয়, সিমানেই বাঁহৰ টুকুৰা কেইটাৰ শব্দ বাঢ়ি যায় ৷ পুৰণি হ’লেও পাহাৰীয়া ভূমিত আজিও ব্যৱহাৰ কৰা হয় এই পদ্ধতি (Klong Klong Friend of hill Farmers) ৷

বিশেষকৈ চ’ছেং ধেণ্টা পৰিষদীয় সমষ্টিৰ ৰুথে পাহাৰৰ চূড়াত পাহাৰীয়া খেতিয়কে এই ক্লং ক্লং লগাই খেতি কৰা যায় ৷ পূৰ্বতে এই অঞ্চলত বহু খেতি নষ্ট কৰিছিল বন্য পশু-পক্ষীয়ে ৷ কিন্তু যেতিয়াৰে পৰা এই সঁজুলি ব্যৱহাৰ কৰিবলৈ ল’লে তেতিয়াৰে পৰা বন্য পশু-পক্ষীয়ে নষ্ট কৰিব নোৱাৰা হ’ল পাহাৰীয়া কৃষকে কৰা আপোন খেতিডৰা ৷ যাৰ ফলত পাহাৰীয়া কৃষকৰ মুখত দেখা গৈছে এক সস্তুষ্টিৰ হাঁহি ৷

চ’ছেং ধেণ্টা পৰিষদীয় সমষ্টিৰ ৰুথে পাহাৰৰ চূড়াত গোবিন ৰংফাৰ গাঁৱৰ জয়সিং নামৰ খেতিয়কগৰাকীয়ে নিৰ্মাণ কৰা ক্লং ক্লং সঁচাই অতি প্ৰশংসনীয় ৷ কেৱল পাহাৰীয়া নহয়, ভৈয়ামৰ খেতিয়কেও এই থলুৱা প্ৰযুক্তিৰে সহজে নিৰ্মাণ কৰিব পৰা সঁজুলিবিধ ব্যৱহাৰ কৰি বন্য জীৱ-জন্তুৰ পৰা ৰক্ষা কৰিব পাৰে আপোন খেতিডৰাক ৷

লগতে পঢ়ক : জীৱৰ মমতা : নদীৰ বুকুৰ পৰা কণমানি হাতী পোৱালিক উদ্ধাৰ কৰিলে মাতৃয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.